ETV Bharat / state

ক’ত আৰু কেনে অৱস্থাত আছে দিহিঙীয়া ৰজাৰ মৈদাম ?

কেনে অৱস্থাত আছে আহোম ৰাজ শাসনৰ অন্যতম শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ দিহিঙীয়া ৰজাৰ মৈদাম? চৰকাৰ তথা পুৰাতত্ত্ব বিভাগে এই মৈদাম সংৰক্ষণৰ বাবে কি কি কৰিছে ?

Historic Suhungmung Maidam
আহোম ৰজাৰ মৈদাম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 18, 2025 at 1:00 PM IST

4 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : ৬০০ বছৰীয়া আহোম ৰাজ শাসনৰ এজন অন্যতম শ্ৰেষ্ঠ ৰজা আছিল স্বৰ্গদেউ চুহুংমুং ৷ তেওঁ দিহিঙীয়া ৰজা বুলিয়েই সকলোৱে জানিছিল । ইতিহাসৰ পাতত উল্লেখ থকা অনুসৰি দিহিঙীয়া ৰজা বা স্বৰ্গদেউ চুহুংমুঙে ১৪৯৭ খ্ৰীষ্টাব্দৰ পৰা ১৫৩৯ খ্ৰীষ্টাব্দলৈ প্ৰায় ৪২ বছৰ আহোম ৰাজ্য শাসন কৰিছিল । জানিব পৰা অনুসৰি, এই গৰাকী ৰজাই নিজৰ শাসনকালত আহোম ৰাজ্যৰ সীমা বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিল ।

আহোম ৰাজ্যৰ উন্নতিৰ হকে প্ৰতিটো পলে কাম কৰা এই ৰজাজনৰ মৈদামটো চাবলৈ বাৰু মন নাযায় নে ? জানেনে বাৰু ক’ত আছে তেওঁ মৈদামটো ? ৰ’ব, আমি আজি ক’ম তেওঁৰ মৈদামৰ বিষয়ে...

ক’ত আৰু কেনে অৱস্থাত আছে দিহিঙীয়া ৰজাৰ মৈদাম ? (ETV Bharat Assam)

আহোম ৰাজ শাসনৰ অন্যতম শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ মৈদাম চাবলৈ হ’লে যাব লাগিব ডিব্ৰুগড় জিলাৰ খোৱাং বাঁহনি পথাৰলৈ । ৩৭নং ৰাষ্টীয় ঘাইপথৰ পৰা ঐতিহাসিক বৰফুকন আলিৰে প্ৰায় ৫ কিলোমিটাৰ আগুৱাই গ'লে দেখিবলৈ পোৱা যায় দিহিঙীয়া ৰজাৰ মৈদাম ।

দিহিঙীয়া ৰজাৰ মৈদামৰ কাষতে আন এটা একেধৰণৰ মৈদাম দেখিবলৈ পোৱা যায় । ইতিহাসৰ পাতত উল্লেখ মতে, দিহিঙীয়া ৰজাই দুগৰাকী বিয়া কৰাইছিল । সেয়ে এটা মৈদাম দিহিঙীয়া ৰজাৰ আৰু আনটো মৈদাম হৈছে ৰজাৰ এগৰাকী পত্নীৰ বুলি বৰ্তমান সময়লৈকে ধাৰণা কৰি অহা হৈছে ।

Historic Suhungmung Maidam
দিহিঙীয়া ৰজাৰ মৈদাম (ETV Bharat Assam)

এই মৈদাম ক্ষেত্ৰত দিহিঙীয়া ৰজাৰ বুলি অসম চৰকাৰে নাম ফলক লগোৱাৰ ব্যৱস্থা কৰিছিল যদিও কেতিয়া কিয় ৰজাগৰাকীক খোৱাং বাঁহনি পথাৰত মৈদাম দিয়া হ'ল সেই তথ্য আজিও পুৰাতত্ত্ব বিভাগে উদঘাটন কৰিবলৈ সক্ষম হোৱা নাই ।

ইতিমধ্যে বহু বছৰৰ পূৰ্বে দিহিঙীয়া ৰজাৰ মৈদাম ক্ষেত্ৰত এটা চাও চেং ৰেণ নিৰ্মাণ কৰিছিল অসম চৰকাৰে । চাও চেং ৰেণ নিৰ্মাণৰ পাছতে বিভিন্ন ধৰ্মীয় কাৰ্যসূচী কৰা হৈছিল যদিও বৰ্তমান সময়ত অৱহেলিত হৈ পৰিছে দিহিঙীয়া ৰজাৰ মৈদাম ।

ঐতিহাসিক চৰাইদেউ মৈদামে চৰকাৰৰ তৎপৰতাত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিলে । কিন্তু চৰকাৰ আৰু পুৰাতত্ত্ব বিভাগৰ গুৰুত্বহীনতাৰ বাবেই জহি-খহি গৈছে দিহিঙীয়া ৰজাৰ মৈদাম । এই অভিযোগ স্থানীয় একাংশ লোকৰ ৷

Historic Suhungmung Maidam
ৰজাৰ মৈদাম (ETV Bharat Assam)

আহোম ৰাজ শাসনৰ অতি প্ৰবল প্ৰতাপী ৰজাগৰাকীৰ মৈদাম সৌন্দৰ্য বৰ্ধন কৰাত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত দুখ প্ৰকাশ কৰিছে সচেতন ৰাইজে । ৰাজ্য চৰকাৰে ৰজাদিনীয়া ঐতিহাসিক সমলসমূহ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধন কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও ডিব্ৰুগড় জিলাখনত সিঁচৰতি হৈ থকা আহোম স্বৰ্গদেউসকলৰ বহু সমল আজিও সংৰক্ষণ নহ'ল ।

প্ৰাচীন সমল বা ঐতিহাসিক ক্ষেত্ৰ চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰিছে যদিও বহু কীৰ্তিচিহ্ন আজিও অৱহেলিত হৈ থকা পৰিলক্ষিত হৈছে । ৰাজ্য চৰকাৰে পৰ্যটন ক্ষেত্ৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা সময়ত ডিব্ৰুগড়ৰ খোৱাঙত হাবি জংঘলেৰে ভৰি পৰিছে দিহিঙীয়া ৰজাৰ মৈদাম । এই ঐতিহাসিক মৈদাম কেইটা সংৰক্ষণ কৰি এক সুন্দৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ স্থল আছিল যদিও তেনে সময়ত হাবি জংঘলেৰে ভৰি পৰিছে দিহিঙীয়া ৰজাৰ মৈদাম ক্ষেত্ৰ ।

বিগত চৰকাৰৰ দিনত মৈদাম ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰী পুঁজি প্ৰদান কৰা হৈছিল । মৈদাম ক্ষেত্ৰলৈ যোৱা পথ নিৰ্মাণ হ'ল, মৈদাম ক্ষেত্ৰৰ চৌহদত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছিল শিশু উদ্যান ৷ কিন্তু উপযুক্ত ব্যৱহাৰ আৰু সংৰক্ষণৰ অভাৱৰ বাবেই জহি-খহি গৈছে দিহিঙীয়া ৰজাৰ মৈদামৰ লগতে আনসমূহ সম্পদ । দিহিঙীয়া ৰজাৰ মৈদাম ক্ষেত্ৰ সংৰক্ষণৰ ব্যৱস্থা কৰি এক পৰ্যটন ক্ষেত্ৰ হিচাবে গঢ়ি তুলিবলৈ চৰকাৰক দাবী সচেতন ৰাইজৰ ।

Historic Suhungmung Maidam
আহোম ৰজাৰ মৈদাম (ETV Bharat Assam)

দিহিঙীয়া ৰজাৰ মৈদাম ক্ষেত্ৰক লৈ স্থানীয় ব্যক্তিয়ে জানিবলৈ দিয়া অনুসৰি "এই মৈদাম ক্ষেত্ৰ সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা কৰিলে পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি উঠিব । ইতিমধ্যে বহুবাৰ পুৰাতত্ত্ব বিভাগৰ বিষয়াৰ দল মৈদাম ক্ষেত্ৰলৈ আহি গৱেষণামূলক কাম কৰাৰ লগতে মৈদাম ক্ষেত্ৰত সৌন্দৰ্য বৰ্ধনৰ কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যকৰী কৰা নাই ।’’ সেয়ে স্থানীয় বিধায়ক চক্ৰধৰ গগৈক এই ক্ষেত্ৰত উদ্যোগ ল'বলৈ দাবী জনাইছে স্থানীয় ব্যক্তিগৰাকীয়ে ।

লগতে পঢ়ক : চৰাইদেউ মৈদামত আহোমৰ পৌৰাণিক কীৰ্তিচিহ্নৰ সংগ্ৰহালয় উদ্বোধন মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ

লগতে পঢ়ক : একেদিনাই ১৪খন দেশৰ ১৮০ গৰাকী পৰ্যটক বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত