ETV Bharat / state

২২ জুনৰ পৰা লোকাৰণ্য হৈ পৰিব কামাখ্যা ধাম; শক্তিপীঠত আৰম্ভ হ'ব অম্বুবাচী মেলা

২২ জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচী মেলা । লাখ লাখ ভক্তৰ সমাগমত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হ'ব নীলাচলৰ বুকুত ।

Ambubachi Mela 2025
শক্তিপীঠ কামাখ্যা ধাম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 2, 2025 at 10:11 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : ২২ জুনৰ পৰা উখল-মাখল হৈ পৰিব নীলাচল বুকু । বহু সাধু-শন্তৰ পৰা আদি কৰি দেশী-বিদেশী পৰ্যটক তথা ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিব মা কামাখ্যা দেৱালয়ত । কিয়নো ২২ জুনৰ পৰা নীলাচলৰ বুকুত আৰম্ভ হ'ব অম্বুবাচীৰ মহাযোগ ।

২২ জুনৰ দুপৰীয়া ২.৫৬ বজাত প্ৰবৃত্তিৰ লগে লগে মা কামাখ্যাৰ দুৱাৰ বন্ধ হ'ব । ২৬ জুনত নিবৃত্তিৰ পিছতেই ভক্তৰ বাবে খোল খাব মা কামাখ্যাৰ দুৱাৰ ।

অম্বুবাচী মেলা সন্দৰ্ভত সংবাদমেল (ETV Bharat Assam)

সোমবাৰে পল্টন বজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত পৰ্যটন মন্ত্ৰী ৰণজিত্‍ কুমাৰ দাসৰ অধ্যক্ষতাত ২৪ টা বিভাগৰ সৈতে অম্বুবাচী মহাযোগ সন্দৰ্ভত এখন প্ৰস্তুতি বৈঠক অনুষ্ঠিত হয় । বৈঠকত কামাখ্যা মন্দিৰৰ দলৈ সমাজৰ প্ৰতিনিধিও উপস্থিত থাকে ।

বৈঠকৰ পিছতে এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী দাসে কয়, "অম্বুবাচী মহাযোগ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে পূৰ্বৰ পৰা সহায় সহযোগ কৰি আহিছে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আজি ২৪ টা বিভাগৰ সৈতে প্ৰস্তুতি বৈঠক অনুষ্ঠিত কৰা হৈছে ।"

"অম্বুবাচী মহাযোগ নিখুঁতভাৱে অনুষ্ঠিত কৰাৰ বাবে পৰৱৰ্তী পৰ্যায়তো বৈঠক অনুষ্ঠিত হ'ব । তদুপৰি অম্বুবাচী মহাযোগ নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে পৰ্যটন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশাসনলৈ ৪ কোটি ৫৫ লাখ টকা আগবঢ়াব ।" মন্ত্ৰী দাসে কয় ।

Kamakhya Devalaya
শক্তিপীঠ মা কামাখ্যা (ETV Bharat Assam)

অম্বুবাচী মহাযোগৰ সময়ত মন্দিৰলৈ যোৱা পথটোত কাৰ্পেটৰ ব্যৱস্থা কৰাৰ লগতে খোৱাপানীৰ ব্যৱস্থা কৰা হ'ব । সেয়ে ভক্তসকলক জোতা, চেণ্ডেল পৰিধান কৰি কামাখ্যা মন্দিৰলৈ নাযাবলৈ এই সংবাদমেলৰ জৰিয়তে মন্ত্ৰী দাসে সকলোকে অনুৰোধ জনায় । লগতে তেওঁ আধ্যাত্মিক দিশটোক অধিক গুৰুত্ব দিয়াৰ বাবে সকলোকে আহ্বান জনায় ।

তেওঁ লগতে কয়, "প্ৰতি বছৰৰ দৰেই এইবাৰও কেইবা লাখ ভক্তৰ সমাগম হ'ব বুলি আশা কৰা হৈছে। বৰ্তমান মুহূৰ্তলৈকে ৪টা শিবিৰৰ ব্যৱস্থা কৰা হৈছে । বহিঃৰাজ্যৰ পৰা অহা ভক্তসকলৰ বাবে এই শিবিৰৰ ব্যৱস্থা কৰা হ'ব । পৰৱৰ্তী পৰ্যায়ত ভক্তৰ সমাগম বৃদ্ধি হলে বৃদ্ধি পাব পাৰে শিবিৰৰ সংখ্যা ।"

ইপিনে, সংবাদমেলত উপস্থিত থাকি দলৈ সমাজৰ হৈ কবিন্দ্ৰ প্ৰসাদ শৰ্মাই মা কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি হোৱাৰ পিছত অৰ্থাৎ ২৬, ২৭ জুনত কোনো ধৰণৰ ভি আই পি, ভি ভি আই পি পাছৰ ব্যৱস্থা নাথাকিব বুলিও সদৰী কৰে ।

লগতে পঢ়ক : ৰূপকাৰ... নব্বৈ দশকৰ অসমীয়া শিল্প-সাংস্কৃতিক সাংবাদিকতাৰ নব্য-ৰূপকাৰ

লগতে পঢ়ক : লখিমপুৰৰ বন্যাৰ্তৰ কাষত মুখ্যমন্ত্রী; সকীয়ালে নীপকোক