গুৱাহাটী: অহা ২২ জুনৰ পৰা উখল-মাখল হ'ব নীলাচল পাহাৰ । এই দিনটোৰ পৰাই নীলাচলৰ বুকুত আৰম্ভ হ'ব অম্বুবাচী মহাযোগ । মা-কামাখ্যাৰ আশিস বিচাৰি নীলাচলৰ বুকুত লাখ লাখ ভক্তই ভিৰ কৰিবহি । সেয়েহে অম্বুবাচীকলৈ ব্যাপক প্ৰস্তুতি চলিছে নীলাচলত । এইবাৰ এই অম্বুবাচী মেলাত সংযোগ কৰা হৈছে কেইবাটাও নতুন নিয়ম তথা আৰোপ কৰা হৈছে নিষেধাজ্ঞা । এই সন্দৰ্ভত সবিশেষ জনালে পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।
শক্তিপীঠ মা কামাখ্যা মন্দিৰত ২২ জুনৰ পৰা আৰম্ভ হ'বলগীয়া অম্বুবাচী মহাযোগৰ ২৬ জুনত সামৰণি পৰিব । অম্বুবাচী মহাযোগৰ সময়ত দেশী-বিদেশী পৰ্যটকেৰে ভৰি পৰিব নীলাচলৰ বুকু । ভক্তৰ লগতে দেশী-বিদেশী পর্যটকক আদৰিবলৈ চৰকাৰ তথা মন্দিৰ কর্তৃপক্ষ সাজু হৈছে । অম্বুবাচী মহাযোগ শৃংখলাবদ্ধভাৱে আয়োজন কৰা সন্দৰ্ভত ইতিমধ্য়ে কেইবাখনো পর্যালোচনা বৈঠক অনুষ্ঠিত হৈছে ।
২৪ টা বিভাগৰে পর্যালোচনা বৈঠক :
পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত পর্যালোচনা বৈঠকত আৰক্ষীৰ শীৰ্ষ বিষয়া, যান-বাহন আৰক্ষীৰ শীৰ্ষ বিষয়া, স্বাস্থ্য বিভাগ, বিদ্যুৎ বিভাগ, গুৱাহাটী পৌৰ নিগমকে ধৰি মুঠ ২৪ টা বিভাগৰ বিষয়াই অংশগ্ৰহণ কৰে । পৰিৱেশ বিনষ্ট নকৰি আধ্যাত্মিকতাৰে এই অম্বুবাচী মহাযোগ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মন্ত্ৰী দাসে গুৰুত্ব আৰোপ কৰে । অম্বুবাচী মহাযোগৰ বিভিন্ন কামকাজ সংক্রান্তত ৩ কিলোমিটাৰৰ ভিতৰত থকা ৱাৰ্ডসমূহৰ কমিছনাৰসকলৰ সৈতে সংশ্লিষ্ট সংগঠনসমূহে যোগাযোগ কৰিব পাৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "অম্বুবাচী মহাযোগ ২০২৫ ভাগি যাতে সুন্দৰ আৰু নিখুতভাৱে কৰিব পাৰো তাৰ আজি আমি ২৪টা বিভাগৰ বিষয়াসকলৰ লগত কামৰূপ জিলাৰ আয়ুক্তৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰিছো । এইবাৰ আমি অন্য় ৰূপত এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিব খুজিছো, বিশেষকৈ আধ্য়াত্মিকভাৱে ।"
কামাখ্যাত সমদল নিষেধ :
প্ৰতি বছৰে মা-কামাখ্যাৰ আশিস বিচাৰি নীলাচলৰ বুকুত লাখ লাখ ভক্তৰ সমাগম হোৱাৰ সময়ত বহুতেই পাহাৰৰ তলৰ পৰা মন্দিৰলৈ সমদল কৰে । কিন্তু এইবাৰ এনেধৰণৰ সমদল উলিওৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয়, "আগতে আমি দেখা পাইছো বহুতেই ছাউণ্ড ছিষ্টেম আনি ৫০০ জন ব্য়ক্তি পৰ্যন্ত সমদল কৰি আহে । সেয়া এইবাৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব । যিসকলে আধ্য়াত্মিক পৰিৱেশত আহিব খোজে তেওঁলোকে আহিব পাৰিব । ঢোলে-ডগৰে কামাখ্য়ালৈ অহা অনুচিত । বহুতেই মৌনব্ৰত পালন কৰে, জপ কৰে, সেইসকলে মনত অশান্তি লৈ যায় । এই আধ্য়াত্মিক পৰিৱেশ যাতে বিৰাজ কৰি ৰাখিব পাৰো তাৰ বাবে সকলো বিভাগৰ লগত আলোচনা কৰিছো ।"

নাথাকিব ভি আই পি:
এইবাৰ অম্বুবাচী মেলাত কোনোধৰণৰ ভি আই পিৰ ব্য়ৱস্থা নাথাকিব । এই সন্দৰ্ভত পৰ্যটন মন্ত্ৰীগৰাকীয়ে কয়, "এইবাৰ সকলোৱেই ভি আই পি । যিমান ভক্ত আহিব সকলোৱেই ভি আই পি । ১০ লাখ মানুহ আহিলে এই ১০ লাখেই হ'ব ভি আই পি ।"
ভক্তক ৭ বজাৰ পূৰ্বেই উপস্থিত হ'বলৈ আহ্বান :
মন্ত্ৰীগৰাকীয়ে লগতে কয়, "সকলোৱে যাতে ৭ বজাৰ পূৰ্বে কামাখ্য়া মন্দিৰ এলেকালৈ আহে । কিয়নো ৮ বজাৰ পিছত সম্পূৰ্ণৰূপে বন্ধ হ'ব । নিশা ৮:৩০ বজাৰ আগে আগে সকলোকে ওলাই যাবলৈ মন্দিৰ পৰিচালনা সমিতিয়ে আহ্বান জনাইছে । সকলোকে জোতা-চেণ্ডেল আদি পিন্ধি নাহিবলৈ আহ্বান জনাইছো । বাহিৰৰ যিসকল ভক্তই এই কথাটো গম নাপায় তেওঁলোকৰ বাবে জোতা-চেণ্ডেল ৰখাৰ সীমিত ব্য়ৱস্থা কৰিছো । অসুবিধা হ'লে মোজা পিন্ধি আহিব । "
অম্বুবাচীৰ দিনকেইটাত সকলোৰে বাবে সমান ব্যৱস্থা থাকিব । লগতে পাণ্ডু সংযোগী কামাখ্যাৰ নতুন পথটিও অতি সোনকালেই মুকলি হ'ব বুলি মন্ত্রী দাসে উল্লেখ কৰে । অম্বুবাচীৰ বাবে বাহিৰৰ পৰা অহা ভক্তৰ বাবে চৰকাৰৰ ফালৰ পৰা ৪ টাকৈ শিবিৰৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "প্ৰয়োজন হ'লে শিবিৰৰ সংখ্য়া বঢ়াই দিয়া হ'ব ।" অম্বুবাচী মহাযোগৰ সময়ত নিচা সেৱনৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা বুলি কয় মন্ত্ৰীগৰাকীয়ে ।