ৰাজ্যৰ ভিতৰত বিজ্ঞান শাখাত চতুৰ্থ, কলা শাখাত পঞ্চম স্থান যোৰহাটৰ - Assam HS RESULT 2024
Jorhat ranks in HS RESULT 2024 : আজি ৰাজ্যৰ শিক্ষা বিভাগে একেলগে ঘোষণা কৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান, আৰু বাণিজ্য বিভাগৰ ফলাফল । ৰাজ্যৰ ভিতৰত বিজ্ঞান শাখাত চতুৰ্থ, কলা শাখাত পঞ্চম স্থান লাভ কৰে যোৰহাট জিলাই ৷

Published : May 9, 2024 at 9:53 PM IST
|Updated : May 9, 2024 at 10:48 PM IST
যোৰহাট, ৯ মে': আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । কিন্তু আজি ঘোষিত হোৱা ফলাফলত ছাত্ৰ-ছাত্ৰী তথা পৰীক্ষাৰ্থী-অভিভাৱকৰ মাজত দেখা পোৱা নগ’ল কোনো উৎসাহ উদ্দীপনা । সৰ্বসাধাৰণ বিদ্যালয়ৰ পৰীক্ষাৰ দৰেই আজি ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল লাভ কৰিলে পৰীক্ষাৰ্থীসকলে । এইবর্ষত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বিদ্যালয়-মহাবিদ্যালয়ত উপস্থিত হৈ পৰীক্ষাত ফলাফল লোৱা পৰিলক্ষিত হয় ৷ অনুৰূপ দৃশ্য দেখা পোৱা গ’ল যোৰহাট জিলাটো ।
প্ৰত্যেক বর্ষতে যোৰহাট জিলাৰ কোনো এখন চৰকাৰী হওক বা ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কোনো এটা বিভাগত স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল । ঠিক একেদৰে যোৰহাটৰ ব্যক্তিগত খণ্ডৰ বহু কেইখন মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই আশা কৰিছিল যে তেওঁলোকৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষ দহটা স্থানৰ ভিতৰত স্থান লাভ কৰিব । কিন্তু এইবাৰ ৰাজ্যৰ শিক্ষা বিভাগে এক ব্যতিক্ৰমী ধাৰাৰে স্থানবিহীনভাৱে ফলাফল ঘোষণা কৰাত এক প্ৰকাৰে অসন্তুষ্ট হৈ পৰে বহু মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ । ইয়াৰ বিপৰীতে কিন্তু জিলাখনৰ একাংশ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ তথা অভিভাৱক, ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা বিভাগৰ এই প্ৰক্ৰিয়াত সন্তুষ্টি প্ৰকাশ কৰাও দেখা পোৱা গ’ল।
তেওঁলোকৰ মতে স্থান প্ৰদান কৰা প্ৰক্ৰিয়াই কিছু সংখ্যক ছাত্ৰ-ছাত্রীক বিশেষভাৱে উৎসাহিত কৰাৰ বিপৰীতে কিন্তু কিছু সংখ্যক কম নম্বৰৰ বাবে স্থান লাভ কৰিবলৈ সক্ষম নোহোৱা ছাত্ৰ-ছাত্রীক নিৰাশ কৰি তোলে । লগতে অন্যান্য ছাত্ৰ-ছাত্ৰীকো হতাশ কৰে।
আজি ঘোষিত হোৱা ফলাফলত যোৰহাট জিলাই কেইবাটাও বিভাগতে সফলতা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে উত্তীৰ্ণৰ হাৰো যথেষ্ট উন্নত । চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যোৰহাট জিলাৰ পৰা কলা বিভাগত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৫৬৬৩ গৰাকী । ইয়াৰে ১৭৬৬ গৰাকীয়ে প্ৰথম বিভাগত, ২১৫৪ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ১৪৬১ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে । কলা শাখাত যোৰহাট জিলাৰ উত্তীৰ্ণৰ সংখ্যা হৈছে মুঠ ৫৩৮১ গৰাকী । উত্তীৰ্ণৰ হাৰ হৈছে ৯৫.০২ শতাংশ ।
আনহাতে বিজ্ঞান শাখাত জিলাখনৰ পৰা মুঠ ১৮৭৬ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ১২০৩ গৰাকীয়ে প্ৰথম বিভাগত, ৪৪৯ গৰাকীয়ে দ্বিতীয় বিভাগত, ১৩১ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। বিজ্ঞান শাখাত মুঠ উত্তীৰ্ণৰ সংখ্যা ১৭৮৩ গৰাকী। উত্তীৰ্ণৰ হাৰ ৯৫.০৪ শতাংশ ।
আনহাতে এই বৰ্ষত বাণিজ্য শাখাত জিলাখনৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৫৩২ গৰাকী । মুঠ উত্তীৰ্ণৰ সংখ্যা হৈছে ৪৬১ । ইয়াৰে ২১৬ গৰাকীয়ে প্ৰথম বিভাগত, ১৮০ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৬৫ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। বাণিজ্য বিভাগত যোৰহাট জিলাৰ উত্তীৰ্ণৰ হাৰ ৮৬.৬৫ শতাংশ।
উল্লেখ্য যে, ৰাজ্যৰ ভিতৰত উত্তীৰ্ণৰ হাৰত কলা শাখাত যোৰহাট জিলাই পঞ্চম স্থান লাভ কৰাৰ বিপৰীতে বিজ্ঞান শাখাত চতুৰ্থ স্থান অৰ্জন কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক: এতিয়াৰে পৰা স্থানৰ কথা নাভাবি সৰ্বভাৰতীয় পৰ্যায়ত উজলিব ছাত্ৰ-ছাত্ৰী - Assam HS RESULT 2024

