ETV Bharat / state

চিৰাঙত নিৰ্মাণ হ'ব হিন্দুস্থান পেট্ৰলিয়ামৰ বটলিং প্লান্ট আৰু ডিপ'

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 4:02 PM IST

Bongaigaon Refinery: বঙাইগাঁও শোধনাগাৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী । অচিৰেই ৫২৫ কোটি টকাৰে হিন্দুস্থান পেট্ৰলিয়ামৰ বটলিং প্লান্ট আৰু ডিপ' আধাৰশিলা স্থাপন কৰাৰ প্ৰসংগত মত প্ৰকাশ কৰে তেলীয়ে । লগতে বঙাইগাঁও শোধনাগাৰৰ উৎপাদনক্ষম ২.৭ মিলিয়নৰ পৰা ৫ মিলিয়নলৈ বৃদ্ধি কৰাৰ চিন্তাচৰ্চা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ।

Hindustan Petroleum bottling plant and Depo to be built in Chirang
চিৰাঙত নিৰ্মাণ হ'ব হিন্দুস্থান পেট্ৰলিয়ামৰ বটলিং প্লান্ট আৰু ডিপ'
চিৰাঙত নিৰ্মাণ হ'ব হিন্দুস্থান পেট্ৰলিয়ামৰ বটলিং প্লান্ট আৰু ডিপ'

চিৰাং,৩ ফ্ৰেব্ৰুৱাৰী: চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰত উপস্থিত হয় কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী । জিলাখনৰ কামাৰডাংগা খাগ্ৰাবাৰী অঞ্চলত ৰূপায়ণ কৰিবলগীয়া দুটাকৈ বিভাগীয় প্ৰকল্পৰ কামৰ প্ৰাৰম্ভিক কামৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰোপৰি ভাৰতীয় তেল নিগমৰ অধীনৰ বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা মূৰব্বী নয়ন কুমাৰ বৰুৱাসহ শীৰ্ষ বিষয়াৰ সতে বৈঠকত মিলিত হয় আৰু জিলাখনৰ কামাৰডাংগা গাঁৱত হিন্দুস্থান পেট্ৰলিয়াম মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়ণ হ'বলগীয়া বটলিং প্লান্ট আৰু ডিপ' নিৰ্মাণৰ যাৱতীয় প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা কৰে ৷ ইয়াৰ পূৰ্বে তেওঁ ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেডৰ অধীনত কামাৰডাংগা খাগ্ৰাবাৰীত বিভাগটোৰ নিৰ্মাণ হ'বলগীয়া তৈল ভঁৰালৰ এলেকা পৰিদৰ্শন কৰে ৷

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে উল্লেখিত এই দুই প্ৰকল্পৰ বাবে ৫২৫ কোটি টকা ধাৰ্য কৰিছে ৷ ইতিমধ্যে কামাৰডাংগা গাঁৱৰ ৪০ গৰাকী নাগৰিকে প্ৰকল্প নিৰ্মাণৰ বাবে ২৩৮ বিঘা মাটি চৰকাৰলৈ প্ৰদান কৰিছে ৷ কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে চলিত মাহৰ ভিতৰতে প্ৰকল্প দুটাৰ আধাৰশিলা স্থাপন কৰিব বুলি মত প্ৰকাশ কৰে ৷ তেওঁ কয় যে বিটিআৰ প্ৰশাসনৰ সহযোগত চিৰাঙত মাটিসমূহ নিৰ্বাচন কৰা হৈছে ৷

মন্ত্ৰীগৰাকীয়ে বঙাইগাঁও শোধনাগাৰৰ উৎপাদনক্ষম ২.৭ মিলিয়নৰ পৰা ৫ মিলিয়নলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে শোধনাগাৰৰ বাবে পুনৰ ভূমিৰ প্ৰয়োজন হৈছে বুলি উল্লেখ কৰি এই ব্যৱস্থা অচিৰেই সমাধান হ'ব বুলি উল্লেখ কৰে ৷ লগতে তেওঁ পৰৱৰ্তী সময়ত তেওঁৰ মন্ত্ৰীত্ব থাকক বা নাথাকক এই প্ৰকল্প সম্পূৰ্ণ হ'বই বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: ধুবুৰীত ১৫ টা পৰিভ্ৰমী চৰাই জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.