ETV Bharat / state

ভূমি কেলেংকাৰী : আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে ইজনৰ পিচত সিজনৰ নাম

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 4:42 PM IST

Etv BharatGuwahati Land Scam
ভূমি কেলেংকাৰী : আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে ইজনৰ পিচত সিজনৰ নাম

Guwahati Land Scam: শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে গুৱাহাটী ৰাজহ চক্ৰ আৰু দিছপুৰ ৰাজহ চক্ৰৰ দুগৰাকী চক্র বিষয়া ক্রমে লক্ষ্যজিৎ দুৱৰী আৰু লক্ষ্যজ্যোতি দাসক গ্রেপ্তাৰ কৰাৰ লগে লগে ভূমি কেলেংকাৰী কিমান গভীৰ আছিল সেয়া পোহৰলৈ আহিছে । জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ...

গুৱাহাটী, 2 ফেব্ৰুৱাৰী : গুৱাহাটীৰ ভূমি জালিয়াতি গোচৰত দুজনকৈ ৰাজহ চক্ৰ বিষয়া গ্ৰেপ্তাৰ পিচতে ন ন তথ্য পোহৰলৈ আহিছে । গুৱাহাটী ৰাজহ চক্রত কার্যনির্বাহ কৰোতে এ চি এছ বিষয়া লক্ষ্যজিৎ দুৱৰাই অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্রয়াত কালিৰাম মেধিৰ পুত্ৰৰ নামত থকা ভৰলুমুখৰ তিনি কঠা দহ লেচা মাটি জালিয়াতিৰে আনৰ নামত নামজাৰি কৰিছিল । পণ্ডিত-গৱেষক কালিৰাম মেধিৰ তৃতীয় পুত্র প্রয়াত সুভদ্রা মেধিৰ নামত থকা মাটিখিনি জীৱিত অৱস্থাত তেওঁ ভতিজাক প্রয়াত বীৰভদ্ৰ মেধিৰ নামত ইচ্ছাপত্রযোগে দান কৰি গৈছে ।

প্রয়াত সুভদ্রা মেধি অবিবাহিত আছিল, সেয়ে ভতিজাকক দিছিল মাটিখিনি । এই ইচ্ছাপত্র মর্মে প্রয়াত বীৰভদ্ৰ মেধিৰ উত্তৰাধিকাৰীয়ে মাটিখিনি নামজাৰি কৰিবলৈ আহোতে ভৰলুমুখৰ প্রদীপ কুমাৰ দাস নামৰ লোক এজনে এইক্ষেত্ৰত আপত্তি দর্শায় । শান্তিপুৰৰ প্রদীপ কুমাৰ দাসে অভিযোগ দাখিল কৰে যে ২০০৮ চনতেই তেওঁ সুভদ্রা মেধিৰ পৰা মাটিখিনি ক্ৰয় কৰিছিল । ইয়াৰ বিপৰীতে তেওঁ এখন পঞ্জীয়ন হোৱা মাটি ক্রয় কৰা দলিল দাখিল কৰে, যিখন দলিলত প্রয়াত সুভদ্রা মেধিৰ চহী জাল কৰা হৈছিল। এই বিষয়ে ভৰলুমুখ থানাত গোচৰ তৰাত প্রয়াত বীৰভদ্ৰ মেধিৰ পুত্র দুষ্মন্ত মেধিয়ে বিষয়টো সেই সময়ৰ গুৱাহাটীৰ ৰাজহ চক্র বিষয়া লক্ষ্যজিৎ দুৱৰীক লিখিতভাবে অৱগত কৰিছিল। কিন্তু তদানীন্তন ৰাজহ চক্র বিষয়া এগৰাকীয়ে এই অভিযোগক গুৰুত্ব নিদিলে।

পৰৱৰ্তী সময়ত তেওঁ লাট মণ্ডল ৰত্নেশ্বৰ দাসৰ সহায়ত উক্ত মাটিখিনি প্রদীপ কুমাৰ দাসৰ নামত নামজাৰি কৰে। মহানগৰ আৰক্ষীয়ে ভৰলুমুখ থানাত ৰুজু হোৱা এই গোচৰৰ সূক্ষ্ম তদন্ত কৰি প্রথমে লাট মণ্ডল ৰত্নেশ্বৰ দাসক গ্রেপ্তাৰ কৰে। ৰত্নেশ্বৰ দাসে আৰক্ষীক স্বীকাৰোক্তি দিয়ে যে তদানীন্তন ৰাজহ চক্র বিষয়া লক্ষ্যজিৎ দুৱৰীৰ নিৰ্দেশত তেওঁ প্রদীপ কুমাৰ দাসৰ সপক্ষে প্রতিবেদন দিছিল। ৰাজহ চক্র বিষয়াগৰাকীয়ে আনকি অভিযোগকাৰী দুষ্মন্ত মেধিৰ সৈতে সুভদ্রা মেধিৰ কোনো সম্পর্ক নাই বুলি চৰকাৰী ফাইলত টোকা লিখিছিল।

আৰক্ষীৰ তদন্তত এই কথাও পোহৰলৈ আহে কুখ্যাত দালাল তাপস চৌধুৰীৰ সহায়ত প্রদীপ কুমাৰ দাসে মাটিখিনি জালিয়াতিৰে নিজৰ নামলৈ আনিছিল। ইয়াৰ পিচত তেওঁলোকে মাটিখিনি সবিতা দেবী জৈন নামৰ মহিলা এগৰাকীক বিক্ৰী কৰিছিল। এই গোচৰত মহানগৰ আৰক্ষীয়ে ইতিপূর্বে দালাল তাপস চৌধুৰী, সৰিতা দেৱী জৈনৰ পুত্র সংগীত জৈনক গ্রেপ্তাৰ কৰিছে। প্রদীপ কুমাৰ দাস নামৰ অভিযুক্তজনে আগতীয়া জামিন লাভ কৰিছে।

এই সকলো তথ্য-প্রমাণৰ আধাৰত বুধবাৰে মহানগৰ আৰক্ষীয়ে গুৱাহাটী ৰাজহ চক্ৰৰ তদানীন্তন ৰাজহ চক্র বিষয়া লক্ষ্যজিৎ দুৱৰীক গ্রেপ্তাৰ কৰিছে। দিছপুৰ ৰাজহ চক্ৰৰ তদানীন্তন ৰাজহ চক্র বিষয়া লক্ষ্যজ্যোতি দাসে আকৌ গুৱাহাটীৰ ছয়মাইলৰ দ্বাৰান্ধাৰ চবিৰ শ্বাহ নামৰ লোক এজনে ২০০০ চনতে ক্রয় কৰা এডোখৰ মাটি পূর্ণিমা বনজং নামৰ মহিলা এগৰাকীৰ নামত জালিয়াতিৰে নামজাৰি কৰিছিল। পূর্ণিমা বনজং নামৰ মহিলাগৰাকীয়ে ভুৱা দলিলৰ সহায়ত উক্ত মাটিখিনি ক্রয় কৰা দেখুৱাইছিল।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে যিখন দলিলৰ ওপৰত ভিত্তি কৰি তদানীন্তন ৰাজহ চক্র বিষয়া লক্ষ্যজ্যোতি দাসে উক্ত মাটিখিনি নামজাৰি কৰিছিল, উক্ত দলিলখন অসম বিদ্যুৎ পৰিষদক আমানত হিচাপে জমা দিয়া আছিল। ৰাজহ চক্র বিষয়াগৰাকীয়ে এই সকলো কথা জানি-শুনিও উক্ত ভুৱা দলিলৰ ভিত্তিত ভূ-মাফিয়াৰ স্বাৰ্থ পূৰণ কৰিবলৈ মাটিখিনি পূর্ণিমা বনজং নামৰ মহিলাগৰাকীৰ নামত নামজাৰি কৰিছিল।

ইপিনে বৰ্তমানেও পলাতক হৈ আছে অভিযুক্ত পূৰ্ণিমা বনজং। আৰক্ষীৰ জেৰাত লক্ষ্যজ্যোতি দাসৰ স্বীকাৰোক্তিৰ ভিত্তিতে আটক কৰা হৈছে কমল নাথ আৰু আব্দুল পেন্টাৰ নামৰ দুই ভূ মাফিয়াৰ। ছয়মাইলৰ ৰহমান হাস্পতালৰ কাষৰীয়া ১ কঠা ১০ লেচা ভূমি ভূ মাফিয়া কমল নাথৰ নেতৃত্বত একাংশ গুণ্ডাবাহিনীযে ২০২১ ত দখল কৰিছিল । দুই ভূ মাফিয়া ক্ৰমে কমল নাথ আৰু আব্দুল পেন্টাৰক জেৰা অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে । ধৃত ACS লক্ষ্যজ্যোতি দাসক সম্প্ৰতি জেৰা চলাই থকা হৈছে বশিষ্ঠ থানাত ।

শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে গুৱাহাটী ৰাজহ চক্ৰ আৰু দিছপুৰ ৰাজহ চক্ৰৰ দুগৰাকী চক্র বিষয়া ক্রমে লক্ষ্যজিৎ দুৱৰী আৰু লক্ষ্যজ্যোতি দাসক গ্রেপ্তাৰ কৰাৰ লগে লগে ভূমি কেলেংকাৰী কিমান গভীৰ আছিল সেয়া পোহৰলৈ আহিছে । সম্প্রতি স্বাস্থ্য, শিক্ষা বিভাগৰ উপ-সচিব হিচাপে কার্যনির্বাহ কৰা লক্ষ্যজিৎ দুৱৰী আৰু নগাঁৱৰ অতিৰিক্ত জিলা আয়ুক্ত হিচাপে কার্যনির্বাহ কৰি থকা লক্ষ্যজ্যোতি দাসক বুধবাৰে মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰি বৃহস্পতিবাৰে আদালতত হাজিৰ কৰাই দুয়োগৰাকী ৰাজপত্রিত বিষয়াক ভূমি জালিয়াতি গোচৰত আৰক্ষীয়ে সাত দিনৰ জিম্মাত লৈছে। গুৱাহাটী ৰাজহ চক্ৰৰ প্রাক্তন চক্র বিষয়া লক্ষ্যজিৎ দুৱৰীক ভৰলুমুখ থানাত ৰুজু হোৱা ৩৫৭/২০২৩ আৰু লক্ষ্যজ্যোতি দাসক দিছপুৰ থানাত ৰুজু হোৱা ৪২/২০২৪ নম্বৰ গোচৰত গ্রেপ্তাৰ কৰা হৈছে।

লগতে পঢ়ক: মহানগৰীৰ ভূমি কেলেংকাৰীৰ দুই মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.