ETV Bharat / state

'নাগৰিকত্ব সংশোধনী আইনৰ চিৰদিন বিৰোধিতা কৰিম'; কৃষক নেতা বিদ্যুৎ শইকীয়া

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 12:11 PM IST

Amit Shah on Caa: লোকসভা নিৰ্বাচনৰ পূৰ্বে নাগৰিকত্ব সংশোধনী আইন বলৱৎ হ'ব বুলি গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰাৰ পাচতেই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীক্ষ্ণ সমালোচনা কৃষক নেতাজনৰ ৷ নাগৰিকত্ব সংশোধনী আইনৰ চিৰদিন বিৰোধিতা কৰি যাব বুলি কয় শইকীয়াই ।

kmss leader bidyut saikia reacts to Caa implementation
কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া

গোলাঘাট, 11 ফেব্ৰুৱাৰী: গৃহমন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী আইন লোকসভা নিৰ্বাচনৰ পূৰ্বেই বলৱৎ হ'ব বুলি ঘোষণা কৰাৰ পাছতেই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই । কৃষক নেতা গৰাকীয়ে কয়, " নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমৰ কাৰোবাৰ নাগৰিকত্ব কাঢ়ি লোৱা হ'ব নে নহয় সেইটো মূল কথা নহয়, মূল কথাটো হ’ল হিন্দু-মুছলমান দুয়োবিধ বাংলাদেশীয়েই অসমৰ বাবে ভয়াৱহ । পৰিসংখ্যা বিভাগৰ তথ্য অনুসৰি বাংলাদেশত বৰ্তমান হিন্দু লোকৰ সংখ্যা 1 কোটি 73 লাখ ৷ অসমলৈ পলাই আহিছে 20 লাখ আৰু নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে প্ৰায় 2 কোটি হিন্দু বঙালী লোক অসমলৈ অহাৰ বাট প্ৰশস্ত হ'ব ।"

শইকীয়াই পুনৰ কয়, "নাগৰিকত্ব সংশোধনী আইনত যদিও 2014 চনৰ 24 মাৰ্চৰ সময়সীমা বান্ধি দিয়া হৈছে; কিন্তু যি কোনো মূহুৰ্তত এই সময়সীমা সলনি কৰি দিব পৰা হ'ব । 24 মাৰ্চৰ সময়সীমা সলনি কৰাৰ লগে লগে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানত থকা হিন্দু সম্প্ৰদায়ৰ লোক যেতিয়া তেতিয়াই ভাৰতবৰ্ষত প্ৰৱেশ কৰিব পাৰিব । যাৰ ফলত লাখে লাখে বাংলাদেশী অসমত প্ৰৱেশ কৰি অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিলৈ সংকট কঢ়িয়াই অনাৰ লগতে ভূমি, চাকৰি, চাহ বাগিচাৰ কাম, বনোৱাৰ কাম আদিও অসমীয়াৰ পৰা কাঢ়ি নিব ।"

অসমত বৰ্তমানৰ জনসংখ্যা 3 কোটি 70 লাখ ৷ ইয়াৰ পিচত যদি 2 কোটি হিন্দু লোকৰ বোজা পুনৰ আমাৰ ওপৰত জাপি দিয়ে সেয়া আমি কেতিয়াও মানি নলও বুলি স্পষ্ট কৰি দি শইকীয়াই নাগৰিকত্ব সংশোধনী আইনৰ চিৰদিন বিৰোধিতা কৰি যাব বুলি কয় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীক্ষ্ণ সমালোচনা কৰি শইকীয়াই কয়, "নিজকে বিশ্ব গুৰু বুলি কোৱা কিহৰ বিশ্ব গুৰু আপুনি । সাহস থাকিলে আপুনি বাংলাদেশ, পাকিস্তানক ৰঙা চকু দেখুওৱাই তাত থকা হিন্দু সম্প্ৰদায়ৰ লোকক সুৰক্ষা প্ৰদান কৰিবলৈ ক'ব নোৱাৰে নেকি ?"

লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ'ব নাগৰিকত্ব সংশোধনী আইন: অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.