ETV Bharat / state

বন্যহস্তীলৈ কলগছ, শৰাই-নৈবদ্য

গোলাঘাটত হাতী-মানুহৰ সংঘাতৰ বিপৰীতে দেখা গ'ল হাতী মানুহৰ সহাৱস্থান । ক'ৰবাত যদি ভোকাতুৰ হাতীৰ বাবে কলগছ যোগান, আকৌ ক'ৰবাত শৰাই ।

Public provided food to wild elephants in Numaligarh and Golaghat
হাতী মানুহৰ সহাৱস্থান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 22, 2025 at 8:25 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট: গোলাঘাট জিলাত হাতী-মানুহৰ সংঘাতৰ বাতৰিয়ে সংবাদ মাধ্যমত শিৰোনাম দখল কৰি অহাৰ সময়তে দেখা গ'ল এক বিপৰীত দৃশ্য । গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ফুলনিগাঁৱত দেখা গৈছে অনন্য নিদৰ্শন । অঞ্চলটোত নিশা গাঁৱলৈ খাদ্য সন্ধানত যোৱা পোৱালিসহ ভোকাতুৰ হাতীৰজাকটোক যোগান ধৰিলে কলগছ ।

অঞ্চলটোৰ মনোজ দত্তৰ নেতৃত্বত এটা যুৱকৰ দলে বিভিন্ন প্ৰান্তৰ পৰা কলগছ সংগ্ৰহ কৰি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত হাতীক যোগান ধৰে । তাৰ পাছতে হাতীৰ জাকটোয়ে আপোন মনেৰে গ্ৰহণ কৰিছে যোগান ধৰা কলগছ । হাতী জাকে খাদ্য গ্ৰহণ কৰা সুন্দৰ দৃশ্য ঘাইপথেৰে অহা যোৱা পথছাৰীয়ে ৰ' লাগি চাইছে ।

হাতী মানুহৰ সহাৱস্থান (ETV Bharat Assam)

এই হাতী জাকৰ মাজেৰে এজনী মাইকী হাতীৰ বুকুত আঘাতৰ চিহ্ন স্পষ্ট ৰূপত দেখা পোৱা গৈছে । হয়তো কোন মানৱৰূপী দানৱে শেল মাৰি আঘাতপ্ৰাপ্ত কৰিছে এই মাইকী হাতীজনী । আঘাতপ্ৰাপ্ত হাতীজনীৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনায় ।

হাতীৰ জাকটোক কলগছ যোগান ধৰি অঞ্চলটোৰ যুৱক মনোজ দত্তই, "এক সপ্তাহৰ পৰা এটা ছয় জনীয়া হাতীৰ জাকে এই অঞ্চলত বিচৰণ কৰি আছে । তাৰে তিনিটা পোৱালি আছে আৰু হাতী কেইটা ভোকত ৰাতিপুৱা খুব চিয়ৰি থাকে । যাৰ বাবে আমি অতিষ্ঠ হৈ মোৰ বন্ধু দুজনৰ সহযোগত বিভিন্ন ঠাইৰ পৰা কলগছ সংগ্ৰহ কৰি হাতীৰ জাকটোক খাবলৈ দিলোঁ ।

লগতে তেওঁ কয়,"হাতীৰ জাকটোয়ে খাবলৈ পানী নাই ইয়াত । এই অঞ্চলটোত প্ৰায় এই হাতীৰ জাকটো থাকে । যাৰ বাবে ভোকত থকা দেখি আমি কলগছ সংগ্ৰহ কৰি বাগিচাৰ ভিতৰত খাবলৈ দিম বুলি ভাবিছিলোঁ । কিন্তু পথৰ কাষত মাতি দিয়াৰ লগে লগে ওলাই আহি খাদ্য খাৱলৈ আৰম্ভ কৰে । সাধাৰণতে বনৰীয়া হাতী বহু দুৰৰ পৰা খেদি আহে যদিও ভোকত থকাৰ বাবে আমাৰ সন্মুখতে খাদ্য খাই আছে । ইয়াৰ উপৰিও এই জাকটোৰ গাখীৰ খাই থকা পোৱালিৰ মাকৰ পেটত ঘাঁ লাগি থকা দেখা পাইছোঁ । পুৱাৰ ভাগত এজোপা গছত গা ঘহাই আছিল সম্ভৱত পোক লাগিছে যাৰ বাবে বন বিভাগৰ লোকে এই ক্ষেত্ৰত পৰ্যবেক্ষণ কৰিলে ভাল হয় ।"

ইফালে নুমলীগড়ৰ সমীপৱৰ্তী সেউজপুৰত দেখা গ'ল আন এক দৃশ্য । বন্যহস্তীৰ বাবে গাঁওবাসীয়ে মুকলি ঠাইত ধূপ, নৈবেদ্য লগতে এখন শৰাই আগবঢ়াই সেৱা লোৱাৰ লগতে বন্যহস্তীৰ বাবে খোৱাৰ বাবে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী যোগান ধৰে । দীৰ্ঘদিন ধৰি বৃহৎ অঞ্চলত বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত বিচৰণ কৰি থাকে । কেতিয়াবা ৰাইজৰ বাৰী, ঘৰো ক্ষতি কৰে হাতীয়ে ।

কিন্তু কোনোদিনেই ৰাইজে হাতীক শত্ৰু জ্ঞান নকৰি বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে । গাঁৱৰ ৰাইজে প্ৰায়ে হাতীৰ জাকক খাদ্য যোগান দিয়ে । যাৰ ফলত দিনে, নিশাই বিচৰণ কৰা হাতীৰ জাকেও ৰাইজক বিশেষ ক্ষতি নকৰে । ‌‌বৰ্তমানেও কিছুসংখ্যক হাতীয়ে অঞ্চলটোৰ কাষতে আশ্ৰয় লৈ আছে । ৰাইজে আগবঢ়োৱা খাদ্যও আপোন মনে গ্ৰহণ কৰে হাতীৰ জাকে । সঁচাই এনে সম্পৰ্কই এটা সুন্দৰ বাৰ্তা কঢ়িয়াই আনিছে ।

লগতে পঢ়ক: আম্বানীৰ 'বনতাৰা' সাজু হৈছে অৰুণাচলৰ পৰা নিয়া ২০ টা হাতীক আদৰিবলৈ - ELEPHANT TRANSFER

মানুহে খন্দা গাঁতত পৰি গজৰাজৰ বিলৈ - ELEPHANT MENACE ASSAM