সজাই-পৰাই তোলা হৈছে মুৰং ঘৰ: বুধবাৰৰ পৰা পঃৰাগ উৎসৱ
জী-জোঁৱাই তথা আলহী-অতিথিক আদৰিবলৈ সাজু মিচিং জনগোষ্ঠীৰ লোকসকল ৷ কিয়নো বুধবাৰৰ পৰা তিনিদিনৰ বাবে উদযাপিত হ’ব পঃৰাগ উৎসৱ ৷

Published : March 4, 2025 at 4:23 PM IST
জোনাই: চাওঁতে চাওঁতে আহি পালেহি মিচিং জনগোষ্ঠীৰ অন্যতম কৃষিভিত্তিক উৎসৱ পঃৰাগ, যাক নৰা ছিগা বিহু বুলিও জনা যায় ৷ জোনাই সম-জিলাৰ শতিকা গৰকা জোনাইৰ অসম অৰুণাচল সীমান্তৰ পুৰণা জেলম গাঁৱত বুধবাৰৰ পৰা তিনি দিনীয়াকৈ বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হ'ব পঃৰাগ উৎসৱটি । ইতিমধ্যে পঃৰাগ উৎসৱৰ প্ৰস্তুতি ১০০ শতাংশই সম্পূৰ্ণ হৈ উঠিছে ৷
মিচিং জনগোষ্ঠীয়ে পূৰ্বৰ পৰম্পৰা অনুসৰি সৃষ্টিকৰ্তা, মাতৃ, পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ বাবে অনাদি কালৰে পৰাই এই পঃৰাগ উৎসৱ পালন কৰি আহিছে ৷ ডেকা-গাভৰুৰ নেতৃত্বত উদযাপন কৰি অহা এই উৎসৱত গাঁওখনৰ পৰা দূৰ-দূৰণিলৈ বিয়া হৈ যোৱা জী আৰু জোঁৱাইসকলক নিমন্ত্ৰণ জনোৱা হয় ৷ লগতে এই উৎসৱতে তেওঁলোকক আদৰণি আৰু সম্বৰ্দ্ধনা জনোৱা হয় ।
অতি উলহ-মালহেৰে উদযাপন কৰা পঃৰাগ উৎসৱত ডেকা-গাভৰু, গাঁৱৰ বুঢ়া-মেথা, পুৰুষ-মহিলা সকলোৱে আনন্দ আৰু স্ফূৰ্তিত মতলীয়া হৈ পৰে । প্ৰতিবাৰৰ দৰে এইবাৰো গাঁওবাসীৰ লগতে জী-জোঁৱাই, আলহী-অতিথিক আপ্যায়ন কৰিবলৈ গাঁওখনৰ ৰাইজে সাজু কৰিছে আপং, গাহৰি মাংস, মাছ, বিভিন্ন ধৰণৰ শাক-পাচলিৰে ৰন্ধা সুস্বাদু খাদ্য ।
পঃৰাগ উৎসৱ সন্দৰ্ভত গাঁৱৰে মেন্দৰ বৰি নামৰ এজন জ্যেষ্ঠ লোকে কয়, ‘‘গাঁওখনৰ পৰা অপায়-অমংগল দূৰ হ’বলৈ প্ৰতিবাৰৰ দৰে এইবাৰো বুধবাৰৰ পৰা তিনিদিনীয়াকৈ পূৰণা জেলম গাঁৱত উদযাপন কৰিবলৈ লোৱা হৈছে পঃৰাগ উৎসৱ ৷ এই উৎসৱত মিবুৱেহে পৌৰাহিত্য কৰিব । দঁতাল গাহৰি, আপং আদি উচৰ্গা কৰি আই বসুমতী, অন্নদাতা পৰম পুৰুষ কাচিং-কাৰ্তাং, দঃঞি-পঃল, চেঃ দি-মেঃল আদি সৃষ্টিকৰ্তাসকলক আৰাধনা কৰিবৰ বাবে সকলো প্ৰয়োজনীয় বস্তু মজুত কৰি ৰখা হৈছে ।’’
পঃৰাগ উৎসৱৰ মূল উদ্দেশ্য "আই বসুন্ধৰা শস্য শ্যামলা হৈ ভৰি পৰক, চহা ৰাইজে সুখেৰে দিন নিয়াওক ৷" এই বুলিও কয় মেন্দৰ বৰি নামৰ লোকজনে ৷
উল্লেখ্য যে আলি আয়ে লৃগাং উৎসৱৰ পিছতেই পঃৰাগ উৎসৱৰ নামো উল্লেখ কৰিব পাৰি । লৃগাঙৰ দৰে পঃৰাগ উৎসৱ নহয় পঃৰাগ মিচিং সমাজৰ এখন গাঁৱৰ অপায়-অমগংল দূৰ কৰা এক সমজুৱা পূজা হয় ৷ ইয়াক পৰাগ উৎসৱ বা নৰা-ছিগা বিহুও বোলা হয়; যিহেতু এই উৎসৱ ধান কাটি চপোৱাৰ অন্তত অৰ্থাৎ ধানৰ নৰা ছিগাৰ সময়তহে অনুষ্ঠিত হয় বাবে নৰা ছিগা বিহু বুলি প্ৰচলিত ।
প্ৰধানতঃ ডেকা-গাভৰুৰ প্ৰচেষ্টাত এই উৎসৱটি উদযাপিত হোৱাৰ বাবে অঞ্চল বিশেষে ইয়াৰ নাম মৃম্বৰ-য়াঃমে অৰ্থাৎ ডেকা-গাভৰু বুলিও কোৱা হয় । ডেকা-গাভৰুৰ প্ৰচেষ্টাত এই উৎসৱ উদযাপন হয় যদিও গাঁৱৰ ল’ৰা-ছোৱালী, বুঢ়া-বুঢ়ী সকলোৱে ইয়াৰ লগত জড়িত হৈ থাকে । পঃৰাগ উৎসৱ পাতিবৰ বাবে মুৰং ঘৰ নিৰ্মাণ কৰাটো অপৰিহাৰ্য । এই ঘৰ গাঁৱৰ মূৰত নাইবা মুকলি আহল-বহল ঠাইত সজা দেখা যায় ।
ঘৰৰ চ’টি আৰু খুটাবোৰ চিত্ৰ-বিচিত্ৰ কাৰুকাৰ্যৰে জাতিষ্কাৰ কৰে । ছবিৰ ভিতৰত দুই মূৰে সূৰ্য আৰু ড্ৰেগনৰ চিত্ৰ অংকন কৰা থাকে । ড্ৰেগন চিত্ৰ অংকনৰ জৰিয়তে তেওঁলোকে তিব্বতীয়-চীন-মংগোলীয় নৃগোষ্ঠীৰ বংশধৰ হিচাপে চিনাকি দিয়ে ।
ইয়াৰ উপৰিও চিত্ৰ-বিচিত্ৰ ৰঙীণ কাগজৰ ফুল কাটি গোটেই মুৰং ঘৰটো জাতিষ্কাৰ কৰা দেখা হয় । পঃৰাগ উৎসৱ পৰিচালনা কৰিবৰ কাৰণে কেইটামান পদবীৰ সৃষ্টি কৰা হয় । এই পদবীবোৰৰ ভিতৰত মিগম বৰা, বৰ পুৱাৰী, ডেকা বৰা, তিৰি বৰা আদি উল্লেখযোগ্য । মিগম বৰা আৰু বৰ পুৱাৰীয়ে ৰাইজক পৰিচালনা কৰে । ডেকা বৰা, তিৰি বৰা আৰু সমস্ত ডেকা-গাভৰুসকলে তেওঁলোকৰ কথামতে বিভিন্ন কাম সম্পন্ন কৰে ।
মিগম বৰা আৰু বৰ পুৱাৰীক আলপৈচান ধৰিবলৈ তামুলী আৰু বৰ বৰাণী নামৰ দুজন লোক থাকে । মিগম বৰা বিবাহিত পুৰুষো হ’ব পাৰে । কিন্তু বৰ পুৱাৰীক গাভৰু ছোৱালীবিলাকৰ মাজৰ পৰা নিৰ্বাচন কৰা হয় । এই উৎসৱত অংশগ্ৰহণ কৰিবৰ কাৰণে অন্য গাঁৱৰ ৰাইজক মিনম বা অতিথি হিচাপে আমন্ত্ৰণ কৰে ।
অন্ততঃ চাৰি-পাঁচখন গাঁৱৰ ৰাইজক এনেদৰে আমন্ত্ৰণ কৰা দেখা যায় । আমন্ত্ৰণ ৰক্ষা কৰাসকলক বাটৰ পৰা মুৰং ঘৰলৈ গুমৰাগ নাচৰ যোগেদি আগবঢ়াই অনা প্ৰথাক মিনম-য়াম্নাম বোলে । পঃৰাগ উৎসৱ বিশেষকৈ তিনি দিন পালন কৰা দেখা যায় ।

