ETV Bharat / state

গুৱাহাটী ৰে'লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ কানি জব্দ - Opium seized in Guwahati

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 9:54 PM IST

Narcotics Seized: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী ৰে'লৱে ষ্টেচন । মঙলবাৰে পুৱা ৰে'ল আৰক্ষীয়ে অভিযান চলাই ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ কানি । আটক কৰে তিনি কানি সৰবৰাহকাৰীক ।

Huge quantity of Opium seized at Guwahati railway station
গুৱাহাটী ৰে'লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ কানি জব্দ

গুৱাহাটী,২ এপ্ৰিল: গুৱাহাটী ৰে'লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ কানি জব্দ । মঙলবাৰে পুৱা ৰে'ল আৰক্ষীয়ে অভিযান চলাই ৰাজধানী এক্সপ্ৰেছৰ পৰা বৃহৎ পৰিমাণৰ কানিসহ তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ধৃত তিনি সৰবৰাহকাৰী ক্ৰমে উত্তৰ প্ৰদেশ জগজিৎ সিং, হাৰিয়ানাৰ গুৰমেল সিং, হাৰিয়ানাৰ যশবীৰ সিং ।

Huge quantity of Opium seized at Guwahati railway station
গুৱাহাটী ৰে'লৱে ষ্টেচনত বৃহৎ পৰিমানৰ কানি জব্দ

গোপন সূত্ৰৰ পম খেদি পুৱা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত অভিযান চলাই দুটাকৈ বেগত লুকুৱাই অনা ৯ পেকেট কানি জব্দ কৰে । জব্দকৃত কানিখিনিৰ ওজন প্ৰায় ৮.২৫০ কিঃগ্ৰাঃ বুলি জানিব পৰা গৈছে । ইতিমধ্যে ধৃত কানি সৰবৰাহকাৰী কেইটাক GRP য়ে সোধপোচ অব্যাহত ৰাখিছে । উল্লেখ্য যে ক্ৰমাৎ অপৰাধৰ ৰম্যভূমিত পৰিণত হৈছে ৰে'ল ষ্টেচন । গুৱাহাটী মহানগৰীৰ অন্তৰ্গত কামাখ্যা আৰু গুৱাহাটী ষ্টেচনৰ মাজেৰে নিতৌ সৰবৰাহ হৈ আছে অবৈধ সামগ্ৰী । সোণ, নকল সোণ, ড্ৰাগছ, চুপাৰি আদিকে ধৰি নিচাজাতীয় অবৈধ সামগ্ৰী প্ৰায় প্ৰতিদিনে সৰবৰাহ হৈ আছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰে'লৱে সুৰক্ষা বাহিনী (RPF) য়ে যাত্ৰীবাহী ৰে'ল, ৰে'ল ষ্টেচন, ৰে'লৱে পৰিসৰত কোনো লোকে যাতে নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰিব নোৱাৰে তাৰ বাবে নিয়মীয়াকৈ অভিযান চলাই আহিছে । উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দেই সদৰী কৰা অনুসৰি যোৱা ১৮ মাৰ্চৰ পৰা ২১ মাৰ্চলৈকে চাৰিটা দিনতে আৰ পি এফে বিভিন্ন যাত্ৰীবাহী ৰে'ল, ৰে'ল ষ্টেচনকে ধৰি ইয়াৰ পৰিসৰত চলোৱা অভিযানত ১৬৭ কিলোগ্ৰাম ভাং জব্দ কৰা হয় ।

জব্দ কৰা ভাংখিনিৰ মূল্য ১৬.৭ লাখ টকাতকৈ অধিক হ'ব বুলি জানিব পৰা গৈছে । তেনেদৰে অভিযানত মুঠ ১৭ টাকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰ পি এফৰ অভিযানকাৰী দলটোৱে । আৰক্ষীয়ে যিমানেই কঠোৰ অভিযান চলাই আহিছে সিমানেই নিতৌ নতুন কৌশল ব্যৱহাৰ কৰি সৰবৰাহকাৰীয়েও চলাই গৈছে অভিযান । লগতে পঢ়ক: ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, গঁড়ালৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ - Anti Drugs Mission

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.