ETV Bharat / state

বোকাখাতত ঘৰৰ বাঁহনিত উদ্ধাৰ খৰ্গহীন গঁড়ৰ মুণ্ডৰ অংশ

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 10:48 AM IST

Poacher arrested: আকৌ গোলাঘাট আৰক্ষীৰ গঁড়ৰ খৰ্গ আৰু চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান । এইবাৰ গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ এক অভিযানত উদ্ধাৰ হয় খৰ্গবিহীন এটা গঁড়ৰ মুণ্ডৰ অংশ । গ্ৰেপ্তাৰ বিলাস পেগু আৰু তেওঁৰ পত্নীক ।

Head parts of a rhinoceros recovered in Golaghat
আকৌ ওলাল খৰ্গহীন গঁড়ৰ মুণ্ডৰ অংশ
আকৌ ওলাল খৰ্গহীন গঁড়ৰ মুণ্ডৰ অংশ

গোলাঘাট,১ ফেব্ৰুৱাৰী: অসম গৌৰৱ এশিঙীয়া গঁড় নিধন তথা চোৰাং চিকাৰীৰ বিৰুদ্ধে অব্যাহত অসম আৰক্ষীৰ তীব্ৰ অভিযান ৷ অভিযানত গোলাঘাট জিলাৰ লৱনঘাটত খৰ্গবিহীন এটা গঁড়ৰ মুণ্ডৰ অংশ উদ্ধাৰ ৷ লৱনঘাট কালিয়নী ব্লক গাঁৱৰ বিলাস পেগুৰ ঘৰৰ বাঁহনিত গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ নেতৃত্বত বোকাখাত আৰু নুমলীগড় আৰক্ষীৰ যৌথ অভিযানত খৰ্গ বিহীন গঁড়ৰ মুণ্ডৰ অংশটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

ইতিমধ্যে আৰক্ষীয়ে বিলাস পেগু আৰু তেওঁৰ পত্নীক আটক কৰি আৰক্ষীৰ জেৰা অব্যাহত ৰাখিছে ৷ কাজিৰঙাৰ অসম গৌৰব এশিঙীয়া গঁড় হত্যা আৰু খৰ্গ লৈ উধাও হোৱা চোৰাং চিকাৰীৰ সন্ধান লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ চোৰাং চিকাৰী আৰু খৰ্গ কাটি নিয়া চোৰাং চিকাৰীৰ বিৰুদ্ধে ইতিমধ্যেই জেহাদ ঘোষণা কৰিছে গোলাঘাট আৰক্ষী প্ৰশাসনে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুটাকৈ গঁড় হত্যাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জগু পেগু নামৰ এটা চোৰাং চিকাৰীক। পুতি থোৱা অৱস্থাত বৰবালি গাঁৱত উদ্ধাৰ কৰিছিল গঁড়ৰ খৰ্গ । এছ পি ৰাজেন সিঙৰ মাৰাথন জেৰাত বিস্ফোৰক স্বীকাৰোক্তি দিছিল জগুৱে ।

কিন্তু গ্ৰেপ্তাৰ কৰাৰ পাছতে চোৰাং চিকাৰী জগুক লৈ বোকাখাত আৰক্ষীৰ এটা দল আগৰাতলী বনাঞ্চলৰ উত্তৰে যাত্ৰা কৰাৰ সময়তে বিশাল ব্ৰহ্মপুত্ৰ নদীত জঁপিয়াই নিখোজ হৈছিল জগু । তাৰ পাছৰে পৰা বৰ্তমানলৈকে চোৰাং চিকাৰীটোৰ কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে । লক্ষ্যণীয়ভাৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিয়াগোম বন বিভাগৰ নিৰাপত্তা বেষ্টনী ভাঙি চোৰাংচিকাৰীয়ে সঘনে সংঘটিত কৰিবলৈ লৈছে গঁড় নিধন ।

লগতে পঢ়ক: আৰক্ষীৰ বেষ্টনী ফালি হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰত জাঁপ দুধৰ্ষ চোৰাং চিকাৰী জগুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.