কলিয়াবৰত আৰম্ভ 'ঘৰৰ পৰা ভোট' - LOK SABHA ELECTION 2024
Lok Sabha election: সমগ্ৰ দেশৰ লগতে কলিয়াবৰতো আৰম্ভ হৈছে 'ঘৰৰ পৰা ভোট' প্ৰক্ৰিয়া । ১১৫ বছৰীয়া বৃদ্ধাৰ পৰা বিশেষভাৱে সক্ষম লোকলৈকে এই প্ৰক্ৰিয়াৰ জৰিয়তে সাব্যস্ত কৰিছে ভোটাধিকাৰ ।

Published : April 7, 2024 at 12:00 PM IST
কলিয়াবৰ,৭ এপ্ৰিল: চৌদিশে বলিছে নিৰ্বাচনী বতাহ । অব্যাহত আছে নিৰ্বাচনী প্ৰচাৰ । ইতিমধ্যে আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে দেশৰ অষ্টাদশ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ । ভাৰতৰ নিৰ্বাচন আয়োগে যোৱা ২০২৩ চনৰ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ সময়ত 'ঘৰৰ পৰা ভোট' ব্যৱস্থাৰ জৰিয়তে ভাৰতৰ নিৰ্বাচন ইতিহাসত এক সংযোগ ঘটাইছিল ।
এইবেলি এই ব্যৱস্থা সমগ্ৰ দেশতে প্ৰয়োগ কৰা হৈছে । যাৰ ফলত দেশৰ ৮৫ লাখতকৈ অধিক জ্যেষ্ঠ নাগৰিক আৰু প্ৰায় ৮৮.৪ লাখ বিশেষভাৱে সক্ষম ব্যক্তি লাভৱান হ'ব । সেই অনুসৰি কলিয়াবৰত আৰম্ভ কৰা হয় 'ঘৰৰ পৰা ভোট' প্ৰক্ৰিয়া । এই প্ৰক্ৰিয়াৰ অংশস্বৰূপে ঘৰে-ঘৰে গৈ প'ষ্টেল বেলটৰ জৰিয়তে ভোটগ্ৰহণ আৰম্ভ কৰিছে প্ৰশাসনে ।
১১৫ বছৰীয়া বৃদ্ধাৰ পৰা বিশেষভাৱে সক্ষম লোকলৈকে প'ষ্টেল বেলটৰ জৰিয়তে সাব্যস্ত কৰে ভোটাধিকাৰ । কলিয়াবৰ জিলা নিৰ্বাচনী বিষয়াৰ নেতৃত্বত বিষয়া-কৰ্মচাৰীসকলে ঘৰে-ঘৰে গৈ গ্ৰহণ কৰিছে ভোটাধিকাৰ । কলিয়াবৰ সমষ্টি আঠটা মণ্ডলত ভাগ কৰি কলিয়াবৰ নিৰ্বাচনী জিলাত ২৭৪ খন আবেদনৰ ভিত্তিত ঘৰে-ঘৰে গৈ গ্ৰহণ কৰিছে ভোট ।
৮৫ৰ উৰ্দ্ধৰ আৰু বিশেষভাৱে সক্ষম ভোটাৰসকলে ঘৰতে প'ষ্টেল বেলটৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰি ধন্যবাদ জনাইছে ভাৰতৰ নিৰ্বাচন আয়োগক । নিৰ্বাচন আয়োগৰ এনে পদক্ষেপক শলাগ লয় ৰাইজে ।
উল্লেখযোগ্য যে, এই প্ৰক্ৰিয়াত ৮৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি আৰু বিশেষভাৱে সক্ষম ব্যক্তিৰ লগতে সংবাদকৰ্মী, জৰুৰী সেৱাত নিয়োজিত ব্যক্তি আৰু কৰ্মসূত্ৰে ঘৰৰ পৰা দূৰত থকা সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ কৰ্মৰত ব্যক্তিয়ে আবেদনৰ যোগেদি এই সুবিধা গ্ৰহণ কৰিব পাৰে ।
লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ এটাই চিন্তা ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব : ভূপেন বৰা - Lok Sabha Election 2024

