ETV Bharat / state

খেৰণিৰ হিংসা : বেদখলকাৰীৰ বিৰুদ্ধে জাননী জাৰি, ১০ চৰকাৰী গাঁওবুঢ়াক বৰ্খাস্ত

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 8:43 PM IST

Kheroni Violence
বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদৰ জাননী জাৰি

Kheroni Violence : কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে সৰ্বদলীয় সভাত দিয়া প্ৰতিশ্ৰতি অনুসৰি বিবাদিত ভূমিত বসবাস কৰা সকলক উচ্ছেদৰ জাননী জাৰি কৰিছে ৷ 10 গৰাকী চৰকাৰী গাঁওবুঢ়াক বৰ্খাস্ত কৰে পৰিষদে ৷

ডিফু, ২১ ফেব্ৰুৱাৰী : পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত ভিজিআৰ আৰু পিজিআৰ ভূমিত বসবাসক কেন্দ্ৰ কৰি উত্তাল হৈ পৰা দুয়োখন পাৰ্বত্য জিলালৈ শান্তি ঘূৰি অহাৰ লগে লগে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে সৰ্বদলীয় সভাত দিয়া প্ৰতিশ্ৰতি অনুসৰি বিবাদিত ভূমিত বসবাস কৰা সকলক উচ্ছেদৰ জাননী জাৰি কৰিছে ৷ তদুপৰি এই ভূমিত বসবাসৰ অনুমতি দিয়াৰ বাবে 10 গৰাকী চৰকাৰী গাঁওবুঢ়াক বৰ্খাস্ত কৰে পৰিষদে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

জানিব পৰা মতে বিগত বহু বছৰৰ পৰা বিহাৰী সম্প্ৰদায়ৰ লোকে এই ভূমি বেদখল কৰি বসতি গঢ়ি তুলিছিল ৷ আঞ্চলিক বাজনৈতিক দল এএছডিচি আৰু ভাতৃ সংগঠনে ইয়াৰ প্ৰতিবাদ কৰি গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাত 15 ফেব্ৰুৱাৰীত খেৰণি চাৰু আলিত এক ভয়ংকৰ সংঘাতৰ সৃষ্টি হয় ৷ এই সংঘাতৰ ফলত বহু কেইগৰাকী ছাত্ৰ নেতা গুৰুতৰ ভাৱে আহত হয় ৷ এই ঘটনাৰ পাছতেই দুয়োখন পাৰ্বত্য জিলা উত্তাল হৈ পৰে ৷

20 ফেব্ৰুৱাৰীত পৰিষদে জিলাখনৰ সকলো ৰাজনৈতিক দল, সামাজিক সংগঠনৰ সৈতে আলোচনা কৰি এই ভূমিত 30 দিনৰ ভিতৰত উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰ অংশ স্বৰূপে পৰিষদৰ প্ৰধান সচিবে পশ্চিম কাৰ্বি আংলঙৰ ডংকা ৰাজহ খণ্ড আৰু ফুলনি ৰাজহ খণ্ডৰ বিষয়াই দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত দুয়োটা ৰাজহ খণ্ডৰ 10 গৰাকী চৰকাৰী গাঁওবুঢ়াক বৰ্খাস্ত কৰে ৷ তদুপৰি আজি পিজিআৰ-ভিজিআৰ ভূমিত বসবাস কৰা সকলক শীঘ্ৰেই এই স্থান এৰিবলৈ পৰিষদৰ তৰফৰ পৰা জাননী জাৰি কৰা হয় ৷ পৰিষদৰ এই কঠোৰ পদক্ষেপৰ পাছতেই পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ বৃহত্তৰ অঞ্চলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ লাভ কৰা তথ্য অনুসৰি বিবাদিত ভূমিত স্থাপন হোৱা দোকান-পোহাৰ আজিও বন্ধ হৈ থকাৰ লগতে সমগ্ৰ অঞ্চলজুৰি এতিয়া নিমাওমাও পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : হাতত মাৰণাস্ত্ৰ লৈ ভিডিঅ' প্ৰেৰণ কৰা ঘটনাৰে জড়িত দুজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.