ETV Bharat / state

২২ জুনৰ দুপৰীয়া ২.৫৬ বজাত প্ৰবৃত্তি, আধ্যাত্মিকতাৰ মাজত আৰম্ভ হ'ব অম্বুবাচীৰ মহাযোগ

আৰু কেইটামান দিনৰ পাচতে মা কামাখ্যা মন্দিৰত হ’ব অম্বুবাচীৰ মহাযোগ ৷ পথ আৰু প্ৰৱেশৰ সময় নিৰ্ধাৰণ কৰিছে মন্দিৰ কৰ্তৃপক্ষৰ লগতে মহানগৰ আৰক্ষী প্ৰশাসনে ৷

All Eyes on Kamakhya as Ambubachi Mela 2025 Approaches
নীলাচলৰ বুকুত কামাখ্যা মন্দিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 16, 2025 at 5:18 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : অহা ২২ জুনৰ পৰা নীলাচলৰ বুকুত কামাখ্যা মন্দিৰত আৰম্ভ হ'ব অম্বুবাচীৰ মহাযোগ । ২২ জুনৰ দুপৰীয়া ২.৫৬ বজাত প্ৰবৃত্তিৰ লগে লগে মা কামাখ্যাৰ দুৱাৰ বন্ধ হ'ব । ২৩, ২৪ আৰু ২৫ জুন বন্ধ থাকিব কামাখ্যা মন্দিৰৰ মুখ্য দুবাৰ । অহা ২৬ জুনত পুৱা নিবৃত্তিৰ পিছতেই ভক্তৰ বাবে মুকলি কৰা হ'ব মা কামাখ্যাৰ দুৱাৰ । কামাখ্যা মন্দিৰ প্ৰাংগনত সোমবাৰে অনুষ্ঠিত কামৰূপ মহানগৰ জিলা আয়ুক্ত আৰু আৰক্ষী প্ৰশাসন আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ যৌথ সংবাদমেলত কামাখ্যা মন্দিৰৰ দলৈ সমাজৰ দলৈ কবিন্দ্ৰ প্ৰসাদ শৰ্মাই এই কথা সদৰী কৰে ।

তেওঁ কয়, ‘‘এইবাৰ অম্বুবাচী মেলাত হুলস্থূলীয়া পৰিৱেশ যাতে নহয়, শান্তিপূৰ্ণৰে হয় তাৰ ব্যৱস্থা কৰা হৈছে । এইবাৰ মন্দিৰত অযথা হুলস্থূলীয়া পৰিৱেশ নহয়, তাৰ বাবে জিলা প্ৰশাসনৰ ওচৰত আবেদন কৰা হৈছে ।’’

কবিন্দ্ৰ প্ৰসাদ শৰ্মাই কয়, ‘‘মা কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি হোৱাৰ পিছত অৰ্থাৎ ২৬, ২৭ জুনত কোনো ধৰণৰ ভি আই পি, ভি ভি আই পি পাছৰ ব্যৱস্থা নাথাকিব । ২৮ জুনৰ পৰা দৈনন্দিন দৰ্শনৰ ব্যৱস্থা আৰম্ভ হ'ব ।’’

অম্বুবাচীৰ মহাযোগ সন্দৰ্ভত সংবাদমেল (ETV Bharat Assam)

তেওঁ লগতে কয়, ‘‘মন্দিৰৰ চৌহদৰ ভিতৰত কোনো বাদ্যযন্ত্ৰৰ ব্যৱহাৰ কৰি, সমদল কৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰিব । অম্বুবাচী মেলা যাতে শান্তিপূৰ্ণভাৱে হয় তাৰ বাবে সকলোকে মই আহ্বান জনাইছো ৷’’

All Eyes on Kamakhya as Ambubachi Mela 2025 Approaches
মা কামাখ্যা মন্দিৰ (ETV Bharat Assam)

সংবাদমেলত গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই কয়, ‘‘যোৱা দুবছৰত সাত দিনলৈ কামাখ্যা মন্দিৰত ২৭ লাখতকৈ অধিক মানুহৰ সমাগম হৈছিল । এইবাৰ নীলাচল পাহাৰত ভূমিস্খলনৰ সমস্যা হৈ আছে । এই ক্ষেত্ৰত প্ৰশাসনে যাৱতীয় সুৰক্ষাৰ ব্যৱস্থা কৰি আছে । কিন্তু তাৰ‌ মাজতো সাৱধান হ'ব লাগিব । যাৰ বাবে এইবাৰ বিশেষ ব্যৱস্থা লোৱা হ'ব ।’’

All Eyes on Kamakhya as Ambubachi Mela 2025 Approaches
মা কামাখ্যা মন্দিৰ (ETV Bharat Assam)

তেওঁ কয়, ‘‘নীলাচল পাহাৰত এইবাৰ যিহেতু ভূমিস্খলনৰ ভয়াৱহতা আছে সেয়েহে ভিৰ হ্ৰাস কৰাৰ‌ বাবে অম্বুবাচী মেলাৰ কেইদিনত সকলো মানুহে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ নীলাচল পাহাৰত উঠিব পাৰিব । সকলোৱে খোজকাঢ়ি আহিব লাগিব । ভূমিস্খলন এলেকাত বিশেষ ব্যৱস্থা থাকিব । এইবাৰ কামাখ্যালৈ অহা পাণ্ডুৰ পথ বন্ধ থাকিব । এই পথেৰে কোনো আহিব নোৱাৰিব । মেখেলা উজোৱা পথটো ব্যৱহাৰ কৰিব পাৰিব । লগতে ত্ৰিনাথ মন্দিৰৰ পথটো ব্যৱহাৰ কৰিব পাৰিব ।’’

লগতে পঢ়ক : ২২ জুনৰ পৰা অম্বুবাচী মহাযোগ: ভক্তই কি কি কৰিব পাৰিব কি কি নোৱাৰিব ?

লগতে পঢ়ক : ২২ জুনৰ পৰা লোকাৰণ্য হৈ পৰিব কামাখ্যা ধাম; শক্তিপীঠত আৰম্ভ হ'ব অম্বুবাচী মেলা