পঃৰাগ উৎসৱৰ মিনম আৰু মিবু মিনে কি ? ইয়াৰ গুৰুত্ব জানো আহক
মিচিং জনগোষ্ঠীৰ অন্যতম কৃষিভিত্তিক পঃৰাগ উৎসৱ কিয় তিনিদিনীয়াকৈ উদযাপন কৰা হয়, জানো আহক...

Published : March 6, 2025 at 10:54 AM IST
|Updated : March 6, 2025 at 2:57 PM IST
জোনাই : ঐনিতম-গুমৰাগৰ তালত মতলীয়া হৈছে ৰাজ্যৰ মিচিং জনগোষ্ঠীৰ লোকসকল ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বুধবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে জোনাইৰ অসম অৰুণাচল সীমান্ত পুৰণা জেলম গাঁৱত আয়োজন কৰা হৈছে পঃৰাগ উৎসৱ ৷ বুধবাৰৰ পৰা গুমৰাগ নৃত্যত মুখৰিত হৈ পৰিছে জেলম গাঁৱৰ পঃৰাগস্থলী ৷
জেলম গাঁৱত লোকাৰণ্য হৈ পৰা পঃৰাগ উৎসৱ কিয় তিনিদিনীয়াকৈ পালন কৰা হয় এই সন্দৰ্ভত অৱসৰপ্ৰাপ্ত শিক্ষক তথা জ্যেষ্ঠ নাগৰিক দত্তৰাম দলেই কয়, ‘‘মিচিং জনগোষ্ঠীয়ে পূৰ্বৰ পৰা পৰম্পৰা অনুসৰি সৃষ্টিকৰ্তা, মাতৃ, পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰাৰ উদ্দেশ্যে অনাদি কালৰে পৰাই পালন কৰি আহিছে ৷ পঃৰাগ উৎসৱৰ প্ৰথম দিনা অন্য এখন গাঁৱৰ পৰা নিমন্ত্ৰণ কৰা অনা মিনম (ডেকা গাভৰু)সকলক নিজ গাঁৱৰ ডেকা গাভৰুসকলে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে আদৰি আনে ৷ ইয়াৰ পিছতে দুয়োখন গাঁৱৰ মিনম অৰ্থাৎ ডেকা-গাভৰুৱে মিবুক ঢোলে দগৰে আদৰি আনে মৃৰং ঘৰলৈ ৷’’
‘‘ইয়াৰ পিছতে মিবুৰ সৈতে মিনমসকলে মৃৰং ঘৰৰ চাৰিওফালে ঘূৰি গুমৰাগ নাচে ৷ ইয়াৰ উপৰিও মিনম হিচাপে মাতি অনা ডেকা-গাভৰুসকলে গাঁৱৰ ডেকা-গাভৰুৰ সৈতে মিলি পঃৰাগ উৎসৱত অহা অতিথিসকলক মিচিং জনগোষ্ঠীয় খাদ্যৰে আদৰ-সাদৰ কৰে ৷’’ দত্তৰাম দলে কয় ৷

তেওঁ আৰু কয়, ‘‘দ্বিতীয় দিনাখন ডেকা-গাভৰুৰ নেতৃত্বত উদযাপন কৰি অহা পঃৰাগ উৎসৱলৈ গাঁওখনৰ পৰা দূৰ-দূৰণি লৈ বিয়া হৈ যোৱা জীয়াৰী আৰু জোঁৱাইসকলক নিমন্ত্ৰণ দি আদৰি অনাৰ লগতে সম্বৰ্দ্ধনাও জনোৱা হয় । তাৰ পাচত তৃতীয় দিনা জোঁৱাই, অতিথিক মহা ব্যৱস্থাপনাৰে মিচিং জনগোষ্ঠীয় সুস্বাদু খাদ্যৰে পৰম্পৰা অনুসৰি আপ্যায়ন কৰে ৷ লগতে অতি উলহ-মালহেৰে উদযাপন কৰা পঃৰাগ উৎসৱত ডেকা-গাভৰু, গাঁৱৰ বুঢ়া-মেথা, পুৰুষ-মহিলা সকলোৱে আনন্দ আৰু স্ফূৰ্তিত মতলীয়া হৈ পৰে ।’’

উল্লেখ্য যে, পঃৰাগত মিচিং সমজৰ এখন গাঁৱৰ অপায়-অমগংল দূৰ কৰাৰ বাবে এক ৰাজহুৱা পূজা কৰা হয় ৷ ইয়াক পঃৰাগ উৎসৱ বা নৰা ছিগা বিহুও বোলা হয় । যিহেতু এই উৎসৱ ধান কাটি চপোৱাৰ অন্তত অৰ্থাৎ ধানৰ নৰা ছিগাৰ সময়তহে অনুষ্ঠিত হয়, সেইবাবে ই নৰা ছিগা বিহু হিচাপে প্ৰচলিত ।
পঃৰাগ উৎসৱত মিবুৱেহে পৌৰাহিত্য কৰে । এই উৎসৱত দঁতাল গাহৰি, আপং আদি উছৰ্গা কৰি আই বসুমতী, অন্নদাতা পৰম পুৰুষ কাচিং-কাৰ্তাং, দঃঞি-পঃল, চেঃ দি-মেঃল আদি সৃষ্টিকৰ্তাসকলক আৰাধনা কৰে । ইয়াৰ উদ্দেশ্য হৈছে ‘‘আই বসুন্ধৰা শস্য শ্যামলা হৈ ভৰি পৰক, চহা ৰাইজে সুখেৰে দিন নিয়াওক ।’’

