ETV Bharat / state

ক'ত কেনেদৰে আছে মণিৰাম দেৱানৰ সমাধি ?

অসমৰ চাহ উদ্যোগৰ বাটকটীয়া তথা স্বাধীনতা আন্দোলনৰ অগ্ৰণী সংগ্ৰামী মণিৰাম দেৱান আৰু তেওঁৰ সমাধিক্ষেত্ৰৰ বিষয়ে আপুনি জানেনে ? চাওক এই প্ৰতিবেদন ।

Know about crematorium of Maniram Dewan the first assamese tea planter
মণিৰাম দেৱান আৰু তেওঁৰ সমাধি ক্ষেত্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 18, 2025 at 3:44 PM IST

5 Min Read
Choose ETV Bharat

যোৰহাট: মণিৰাম দেৱান । অসমৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা আৰু অসমীয়া উদ্যোগীৰ বাটকটীয়া । তেওঁ আছিল ১৮৫৭ চনৰ বিদ্রোহত অসমৰ প্ৰথমগৰাকী শ্বহীদ ৷ প্ৰথমগৰাকী অসমীয়া উদ্যোগী হিচাপে বিবেচিত মণিৰাম দেৱান অৰ্থাৎ মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা আছিল অতি চতুৰ, ৰাজনৈতিক আৰু প্ৰশাসনিক ক্ষেত্ৰত অতি দক্ষতা‌ থকা এজন ব্যক্তি । এনেবোৰ গুণৰ বাবেই মানক খেদাৰ অজুহাতত অসমলৈ অহা ব্ৰিটিছসকলৰ সৈতে এক সৌহাদ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল মণিৰাম দেৱানৰ ।

মণিৰাম দেৱানৰ কৰ্মপটুতাৰ বাবেই ১৮২৮ চনত উজনি অসমৰ পলিটিকেল এজেন্ট কেপ্টেইন নিউভিলে উজনি অসমৰ চিৰস্তাদাৰ-তহচিলদাৰ পদত তেওঁক নিযুক্তি দিছিল । ১৮৩৯ চনত মাহিলী ৬০০ টকাৰ দৰমহাত ব্ৰিটিছে অসম চাহ কোম্পানীৰ দেৱানৰূপে নিযুক্তি প্ৰদান কৰাৰ পিছৰে পৰা মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা মণিৰাম দেৱান নামেৰে জনাজাত হৈছিল ।

মণিৰাম দেৱান আৰু তেওঁৰ সমাধিক্ষেত্ৰ (ETV Bharat Assam)

পিছে ১৮৪৫ চনত মণিৰামে দেৱানে অসম চাহ কোম্পানীৰ দেৱান পদৰ পৰা ইস্তফা দিয়ে । ইয়াৰ পিছত প্রায় এটা দশকৰ অক্লান্ত চেষ্টা আৰু অধ্যৱসায়ৰ ফলশ্ৰুতিত ব্ৰিটিছৰ আৰ্হিৰে চেংলুং আৰু চেনিমৰাত দুখন বাগিচা প্ৰতিষ্ঠা কৰে মণিৰামে । দুখনকৈ চাহ বাগিচা প্ৰতিষ্ঠা তথা স্থাপন কৰাৰ পিছত মণিৰাম দেৱান পৰিগণিত হ’ল প্ৰথমজন অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে । সৰ্বত্ৰে সমাদৃত হ'ল মণিৰাম দেৱানৰ চাহপাত ।

কিন্তু ইয়াৰ মাজতে ১৮৫৭ চনত সমগ্ৰ দেশজুৰি সূচনা হয় চিপাহী বিদ্ৰোহ । যাক অসমত বিয়পাই দিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল মণিৰাম দেৱানে । কিন্তু, ব্ৰিটিছৰ বিৰুদ্ধে কূট-কৌশল ৰচনা কৰি মণিৰাম দেৱানে লিখা এখন চিঠি হাতত পৰিল ব্ৰিটিছ বিষয়াৰ । যাৰ ফলত গ্ৰেপ্তাৰ কৰা হয় মণিৰাম দেৱানক । বিচাৰত ৰাজদ্ৰোহৰ অপৰাধত মৃত্যুদণ্ডৰে দণ্ডিত কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত মণিৰাম দেৱানক ৰাজহুৱাকৈ ফাঁচি দিয়া হয় ।

Know about crematorium of Maniram Dewan the first assamese tea planter
মণিৰাম দেৱানৰ সমাধি (ETV Bharat Assam)

যোৰহাট চিনামৰা চাহ বাগিচাত অৱস্থিত মণিৰাম দেৱানৰ সমাধি:

মণিৰাম দেৱানক ৰাজহুৱাভাৱে ফাঁচি দিয়াৰ পিছত যোৰহাট নগৰৰ এক বিশেষ অঞ্চলত ব্ৰিটিছে মণিৰাম দেৱানক সমাধিস্থ কৰিছিল । এইগৰাকী স্বাধীনতা সংগ্ৰামীৰ সমাধিক্ষেত্ৰ ক'ত আছে বুলি ক’লে সেয়া সকলোৰে বাবে জ্ঞাত নহ’ব পাৰে ! কিন্তু এইগৰাকী স্বাধীনতা সংগ্ৰামী আৰু অসমৰ চাহৰ বাটকটীয়াৰ সমাধি আছে যোৰহাট জিলাত ।

যোৰহাট নগৰৰ পৰা দক্ষিণ দিশে ৭ কিলোমিটাৰ গ'লে অসম চাহ নিগমৰ অধীনস্থ এখন বাগিচা আছে । নাম চিনামৰা চাহ বাগিচা । চিনামৰ চাহ বাগিচাত ব্ৰিটিছৰ চাহাবসকলক কবৰ দিয়া সমাধিক্ষেত্ৰৰ এটা কোণতে সমাধি আছে স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱানৰ ।

Know about crematorium of Maniram Dewan the first assamese tea planter
মণিৰাম দেৱানৰ সমাধিক্ষেত্ৰ (ETV Bharat Assam)

কেনে অৱস্থাত আছে মণিৰাম দেৱানৰ সমাধি:

এই বিশেষ সমাধিক্ষেত্ৰখনত একমাত্ৰ হিন্দু সমাধি আছিল মণিৰাম দেৱানৰ । কিন্তু আজিৰ তাৰিখত স্বাধীনতা সংগ্ৰামী বীৰ যোদ্ধাজনৰ সমাধিক্ষেত্ৰ অৱহেলিত আৰু অনাদৃত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে । কাৰণ মণিৰাম দেৱানৰ সমাধিক্ষেত্ৰ অসমৰ পৰ্যটন মানচিত্ৰত এক বিশেষ ভূমিকা পালন কৰিব পাৰিলেহেঁতেন । কিন্তু সেই কাৰ্যলৈ পিঠি দিয়া বাবে চিনামৰা চাহ বাগিচাৰ এটা কোণত পৰি ৰৈছে স্বাধীনতা সংগ্ৰামীজন ।

ৰাজ্য চৰকাৰে দেখুৱাইছে অনীহা:

এই সন্দৰ্ভত যোৰহাটৰ এজন সচেতন ব্যক্তি জুল খাউণ্ডে কয়, "অসমৰ চাহ উদ্যোগৰ বাটকটীয়া আৰু স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱানৰ সমাধি আছে চিনামৰা চাহ বাগিচাত । কিন্তু আজিৰ সময়ত মণিৰাম দেৱানৰ সমাধিক্ষেত্ৰ অৱহেলিত আৰু অনাদৃত হৈ আছে । অসমৰ চাহ উদ্যোগৰ বাটকটীয়া আৰু দেশৰ স্বাধীনতাৰ বাবে অনবদ্য বৰঙণি আগৱঢ়োৱা, দেশৰ বাবে প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱানৰ সমাধিক্ষেত্ৰ জাকত জিলিকাই তুলি পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পৰাকৈ প্ৰচুৰ সম্ভাৱনা আছিল যদিও সেয়া কাৰ্যতঃ হৈ নুঠিল ।"

Know about crematorium of Maniram Dewan the first assamese tea planter
মণিৰাম দেৱানৰ সমাধিক্ষেত্ৰ (ETV Bharat Assam)

তেওঁ কয়, "জিলা প্ৰশাসনৰ তত্বাৱধানত মণিৰাম দেৱানৰ এক প্ৰতিমূৰ্তি নিৰ্মাণ কৰি সমাধিক্ষেত্ৰত স্থাপন কৰাৰ দিহা কৰি এজন ভাস্কৰ্য শিল্পীক প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ দায়িত্ব দিয়া হৈছিল আৰু সেই প্ৰতিমূৰ্তি নিৰ্মাণ সম্পূৰ্ণ হ'ল যদিও সমাধিক্ষেত্ৰতহে স্থাপন কৰা নহ'ল । ফলত যোৰহাটৰ ভাস্কৰ্য শিল্পীগৰাকীৰ ঘৰত প্ৰায় তিনিবছৰৰো অধিক সময় ধৰি মণিৰাম দেৱানৰ প্ৰতিমূৰ্তি পৰি আছে । সেয়েহে মই চৰকাৰক দাবী জনাইছো যে চৰকাৰে আটকধুনীয়াকৈ সজাই পৰ্যটন থলী হিচাপে গঢ়ি তোলক মণিৰাম দেৱানৰ সমাধিক্ষেত্ৰ ।"

আনহাতে চিনামৰা চাহ বাগিচাত থকা মনিৰাম দেৱানৰ সমাধিক্ষেত্ৰ জাকত জিলিকা কৰি তুলিবলৈ চৰকাৰক আহ্বান চিনামৰা চাহ বাগিচাৰ শ্ৰমিকৰ । এই সন্দৰ্ভত এজন চাহ শ্ৰমিকে কয়, "আজিৰ তাৰিখত সমাধিক্ষেত্ৰ ইমান ভাল অৱস্থাত নাই । চিনামৰা চাহ বাগিচাত যে মনিৰাম দেৱানৰ সমাধিক্ষে আছে সেই বিষয়ে কিছুসংখ্যক লোকেহে জানে । অধিকাংশই নাজানে এই সমাধিক্ষেত্ৰৰ বিষয়ে ।"

লগতে পঢ়ক: সকামত আপুনি আসন পাতি বহা সেই ঢৰা প্ৰস্তুত কৰা গাঁওখনলৈ যাওঁ আহকচোন... - TRADITIONAL DHORA COTTAGE INDUSTRY

বৰপেটাৰ অতি জনপ্ৰিয় ৰাঙা ডিমা, আলু ভাজা আচলতে কি ? - BARPETA POPULAR FOOD ITEMS