ETV Bharat / state

বিহু অনুষ্ঠিত নকৰাকৈয়ে কেনেকৈ টাইপাই লাভ কৰিলে চৰকাৰী সাহাৰ্য ? - Financial Aid To Bihu Committees

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 9:39 PM IST

Financial Aid To Bihu Committees: ৰঙালী বিহু উদযাপন কমিটিক সাহাৰ্য প্ৰদানত চৰকাৰী গাইডলাইনক চুড়ান্ত অৱমাননা খোদ চৰকাৰী বিষয়াৰ । বিহু নপতাকৈয়ে চৰাইদেউত জাতীয় সংগঠনৰ একাউন্টত সোমাল ডেৰ লাখ টকা । যাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । তদন্তৰ নিৰ্দেশ দিলে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ।

How TAYPA received government donation without organising Bihu function
বিহু অনুষ্ঠিত নকৰাকৈ কেনেকৈ টাইপাই লাভ কৰিলে চৰকাৰী সাহায্য (ETV Bharat Assam)

ডিব্ৰুগড়,২৫ মে': ৰঙালী বিহু উদযাপনৰ বাবে চৰকাৰে প্ৰদান কৰি অহা ডেৰলাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদানত অনিয়ম ৷ চৰাইদেউ জিলাত বিহুৰ অনুষ্ঠান আয়োজন নকৰা জাতীয় সংগঠনৰ একাউণ্টত সোমাল ডেৰ লাখ টকা ৷ চৰকাৰী গাইডলাইনৰ চূড়ান্ত অৱমাননা কৰি চৰজমিন তদন্ত নকৰাকৈয়ে বিহুৰ আৰ্থিক সাহাৰ্যৰ বাবে নিৰ্বাচন কৰা হ'ল "টাই আহোম যুৱ পৰিষদ, অসম" চমুকৈ "টাইপা" নামৰ সংগঠনটোক ৷

বিহু অনুষ্ঠিত নকৰাকৈ কেনেকৈ টাইপাই লাভ কৰিলে চৰকাৰী সাহাৰ্য (ETV Bharat Assam)

এই সাহাৰ্যৰ বাবে নতুন গাইডলাইন অনুসৰি ব'হাগ মাহৰ ভিতৰত নূন্যতম ১০ বছৰ বিহু উদযাপন কৰি অহা পুৰণি বিহু আয়োজক সমিতিসমূহক এইবাৰ ডেৰলাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সেই অনুসৰি চলিত বৰ্ষত চৰকাৰী সাহাৰ্যৰ বাবে চৰাইদেউ জিলাত আন আন ২২ খনকৈ বিহু উদযাপন সমিতিৰ লগতে অন্তৰ্ভূক্ত হৈছিল “টাই আহোম যুৱ পৰিষদ, অসম” নামৰ জাতীয় সংগঠনটো ৷

তালিকাত লাভ কৰা তথ্য অনুসৰি ইণ্ডিয়ান অভাৰচীজ বেংকৰ মৰাণ শাখাত থকা ২৩২২০১০০০০১০০৩৫ নম্বৰৰ একাউণ্টৰ জৰিয়তে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ১২ তাৰিখেই ডেৰ লাখ টকা চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰা হয় ৷ কিন্তু সমগ্ৰ ব'হাগ মাহটোৰ ভিতৰত চৰাইদেউ জিলাৰ কোনো স্থানতে উল্লেখিত সংগঠনটোৰ উদ্যোগত ব'হাগ বিহু নাইবা ৰঙালী বিহু উদযাপন কৰা পৰিলক্ষিত নহ'ল ৷

তদুপৰি ন্যূনতম দহ বছৰ একেৰাহে সাত বিহুৰ ভিতৰত বিহু উদযাপন কৰা সমিতিসমূহক এই ডেৰ লাখ টকাৰ চৰকাৰী সাহাৰ্য প্ৰদান কৰাৰ নিয়ম যদিও উল্লেখিত সংগঠনটোৰ প্ৰত্যক্ষ উদ্যোগত বিগত কেইবাবছৰো ধৰি ৰঙালী বিহু উদযাপন কৰা হোৱা নাই বুলি সংগঠনটোৰে একাংশ বিষয়ববীয়াৰ পৰা জানিব পৰা গৈছে ৷ তেনেস্থলত চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ একাংশ চৰকাৰী বিষয়াৰ সহযোগত কিদৰে বিহু আয়োজন নকৰাকৈ সংগঠনটোৱে চৰকাৰী সাহাৰ্য লাভ কৰিলে সেই লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

প্ৰথম অৱস্থাত সংগঠনটোৰ নেতৃত্বই এই সাহাৰ্যৰ তথ্য গোপনে ৰাখিছিল যদিও এই তথ্য ফাদিল হোৱাৰ পাচতে "টাইপা"-ৰ ভিতৰচ'ৰাতো তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে ৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই বিষয়টো তদন্ত কৰিবৰ বাবে চৰাইদেউ জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে ৷ তেওঁ উল্লেখ কৰে যে যদি নিয়মৰ বাহিৰত কোনো সাহাৰ্য প্ৰদান কৰা হৈছে তেন্তে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

লগতে পঢ়ক:সত্ৰীয়া সংস্কৃতিৰ সাধক জিতেন্দ্ৰ নাথ প্ৰধানীলৈ মাধৱদেৱ বঁটা - Madhavdev Award 2023 24

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.