ETV Bharat / state

অখিল গগৈৰ লগত মোৰ কোনো মতলব নাই; আমদানিকৃত নেতা মন্তব্য সন্দৰ্ভত কামাখ্যা প্ৰসাদ তাছা

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 7:41 PM IST

আমদানিকৃত নেতা মন্তব্য সন্দৰ্ভত কামাখ্যা প্ৰসাদ তাছা
আমদানিকৃত নেতা মন্তব্য সন্দৰ্ভত কামাখ্যা প্ৰসাদ তাছা

BJP Candidate Kamakhya Prasad Tasa : শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক আমদানিকৃত নেতা বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ তাছাৰ ।

আমদানিকৃত নেতা মন্তব্য সন্দৰ্ভত কামাখ্যা প্ৰসাদ তাছা

সৰুপথাৰ, ৫ মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল তথা নেতাসকলৰ তৎপৰতা বৃদ্ধি পাইছে । ইতিমধ্যে লোকসভা নিৰ্বাচনৰ বাবে অসমত ১১ টা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাইছে । আগন্তুক লোকসভা নিৰ্বাচনত শাসকীয় ৰাজনৈতিক দল বিজেপিৰ পৰা কাজিৰঙা লোকসভা সমষ্টিৰ হৈ প্ৰাৰ্থিত্ব লাভ কৰিছে কামাখ্যা প্ৰসাদ তাছাই ।

দলীয় টিকট লাভ কৰি মঙলবাৰে প্ৰথমবাৰৰ বাবে সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰপথাৰত উপস্থিত হয় বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা । বিজেপি নেতাগৰাকীক বৰপথাৰৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে বিজেপিৰ কাৰ্যকৰ্তাসকলে উষ্ম আদৰণি জনায় । তাৰ উপৰি বৰপথাৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত সভাত প্ৰাৰ্থীগৰাকীক দলটোৰ বিভিন্ন মৰ্চাৰ বিষয়ববীয়া, দলীয় কাৰ্যকৰ্তাই ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ।

আনহাতে, শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক আমদানিকৃত নেতা বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে । এই সন্দৰ্ভত বৰপথাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কামাখ্যা প্ৰসাদ তাছাই কয় যে অখিল গগৈৰ লগত তেওঁৰ কোনো মতলব নাই ।

ইয়াৰ উপৰি অখিল গগৈয়ে কামাখ্যা প্ৰসাদ তাছাক ফুটবল বুলি কৰা মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে । তেওঁ অখিল গগৈক কটাক্ষ কৰি কয়, ফুটবল খেল এখনত ফুটবলেই মেইন । গতিকে ফুটবল হোৱাত তেওঁৰ কোনো আপত্তি নাই বুলি উল্লেখ কৰে । উল্লেখ্য যে সৰ্বভাৰতীয় পৰ্যায়ত বিজেপিয়ে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ।

ইয়াৰ বিপৰীতে কংগ্ৰেছে অসম তথা ভাৰতৰ কোনো এখন ৰাজ্যতে প্ৰাৰ্থী ঘোষণা কৰিব পৰা নাই । অৱশ্যে ইয়াৰ মাজতে অসমৰ নৱগঠিত কাজিৰঙা সমষ্টিৰ বিৰোধী সাংসদ হিচাপে সৰুপথাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰ'জলীনা তিৰ্কীৰ নাম চৰ্চাত আছে ।

লগতে পঢ়ক :চিআইডিৰ কাৰ্যালয়ত হাজিৰ নহয় ভূপেন বৰা; দ্বিতীয় চমন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.