ETV Bharat / state

গোলাঘাটত বুজন পৰিমাণৰ জালনোট জব্দ

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 8:20 PM IST

Fake notes seized: গোলাঘাটত পুনৰ জালনোট উদ্ধাৰ । দিনৰ ভাগত আটক কৰা শিশু দুটিৰ স্বীকাৰোক্তিৰ ভিত্তিত গোলাঘাটৰ পুৰণা আমোলাপট্টিত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে জালনোটখিনি । ইফালে জালনোটসহ আটক কৰে এটা সৰবৰাহকাৰীক ।

Huge amount of fake notes seized in Golaghat
গোলাঘাটত বুজন পৰিমাণৰ জালনোট জব্দ
গোলাঘাটত বুজন পৰিমাণৰ জালনোট জব্দ

গোলাঘাট,৩০ জানুৱাৰী: গোলাঘাটত জালনোট উদ্ধাৰক লৈ কঠোৰ হৈছে আৰক্ষী । চলাইছে তীব্ৰ অভিযান । গোলাঘাটৰ পুৰণা আমোলাপট্টিত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ১১ লাখ ২০ হাজাৰ টকাৰ জালনোট ৷ পুৰণা আমোলাপট্টিৰ অৰ্ণৱ হাজৰিকাৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে জালনোটখিনি ৷ ইতিমধ্যে দিনৰ ভাগতেই অৰ্ণৱ হাজৰিকাক সোধপোচৰ বাবে আটক কৰিছিল ।

অৰ্ণৱক লগত লৈ গোলাঘাটৰ বিভিন্ন প্ৰান্তত জালনোট ব্যৱসায়ীৰ অভিযান অব্যাহত ৰাখিছে ৷ অৰ্ণৱক আটক কৰাৰ পিছতেই বহু জালনোট ব্যৱসায়ী আটক হোৱাৰ সম্ভাৱনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে অৰ্ণৱক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ তদন্তৰ পিচত প্ৰকৃত ঘটনাৰ লগত কোন কোন ব্যক্তি জড়িত হৈ আছে পোহৰলৈ আহিব ।

উল্লেখ্য সোমবাৰে গোলাঘাট নগৰৰ নামঘৰ আলিৰ এখন দোকানৰ পৰা দুজনমান কিশোৰে পাঁচশ টকা জালনোট দি সামগ্ৰী ক্ৰয় কৰে । পিচত দোকানীজনে বজাৰৰ সামগ্ৰী ক্ৰয় কৰিবলৈ যাওতে কিশোৰজনে দিয়া পাঁচশ টকাৰ নোটখন জালনোট বুলি অৱগত হয় । কিন্তু সেই একেজন কিশোৰে মঙলবাৰে দোকানখনত বস্তু ক্ৰয় কৰিবলৈ আহোতেই স্থানীয় লোকে কিশোৰ কেইজনক ধৰি আৰক্ষীক খবৰ দিয়ে ৷

ঘটনাস্থলীত গোলাঘাট সদৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ কিশোৰসহ ছজন লোকক আটক কৰি থানালৈ লৈ যায় । পিছত কিশোৰ কেইজনৰ ভাষ্য অনুসৰি আৰক্ষীয়ে ধ্ৰুৱ নগৰৰ যুৱক অৰ্ণৱ হাজৰিকাৰ বাসগৃহত তালাচী চলাই পাঁচহাজাৰ টকাৰ জালনোট উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অনুসন্ধানৰ পিচতে অধিক তথ্য পোহৰলৈ আহিব বুলি আৰক্ষীৰ সুত্ৰই প্ৰকাশ কৰে ৷ মুঠতে গোলাঘাটত এতিয়া জালনোটৰ ব্যৱসায়ত কিশোৰক নিয়োগ কৰা বিষয়টোৱে এতিয়া চাঞ্চল্য বিৰাজ কৰিছে ৷

লগতে পঢ়ক: গোলাঘাটত জালনোট সৰবৰাহত জড়িত কিশোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.