ETV Bharat / state

ৰেট হোল মাইনিং এৰি লিডু-মাৰ্ঘেৰিটাৰ পৰা দলে দলে পলাইছে শ্ৰমিক

অবৈধ কয়লাখনি ছীল । অবৈধ কয়লাখনিত কৰ্মৰত তিনি শ্ৰমিকক আটক ।

Drive against Rat Hole Mining in Margherita
অবৈধ কয়লাখনিৰ পৰা শ্ৰমিকৰ পলায়ন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 22, 2025 at 11:35 AM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া : উমৰাংছ'ত অবৈধ কয়লাখনিত সংঘটিত শ্ৰমিকৰ মৃত্যৰ ঘটনাৰ পাছতেই প্ৰশাসনে মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত নামদাংস্থিত বিটু পাহাৰত বৃহৎ অভিযান চলাই ইতিমধ্যে ১৩ টাকৈ ৰেট হোল মাইনিং বন্ধ কৰে ।

লগতে ৪ জন শ্ৰমিকক আটক কৰাৰ উপৰি এখন এক্সকেভেটৰ জব্দ কৰে । ইয়াৰ পাছতেই মাৰ্ঘেৰিটা-লিডুৰ পৰা দলে দলে পলায়ন কৰিছে অবৈধ কয়লাখনিত কাম কৰি থকা শ্ৰমিকে । এতিয়া অবৈধ কয়লাখনিত কাম কৰা শ্ৰমিকৰূপী লোকৰ বাবে বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে লিডু ৰে'লৱে ষ্টেচনত । টিকটৰ বাবে দীঘলীয়া শাৰী ।

ৰেট হোল মাইনিং এৰি মাৰ্ঘেৰিটাৰ পৰা দলে দলে পলাইছে শ্ৰমিক (ETV Bharat Assam)

উল্লেখ্য যে অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে X যোগে মাৰ্ঘেৰিটা, লিডু, লেখাপানীত চলা ৰেট হোল মাইনিং পৰৱৰ্তী সাতদিনৰ ভিতৰত বন্ধ কৰাৰ কঠোৰ নিৰ্দেশ দিয়াৰ পিছতে হাহাকাৰ লাগিছে ইয়াৰ সৈতে জড়িত থকা লোকসকলৰ । উমৰাংছ'ৰ ঘটনাৰ পিছতে খোদ আৰক্ষী সঞ্চালক প্ৰধানগৰাকী মাৰ্ঘেৰিটা, লিডু, লেখাপানীলৈ আহি সমগ্ৰ পৰিস্থিতিৰ বুজ লৈ মাৰ্ঘেৰিটাৰ বিতৰ্কিত চোৰাং কয়লাৰ লগতে ৰেটহোল মাইনিং বন্ধ কৰাৰ নিৰ্দেশ দিয়ে ।

Drive against Rat Hole Mining in Margherita
লিডু ৰে'লৱে ষ্টেচনত টিকটৰ বাবে দীঘলীয়া শাৰী শ্ৰমিকৰ (ETV Bharat Assam)

ইয়াৰ পিছতে মাৰ্ঘেৰিটাত একপ্ৰকাৰ হাহাকাৰ লাগিছে । যিয়ে যেনেকৈ পাৰে গোৱালপাৰা, ধুবুৰী, নগাঁও, মৰিগাঁও, হাইলাকান্দি আদি জিলাৰ প্ৰায় দুই সহস্ৰাধিক শ্ৰমিকে লিডুৰ পৰা গুৱাহাটী অভিমূখী ইণ্টাৰচিটী ট্ৰেইনত ৰাওনা হৈছে । আনহাতে, মঙলবাৰে তিনিচুকীয়া জিলা প্ৰশাসনৰ নিৰ্দেশত মাৰ্ঘেৰিটাৰ ভিন্ন স্থানত ৪ টা গোটে চলাই অভিযান । লিডুৰ বিভিন্ন স্থানত অব্যাহত থকা অবৈধ কয়লাখনি (ৰেট হোল মাইনিং) ৰ বিৰুদ্ধে প্ৰশাসনে অভিযান তীব্ৰতৰ কৰি তুলিছে ।

অবৈধ কয়লাখনি ছীল:

নামদাংস্থিত অবৈধ কয়লাখনিৰ লগতে লিডু আৰু টিৰাপত চলিয়ে আছে আৰক্ষীৰ অভিযান । মাৰ্ঘেৰিটা আৰক্ষীৰ প্ৰশাসন, সমজিলা প্ৰশাসন আৰু উত্তৰ-পূব কয়লাক্ষেত্ৰই মাৰ্ঘেৰিটাৰ নামদাংস্থিত অবৈধ ৰেট হোল মাইনিঙৰ উপৰি লিডু, টিৰাপ, টিকক আদি কেইবাটাও স্থানত অবৈধ কয়লাখনি (ৰেট হোল মাইনিং)ৰ বিৰুদ্ধে অভিযান চলায় । এই অভিযানত কেইবাটাও অবৈধ কয়লাখনি প্ৰশাসনে ছীল কৰে ।

Drive against Rat Hole Mining in Margherita
কেনেকৈ চলে ৰেট হোল মাইনিং ! চাবলৈ আহিছে প্ৰশাসন (ETV Bharat Assam)

উক্ত অভিযানত উপস্থিত থকা সমজিলা প্ৰশাসনৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয়, “পুৱা ৮.৩০ বজাৰ পৰা মাৰ্ঘেৰিটা আৰক্ষী, ক’ল ইণ্ডিয়া আৰু বিদ্যুৎ বিভাগৰ সহযোগত আমি অবৈধ কয়লাৰ খননৰ বিৰুদ্ধে অভিযান চলালো । অভিযানত ৰেট হোল মাইনিং চলি থকাৰ সময়ত আমি ১৩ টা ৰেট হোল মাইনিং বন্ধ কৰিলো । লগতে গাঁতৰ ভিতৰত কাম কৰি থকা তিনিজন শ্ৰমিকক উলিয়াই অনাত আৰক্ষীয়ে তেওঁলোকক আটক কৰি সোধাপোচা অব্যাহত ৰাখিছে ।"

ক'ল ইণ্ডিয়াৰ কাৰ্যালয়ত জেনেৰেটৰ সংযোগ :

তেওঁ পুনৰ কয়, "সমান্তৰালভাৱে যিখিনি বিদ্যুৎ যোগান লৈ কাম কৰি আছিল সকলো সংযোগ বিছিন্ন কৰি দিয়া হৈছে । লগতে বিভিন্ন সা-সামগ্ৰী জব্দ কৰা হৈছে । উক্ত স্থানত থকা ক’ল ইণ্ডিয়াৰ এটা পুৰণা কাৰ্যালয়ত এগৰাকী কৰ্মচাৰীয়ে এটা জেনেৰেটৰ স্থাপন কৰি এই কাম কৰি আছিল । এতিয়া সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে ।” ইফালে, শেহতীয়াকৈ অবৈধ কয়লাক্ষেত্ৰত চলা অভিযানে চোৰাং কয়লা মাফিয়াৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে । লগতে অবৈধ ৰেট হোল মাইনিং কৰা কয়লা মাফিয়াই বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ।

লগতে পঢ়ক:অভিশপ্ত কলামাটিৰ ৰেট হল কয়লাখনিৰ যন্ত্ৰপাতি জব্দ, ১১ জনক গ্ৰেপ্তাৰ - ILLEGAL COAL MINE

কয়লা কেলেংকাৰী: ৰাজ্যপাল আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ অসম জাতীয় পৰিষদৰ - AJP ON COAL SCAM