ETV Bharat / state

অবৈধভাৱে চাইৰেন ব্যৱহাৰ কৰা ১১ খন বিলাসী বাহন জব্দ

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 5:17 PM IST

Guwahati Crime: অবৈধভাৱে চাইৰেন ব্যৱহাৰ কৰা বিলাসী বাহনেৰে ভৰি পৰিছে থানা ৷ কেৱল চাইৰেনেই নহয়, অবৈধভাৱে কাৰ পাছ, আৰক্ষীৰ লগ’ ব্যৱহাৰ কৰি ৰাজপথত সন্ত্ৰাসৰ কৰি আহিছিল অত্যুৎসাহী একাংশই ৷

Illegal siren in Guwahati
অবৈধভাৱে চাইৰেন ব্যৱহাৰ কৰা বিলাসী বাহন জব্দ

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী : বশিষ্ঠ আৰক্ষী থানা ভৰি পৰিছে ইখনৰ পিচত সিখন বিলাসী বাহনেৰে ৷ বশিষ্ঠ আৰক্ষীৰ সহযোগত গুৱাহাটী মহানগৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই জব্দ কৰে এইসমূহ বিলাসী বাহন ।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি অবৈধ চাইৰেন, কাৰ পাছ, আৰক্ষীৰ লগ’ আদি ব্যৱহাৰ কৰি মহানগৰৰ ৰাজপথত সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল বাহনসমূহৰ গৰাকীয়ে ৷ শুকুৰবাৰে নিশা মহানগৰ আৰক্ষীৰ যৌথ অভিযানত ভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা হয় অবৈধ ভি আই পি বাহনসমূহ ।

বৰ্তমানলৈ সৰ্বমুঠ ১১ খন বিলাসী বাহন জব্দ কৰিছে মহানগৰ আৰক্ষীয়ে । ইয়াৰে ভিতৰত আছে স্কৰ্পিঅ’ তিনিখন, থাৰ দুখন, আলকাইজৰ এখন, ইন’ভা চাৰিখন আৰু ফৰচুনাৰ এখন । দীৰ্ঘদিনৰ পৰা এই জব্দকৃত বিলাসী বাহনকেইখনৰ গৰাকীয়ে আৰক্ষীৰ লাইট চাইৰেন, বিভিন্ন কাৰ পাছ, বিধানসভাৰ পাছ, আৰক্ষীৰ লগ’ আদি লগাই ঘূৰি ফুৰিছিল ।

উল্লেখ্য যে যোৱা ২৬ জানুৱাৰীত নিশা মহানগৰীৰ নালাপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ৰঙা-নীলা লাইট লগোৱা অচিনাকি বাহনে খুন্দা মৰাৰ ফলত নৰবাহাদুৰ থাপা নামৰ এজন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু হৈছিল । তাৰ পিচতে বাহনখনে সেই স্থানৰ পৰা পলায়ন কৰিছিল ।

দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰাৰ পিচতে বশিষ্ঠ যান-বাহন আৰক্ষীৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 62/24u/ s279/304/304(a)/201 ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল অৰিন কটকী নামৰ দুৰ্ঘটনা সংঘটিত কৰা চালকজনক ।

উক্ত হিট এণ্ড ৰাণ গোচৰৰ তদন্ত চলাই থাকোতে মহানগৰ আৰক্ষীয়ে কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে জব্দ কৰে ইখনৰ পিচত সিখন অবৈধ বিলাসী বাহন ।

লগতে পঢ়ক: ৰঙা-নীলা লাইট সম্বলিত বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰা চালক আৰক্ষীৰ জিম্মাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.