ETV Bharat / state

আৰুণি কাশ্যপলৈ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ - Radcliffe Institute Fellowship

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 10:49 PM IST

WRITER ARUNI KASHYAP : হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ আগবঢ়োৱা হৈছে এগৰাকী অসমীয়ালৈ ৷ এই সন্মান লাভ কৰা আৰুণি কাশ্যপ অসমৰ প্ৰথমজন সাহিত্যিক ৷

WRITER ARUNI KASHYAP
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ আৰুণি কাশ্যপলৈ (ETV BHARAT ASSAM)

নিউজ ডেস্ক, 10 মে’ : অসমবাসীৰ বাবে এক ভাল লগা খবৰ ৷ এগৰাকী অসমীয়ালৈ আগবঢ়োৱা হৈছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ ৷ আৰুণি কাশ্যপলৈ আগবঢ়োৱা হৈছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ ৷ এক প্ৰেছ বিবৃতিযোগে এই কথা জনাইছে হাৰ্ভাৰ্ড ৰেডক্লিফ ইষ্টিটিউটে ৷

হাৰ্বাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ইষ্টিটিউট অফ এডভান্সড ষ্টাডিয়ে প্ৰত্যেক বছৰে পৃথিৱীৰ প্ৰায় 50 জন নিজৰ ক্ষেত্ৰখনৰ আগৰণুৱা ব্যক্তিক এই সন্মান প্ৰদান কৰি আহিছে ৷ এই সন্মান লাভ কৰা আৰুণি কাশ্যপ অসমৰ প্ৰথমজন সাহিত্যিক ৷

উল্লেখ্য যে, পেছাত অধ্যাপক, কবি, লেখক আৰু অনুবাদক আৰুণি কাশ্যপৰ জন্ম 1984 চনত শিলচৰত ৷ বৰ্তমান তেওঁ যুক্তৰাষ্ট্ৰৰ ইউনিভাৰচিটি অফ জিঅ’ৰ্জিয়াৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক আৰু ক্ৰিয়েটিভ ৰাইটিং কাৰ্যক্ৰমৰ সঞ্চালক হিচাবে কৰ্মৰত হৈ আছে ৷

দিল্লীৰ চেণ্ট ষ্টিফেন কলেজত ইংৰাজী সাহিত্যৰ শিক্ষা লাভ কৰি তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মিনেচটা ৰাজ্যিক বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে ৷ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে সাহিত্য চৰ্চা কৰা আৰুণি কাশ্যপে পেংগুইন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত 'দ্য হাওচ ৱিথ এ থাউজেণ্ড ষ্টৰিজ' শীৰ্ষক উপন্যাসৰ জৰিয়তে 2013 চনত ইংৰাজী সাহিত্য জগতত আত্মপ্ৰকাশ কৰিছিল ৷

2001 চনৰে পৰা অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰি অহা আৰুণি কাশ্যপৰ গল্প, প্ৰৱন্ধ আৰু উপন্যাস আদি অসমীয়া ভাষাৰ বিভিন্ন কাকত-আলোচনীত নিয়মিত প্ৰকাশ হৈ আহিছে ৷ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন কাকত-আলোচনীতো তেওঁৰ বিভিন্ন বিষয়ৰ প্ৰৱন্ধ-গল্প প্ৰকাশ হৈ আহিছে ৷ কেইবাখনো অসমীয়া আৰু ইংৰাজী গ্ৰন্থৰ লেখক আৰুণি কাশ্যপে ইতিমধ্যে কেইবাটাও সন্মানীয় বঁটাৰ বাবে মনোনীত হোৱাৰ লগতে লাভ কৰিছে ৷

লগতে পঢ়ক : নাগালেণ্ডৰ ছাৰিংগেইন লংকুমাৰ কমনৱেলথ সংসদীয় সংস্থাৰ উত্তৰ পূৰ্বাঞ্চলৰ নতুন অধ্যক্ষ - CPA NEW CHAIRMAN

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.