ETV Bharat / state

ধন-সোণ চুৰি কৰি দুমহলীয়া অট্টালিকা নির্মাণ কৰিছে কোনে ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন - Guwahati City Police

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 3:36 PM IST

Crime in Guwahati: ধন সোণ লুটি নিৰ্মাণ কৰি আছে দুমহলীয়া অট্টালিকা ৷ দীৰ্ঘদিনে গুৱাহাটীত চলাই আছিল আতংকৰ ৷ অৱশেষত মাষ্টাৰ মাইণ্ড পৰিল জালত ৷

Thieves arrested in Guwahati
গুৱাহাটীত ৫ টা দুধর্ষ চোৰক গ্ৰেপ্তাৰ (ETV Bharat Assam)

গুৱাহাটী, ২২ মে’ : গুৱাহাটী মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধন-সোণ লুটপাত কৰি আতংকৰ সৃষ্টি কৰা ৫ টা দুধর্ষ চোৰক । ধৃত এই চোৰকেইটা মুকালমুৱাৰ ছিৰাজ আলী(৪২), জুলহাছ আলী(৩৭), দিলোৱাব আলী(২৫), গৰৈমাৰীৰ ছাজিদুল ইছলাম(৩৮) আৰু হাজোৰ চাতলাপাৰাৰ চাবিতুল্লা ওৰফে নাচিৰ (৪৫) বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

আৰক্ষীয়ে জনোৱা অনুসৰি বিগত সময়ছোৱাত মহানগৰৰ কেবাটাও স্থানত চোৰৰ এই গেংটোৱে লুটপাত চলাইছিল । এনেদৰে গুৱাহাটীৰ বাসিন্দাৰ ধন-সোণ, মূল্যবান সা-সম্পদ চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা চোৰৰ এই দলটোৰ মাষ্টাৰ মাইণ্ড ছিৰাজ আলী শুকুৰবাৰে আৰক্ষীৰ জালত পৰে । ধৃত চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত হাতীগাঁও আৰক্ষীৰ দলে শনিবাৰে আন ৪ টা চোৰক গ্ৰেপ্তাৰ কৰিছে ।

আৰক্ষীয়ে ধৃত চোৰকেইটাৰ পৰা নগদ ধন, সোণৰ আ-অলংকাৰ উদ্ধাৰ কৰিছে । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বৃহত্তৰ হাতীগাঁৱৰ লগতে গুৱাহাটীৰ কেবাটাও স্থানত বিগত কেইদিনত কেবাটাও চুৰিকাণ্ড সংঘটিত কৰে চোৰৰ এই দলটোৱে । ইয়াৰ পিচত দলটোৱে আগন্তুক কেইদিনত কোন কোন স্থানত চুৰিকাণ্ড সংঘটিত কৰিব, তাৰ ব্লুপ্ৰিন্ট তৈয়াৰ কৰিছিল । যি কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে মাষ্টাৰ মাইণ্ড ছিৰাজ আলীয়ে ।

এনেদৰে গুৱাহাটীৰ লগতে ৰাজ্যখনৰ আন বহু ঠাইত চুৰি-ডকাইতি কৰি অগাধ সম্পত্তি গঢ়িছিল চোৰৰ এই দলটোৱে । মাষ্টাৰ মাইণ্ড ছিৰাজ আলীয়ে ধন-সোণ চুৰি কৰি মুকালমুৱাত এটা দুমহলীয়া অট্টালিকা নির্মাণ কৰি আছে । যি কথা আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে ছিৰাজ আলীয়ে ।

হাতীগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে চোৰকেইটাক সাধা-পোছা অব্যাহত ৰাখিছে । আৰক্ষীৰ জেৰাত গুৱাহাটীত সংঘটিত চুৰি-ডকাইতিৰ বহু তথ্য পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক: বিধায়ক শ্বেৰমান আলীৰ দিছপুৰৰ চৰকাৰী আৱাসত চুৰিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.