ETV Bharat / state

কাৰ্বি আংলঙে নলয় চাকমা-হাজং শৰণাৰ্থীৰ বোজা ! - Chakma Hajong refugee

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 6:33 AM IST

MP Candidate Jotson Bey : কাৰ্বি আংলঙে কোনো কাৰণতে নলয় চাকমা-হাজং শৰণাৰ্থীৰ বোজা ৷ এই কথা স্পষ্ট কৰি জিলাখনৰ সকলোকে সজাগ হ’বলৈ আহ্বান জনালে জৎছন বে’ই ৷
CHAKMA HAJONG REFUGEE
লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী জৎছন বে’ৰ সংবাদমেল (Etv Bharat)

লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী জৎছন বে’ৰ সংবাদমেল (ETV Bharat Assam)

ডিফু, 4 মে’ : অৰুণাচল প্ৰদেশত থকা প্ৰায় 5 লাখ চাকমা-হাজং শৰণাৰ্থীৰ বাবে কা বলৱতৰ পাচত ৰাজ্যখনত স্থান নাই বুলি ঘোষণা কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে ৷ 17 এপ্ৰিলত সেই কথা ঘোষণা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিষয়টোৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতো আলোচনা কৰাৰ কথা কৈছিল ৷

চাকমা-হাজংসকলক অসমত সংস্থাপিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰাৰ কথাও কৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ অৱশ্যে 26 এপ্ৰিলত নতুন দিল্লীত কিৰণ ৰিজিজুৱে লুটি-বাগৰ মাৰি অসমত সংস্থাপনৰ কথা কোৱা নাছিল বুলি মন্তব্য কৰিছিল ৷ শুকুৰবাৰে ডিফুত ASDC দলৰ সাধাৰণ সম্পাদক তথা লোকসভা নিৰ্বাচনত দলটোৰ প্ৰাৰ্থী জৎছন বেয়ে সংবাদ মেল সম্বোধন কৰি পুনৰ ৰিজিজুৰ সংবাদ মেলৰ প্ৰসংগ উত্থাপন কৰে ৷

বেয়ে কয় যে অসমৰ ভৈয়ামৰ জিলাসমূহত খালী মাটি নথকাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে পাহাৰীয়া কাৰ্বি আংলং জিলাতো ইয়াৰ বোজা দিব পাৰে ৷ পাঁচ লাখৰ এক লাখ হ’লেও কাৰ্বি আংলং জিলাত সংস্থাপিত কৰাৰ প্ৰস্তাৱ পৰিষদক দিব পাৰে ৷ সেয়ে তেওঁ কয় যে কাৰ্বি আংলঙে আৰু কোনো শৰণাৰ্থীৰ বোজা নলয় ৷

এইক্ষেত্ৰত কাৰ্বি আংলং জিলাত বসবাস কৰা সকলো খিলঞ্জীয়া জনতা একগোট হ’ব লাগিব বুলি বেয়ে কয় ৷ তদুপৰি মুখ্যমন্ত্ৰীয়ে শেহতীয়া আলোচনাত দিয়া প্ৰতিশ্ৰুতি অনুসৰি হাওৰাঘাটৰ বৰবিলৰ শৰণাৰ্থী আৰু VGR/PGR ৰ অবৈধ বেদখলকাৰীক জুন মাহৰ ভিতৰতে উচ্ছেদ কৰাৰ দাবী কৰে দলটোৱে ৷

তেওঁ কয় যে নিৰ্বাচনী অধিসূচনা প্ৰকাশৰ পূৰ্বে এ এছ ডি চি দলৰ লগত দিছপুৰত মুখ্যমন্ত্ৰীৰে এক আলোচনা হৈছিল ৷ যি আলোচনাত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি শেষ হোৱাৰ পাচতে হাওৰাঘাট বৰবিলত থকা বাংলাদেশী শৰণাৰ্থীসকলক আৰু ভিজি আৰ, পি জি আৰত অবৈধভাবে বসবাস কৰি থকা লোকসকলক উচ্ছেদ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ সেয়ে জুন মাহৰ ভিতৰতে এইসকল লোকক উচ্ছেদ কৰি কথা ৰাখিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় জৎছন বেয়ে ৷

অৰুণাচলৰ পৰা যাতে চৰকাৰে চাকমা-হাজং শৰণাৰ্থীক আনি কাৰ্বি আংলঙত সংস্থাপিত কৰিব নোৱাৰে তাৰ বিৰুদ্ধে জিলাখনৰ সকলো দল-সংগঠনকে সজাগ হোৱাৰ আহ্বান জনায় দলটোৰ নেতৃত্বই ৷ সংবাদমেলত জৎচন বে’ক সংগ দিয়ে দলটোৰ মুখপাত্ৰ ডেনিয়েল টেৰন আৰু সম্পাদক সঞ্জয় কিলিঙে ৷

লগতে পঢ়ক : বিজেপি মানেই ইডি, চি বি আই-ইলেকশ্যন কমিশ্যন : অজিত কুমাৰ ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.