ETV Bharat / state

গুৰুকুল কি, কিয় ব্যতিক্ৰম এই বিশেষ বিদ্যালয়খন ? - GURUKUL IN ARUNACHAL PRADRESH

পাঠ্যপুথিৰ শিক্ষাৰ উপৰিও ব্যৱহাৰিক শিক্ষা তথা অস্ত্ৰচালনাৰ শিক্ষা প্ৰদান কৰা হয় ইয়াত । জানো আহক এই বিদ্যালয়খনৰ বিষয়ে ।

Gurukul, an exceptional school offering traditional education in Arunachal Pradresh
গুৰুকুল কি, কিয় ব্যতিক্ৰম এই বিশেষ বিদ্যালয়খন ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 18, 2025 at 6:01 PM IST

6 Min Read

তেজপুৰ: গুৰুকুল - এই শব্দটো আমি সৰুকালৰে পৰা শুনি আহিছো । এই শব্দটো আমি ৰামায়ণ বা মহাভাৰতৰ দৰে গ্ৰন্থতো উল্লেখ থকাৰ কথা জানো । কাৰণ এয়া হৈছে প্ৰাচীন সভ্যতাৰ পৰা চলি অহা শিক্ষাগ্ৰহণ কৰা এক ব্যৱস্থা । প্ৰকৃততে গুৰুকুল আছিল আৱাসিক বিদ্যালয়ৰ ব্যৱস্থা, যাৰ উৎপত্তি ভাৰতবৰ্ষত প্ৰায় ৫০০০ খ্ৰীষ্টপূৰ্বৰ পৰাই হৈছিল । বৈদিক যুগত ই অধিক প্ৰচলিত আছিল য’ত ছাত্ৰ-ছাত্ৰীক বিভিন্ন বিষয় আৰু কেনেকৈ সংস্কৃতিৱান আৰু অনুশাসিত জীৱন যাপন কৰিব লাগে সেই বিষয়ে শিকোৱা হৈছিল ।

সময়ৰ লগে লগেই এই গুৰুকুলৰ ব্যৱস্থা প্ৰায় নোহোৱা হৈ পৰিছে বুলি ক’লেও ভুল কোৱা নহ'ব । কিন্তু আজি আমি আপোনালোকক এনে এখন গুৰুকুলৰ সৈতে চিনাকী কৰাই দিম য’ত শিক্ষাৰ্থীসকলক আধুনিক শিক্ষাৰ লগতে দিয়া হয় নিজক ভাষা, সংস্কৃতি,পৰম্পৰাক জীয়াই ৰখাৰ পাঠ ।

গুৰুকুল কি, কিয় ব্যতিক্ৰম এই বিশেষ বিদ্যালয়খন ? (ETV Bharat Assam)

এই গুৰুকুল বিচাৰি আমি যাব লাগিব ভাৰতৰ পূৱ প্ৰান্তত অৱস্থিত সেই অংশলৈ য'ত দেশৰ প্ৰথম সূৰ্যৰ কিৰণ পৰে । হয়, আমি কৈছো অৰুণোদয়ৰ দেশ- অৰুণাচলৰ কথা । এই অৰুণাচল প্ৰদেশৰ পূব কামেং জিলা সদৰৰ পৰা ৮ কিলোমিটাৰ আৰু ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত ৰং গাঁৱত এঢলীয়া পাহাৰত অৱস্থিত এই বিশেষ গুৰুকুলখন । এখন বিদ্যালয় য’ত জনজাতীয় ভাষাত প্ৰদান কৰা হয় শিক্ষা ।

উল্লেখ্য যে অৰুণাচল প্ৰদেশত মুঠ ২৬ টা জনগোষ্ঠী আৰু ১০০ টা উপ-গোষ্ঠী আছে । ইয়াৰ ভিতৰত আদি, আপাতানি, বুগুনছ, হ্ৰুছছ, চিংফৌ, মিছিমি, মনপা, নিছি, শ্বেৰডুকপেন্স, টাগিন, খামটি, ৱাংচো, নক্টে, যোবিন, খাম্বা আৰু মেম্বা আদি প্ৰধান জনগোষ্ঠী । এই গোষ্ঠীসমূহৰ প্ৰত্যেকৰে নিজৰ এক সুকীয়া পৰিচয় আছে যদিও আধুনিকতাৰ পৰশত ক্ৰমাৎ ভাবুকিৰ সন্মুখীন জনগোষ্ঠীসমূহ । শেহতীয়াকৈ বিশেষকৈ ইংৰাজী আৰু হিন্দীৰ আগ্ৰাসনে স্থানীয় ভাষাবোৰৰ চৰ্চা হ্ৰাস কৰা পৰিলক্ষিত হৈ আহিছে ।

Gurukul, an exceptional school offering traditional education in Arunachal Pradresh
শৰীৰচৰ্চা (ETV Bharat Assam)

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই নিজৰ জনজাতীয় ভাষা, পৰম্পৰা, সংস্কৃতিৰ সৈতে নৱ প্ৰজন্মক বান্ধি ৰাখিবলৈ যত্নপৰ হৈছে অৰুণাচলৰ এক প্ৰধান জনগোষ্ঠী - নিছি সম্প্ৰদায় । তাৰ ফলস্বৰূপে ২০২০ চনৰ ৩ ফেব্ৰুৱাৰীত পূব কামেং জিলাৰ ছেপাৰ ৰং গাঁৱত স্থাপন কৰা হয় নিউবু নেগাম য়েৰকো (Nyubu Nyvgam Yerko ) নামেৰে গুৰুকুল ব্যৱস্থাৰে পৰিচালিত বিদ্যালয়খন । এইটো হৈছে নিচি জনজাতীয় শব্দ । ইয়াৰ অৰ্থ হৈছে পৰম্পৰাগতৰ লগতে আধুনিক দুয়োটা শিক্ষা ব্যৱস্থাৰে জনজাতীয় গুৰুকুলৰ শিক্ষা ব্যৱস্থাৰে ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰা ।

গুৰুকুলৰ ছাত্ৰ-ছাত্ৰী (ETV Bharat Assam)

এই সন্দৰ্ভত বিদ্যালয়ৰ পৰিচালনা কমিটীৰ সভাপতি ৰবীন হিচাঙে ই টিভি ভাৰতক জনায়, "নিউবুৰ অৰ্থ হ’ল আধ্যাত্মিক পুৰোহিত, নেগামৰ অৰ্থ হ’ল প্ৰজ্ঞাৰ মানুহ, বৌদ্ধিক আৰু বক্তৃতা দক্ষতাসম্পন্ন ব্যক্তি, য়েৰকোৰ অৰ্থ হৈছে প্ৰতিষ্ঠান । প্ৰতিষ্ঠানখনৰ বাবে শিক্ষকৰ নিযুক্তি লিখিত আৰু মৌখিক দুয়োটাৰ সাক্ষাৎকাৰৰ জৰিয়তেহে কৰা হয় ।"

কি উদ্দেশ্য আগত লৈ আৰম্ভ হৈছিল বিদ্যালয়খন ?

ৰবীন হিচাঙে কয়, "গুৰুকুলখনৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য হৈছে খিলঞ্জীয়াৰ বিশ্বাস আৰু সংস্কৃতি সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধি কৰাৰ বাবে । যিহেতু জনগোষ্ঠীয় সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ সাধাৰণতে বিদ্যালয়সমূহত যথেষ্ট পৰিমাণে কম ।"

বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলক নিছি (Nyishi) ভাষা, ধ্বনি বিজ্ঞান, নিছি সংস্কৃতিৰ শিক্ষা প্ৰদান কৰা হয় লগতে বৰ্তমানৰ প্ৰযুক্তি বিদ্যাৰ সৈতে জড়িত কম্পিউটাৰ আৰু অন্যান্য কাৰিকৰী শিক্ষাও প্ৰদান কৰা হয় । বৰ্তমানে পঞ্চম শ্ৰেণীলৈ শিক্ষাদানৰ ব্যৱস্থা থকা গুৰুকুলখনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় ১৬০ ।

এক সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত স্থানীয় পৰম্পৰাগত আৰ্হিৰে নিৰ্মিত বিদ্যালয়খনত আৰম্ভণিতে এজন অধ্যক্ষ, ২ জন নিছি ভাষাৰ শিক্ষক, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ৩ জন শিক্ষক তথা অন্যান্য কৰ্মচাৰী আছিল যদিও বৰ্তমান গুৰুকুলখনত ৬ জন শিক্ষক আৰু ১০ জন সহায়কাৰী আছে বুলি জানিব দিয়ে গুৰুকুলৰ অধ্যক্ষ পাই গুনচি ডদুময়ে ।

ড’নি প’লো কালচাৰেল এণ্ড চেৰিটেবল ট্ৰাষ্টৰ নেতৃত্বত বিদ্যালয়খন চলি আছে বুলি পৰিচালনা কমিটীৰ অধ্যক্ষ হিচাঙে জানিবলৈ দিয়ে । বিগত ২০২০ চনত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই গুৰুকুলৰ শুভাৰম্ভ কৰে । ২০২২ বৰ্ষত অৰ্থাৎ তৃতীয়টো শৈক্ষিক বৰ্ষত তৃতীয় শ্ৰেণীলৈকে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হয় যদিও পৰৱৰ্তী সময়ত শ্ৰেণীৰ সংখ্যা প্ৰসাৰিত হয় । ইয়াত শিক্ষাগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বেছিভাগেই অনাথ, দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু নিচি জনগোষ্ঠীৰ পুৰোহিতসকলৰ পুত্ৰ ।

কোনোধৰণৰ অৰ্থ ব্যয় নোহোৱা বিদ্যালয়খনত শিক্ষা প্ৰদান ১০০% বিনামূলীয়া আৰু ই অনুদানৰ জৰিয়তে তথা ক্ৰাউড ফাণ্ডিঙৰ মাধ্যমেৰে চলি আছে । নামভৰ্তিৰ ক্ষেত্ৰত নিছি পুৰোহিতসকলৰ পুত্ৰক প্ৰথম অগ্ৰাধিকাৰ দিয়া হয় ।

ধনুৰ্বিদ্যাৰ অভ্যাস (ETV Bharat Assam)

বিদ্যালয়খনৰ শ্ৰেণীকোঠাসমূহ আৰু আৱাস অৰুণাচল প্ৰদেশ চৰকাৰৰ এক বিশেষ পুঁজিৰে চলি আছে বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে । বিদ্যালয়ৰ পৰিচালনা কমিটীৰ অধ্যক্ষ ৰবীন হিচাঙে কয়, "আধুনিক ব্যৱস্থাত চি বি এছ ইৰ সৈতে জড়িত এন চি ই আৰ টিৰ ওপৰত ভিত্তি কৰি পাঠ্যক্ৰম ভি কে ভিৰ জৰিয়তে শিকোৱা হয় । বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় ইয়াৰ অংশীদাৰ ।"

কি কি শিক্ষা ব্যৱস্থা আছে

পৰম্পৰাগত ব্যৱস্থাত নিছি ভাষাটো ব’ৰ্ড অৱ নিছি ভাষা বিকাশ আৰু প্ৰশিক্ষণৰ দ্বাৰা ফ্ৰেমৱৰ্ক কৰা পাঠ্যক্ৰমসমূহ শিকোৱা হয় । নিছি ভাষা, ধ্বনিবিজ্ঞান, নিছি সংস্কৃতি, নিছি পৰম্পৰাগত জ্ঞান ব্যৱস্থা, লোককথা, পৰম্পৰাগত কলা আৰু শিল্পকলা, পৰম্পৰাগত খেল আৰু ক্ৰীড়া, নিছি দৰ্শন, বনৌষধি চিকিৎসাৰ জৰিয়তে ৰোগ নিৰাময় ব্যৱস্থা, নিছি জপ ব্যৱস্থা, ধনুৰ্বিদ্যা, প্ৰাৰ্থনা আদি গুৰুকুলত শিকোৱা হয় বুলি জনাই ৰবীন হিচাঙে ।

নিছি ভাষা, ধ্বনিবিজ্ঞান, নিছি সংস্কৃতি, নিছি পৰম্পৰাগত জ্ঞান ব্যৱস্থা, লোককথা, পৰম্পৰাগত কলা আৰু শিল্পকলা, পৰম্পৰাগত খেল আৰু ক্ৰীড়া, নিছি দৰ্শন, বনৌষধি চিকিৎসাৰ জৰিয়তে ৰোগ নিৰাময় ব্যৱস্থা, নিছি জপ ব্যৱস্থা, ধনু বিদ্যা, প্ৰাৰ্থনা আদি শিকোৱা হয় বিদ্যালয়খনত ।

ৰাজ্যখনত নিছি (Nyishi ) জনগোষ্ঠীৰ লোক ২০১৮ বৰ্ষৰ পিয়ল অনুসৰি ৪ (চাৰি) লাখ আৰু ইয়াৰ ভিতৰত পূব কামেং জিলাত প্ৰায় ৬৮,০০০ হাজাৰ লোকে বসবাস কৰে বুলি জানিব পৰা গৈছে । ৰাজ্যখনত এনে এখন বিদ্যালয় নামনি সোৱণশিৰিৰ য়াজুলিৰ ময়ো নামৰ গাঁৱত আছে বুলি হিচাঙে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: ক'ত কেনেদৰে আছে মণিৰাম দেৱানৰ সমাধি ? - MANIRAM DEWAN

ক’ত আৰু কেনে অৱস্থাত আছে দিহিঙীয়া ৰজাৰ মৈদাম ? - HISTORIC SUHUNGMUNG MAIDAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.