অসম-মেঘালয় সীমান্তত ঔদ্যোগিক প্ৰদৰ্শনী ২০২৪ অনুষ্ঠিত
Industrial Exhibition 2024 : প্ৰতিবৰ্ষৰ দৰে এইবৰ্ষতো অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ নৰ্থ গাৰো পাহাৰ জিলা বাণিজ্য আৰু উদ্যোগ কেন্দ্ৰৰ উদ্যোগত মেন্দিপথাৰৰ বাবুপাৰাৰ ঔদ্যোগিক বাগিচাত দুদিনীয়াকৈ ‘জিলা ঔদ্যোগিক প্ৰদৰ্শনী ২০২৪’ৰ আয়োজন কৰা হয় ।

Published : February 9, 2024 at 4:24 PM IST
বকো, 9 ফেব্ৰুৱাৰী : অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ নৰ্থ গাৰো পাহাৰ জিলা বাণিজ্য আৰু উদ্যোগ কেন্দ্ৰৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা শুকুৰবাৰে নিশা মেন্দিপথাৰৰ বাবুপাৰাৰ ঔদ্যোগিক বাগিচাত দুদিনীয়াকৈ ‘জিলা ঔদ্যোগিক প্ৰদৰ্শনী ২০২৪’ৰ আয়োজন কৰা হয় । মেঘালয়ৰ বিভিন্ন স্থানৰ পৰা মুঠ ৩০ খনকৈ ষ্টলে অংশগ্ৰহণ কৰে এই প্ৰদৰ্শনীস্থলীত।
লগতে কামৰূপ গ্ৰাম্য জিলাৰ পৰা বিভিন্ন ছ’চাইটি আৰু ছেল্ফ হেল্প গ্ৰুপৰ দ্বাৰা উৎপাদিত হস্ততাঁত সামগ্ৰী, হাতেৰে তৈয়াৰী খাদ্য সামগ্ৰী যেনে আচাৰ, কেক, মিঠাই আদিৰ অধিকাংশ ষ্টলে অংশগ্ৰহণ কৰে এই প্ৰদৰ্শনীস্থলীত । কেৱল এইবৰ্ষতে নহয় মাৰ্চ মাহৰ অন্ত পৰাৰ পূৰ্বে প্ৰতি বছৰে এই প্ৰদৰ্শনীৰ আয়োজন কৰি অহা হৈছে । এই দুদিনীয়া প্ৰদৰ্শনীত কাঠত খোদিত, খাদ্য প্ৰক্ৰিয়াকৰণ, হস্তনিৰ্মিত আৰু হস্তশিল্পৰ সামগ্ৰীও প্ৰদৰ্শন কৰা হয়। আয়োজকে জনোৱা অনুসৰি, বাণিজ্য আৰু উদ্যোগ কেন্দ্ৰৰ উদ্যোগৰ সহায়ত কিছুসংখ্যক মহিলাই বাঁহ আৰু অন্যান্য প্ৰাকৃতিক সামগ্ৰীৰে তৈয়াৰ কৰা অলংকাৰো প্ৰদৰ্শন কৰে ৷
বাণিজ্য আৰু উদ্যোগ বিভাগৰ ফাংচনেল মেনেজাৰ এন আৰ মাৰাকে জনোৱা অনুসৰি, অসম-মেঘালয় সীমান্তৱৰ্তী মেন্দিমা গাঁৱত বাঁহ আৰু অন্যান্য প্ৰাকৃতিক সামগ্ৰীৰে অলংকাৰ তৈয়াৰ কৰাৰ প্ৰশিক্ষণ কাৰ্যসূচী অব্যাহত আছে । এই প্ৰশিক্ষণৰ জৰিয়তে গাৰো পাহাৰত উপলব্ধ বাঁহ আৰু অন্যান্য প্ৰাকৃতিক সামগ্ৰীৰ পৰা যুৱতী আৰু মহিলাসকলে অলংকাৰ নিৰ্মাণ কৰাৰ লগতে আৰু তেওঁলোক আৰ্থিকভাৱে স্বাধীন কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে ।
লগতে এন আৰ মাৰাকে জনোৱা অনুসৰি, "এই প্ৰশিক্ষণ কাৰ্যসূচী গুৱাহাটীস্থিত এটা কোম্পানীয়ে পৰিচালনা কৰি আছে । প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিচত আমি মহাৰাষ্ট্ৰৰ ৰাজ্যিক কোম্পানী এটাৰ সৈতে কাম কৰিম আৰু তাৰ পৰাও অৰ্ডাৰ লম।"
মেঘালয়ৰ তুৰাৰ চান্দমাৰীৰ ASAME Food and Beverages ব্ৰেণ্ডৰ স্বত্বাধিকাৰী পেচিনা কে চাংমায়ো এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে ৷ পেচিনাৰ কয়ে যে, তেখেতে বিশেষকৈ স্থানীয়ভাৱে উপলব্ধ বিভিন্ন ধৰণৰ প্ৰাকৃতিক উপাদানৰ পৰা ৱাইন তৈয়াৰ কৰি গাৰো হিলছ অঞ্চলত বিক্ৰী কৰিছিল। তেওঁ আদা, ডালিম, আনাৰসৰ পৰা আৰু ফুলৰ পৰা বিশেষকৈ মে.গং ফুল (বগা অৰ্কিড) আৰু আন বহুতো প্ৰাকৃতিক সামগ্ৰীৰ পৰা ৱাইন তৈয়াৰ কৰিছে।
লগতে পঢ়ক : সমাগত আলি আয়ে লৃগাং, ঐনিতমৰ সুৰত মতলীয়া মিচিং ডেকা-গাভৰু

