ETV Bharat / state

জি এছ টিৰ নামত হাৰাশাস্তিৰ সন্মুখীন ৰাজ্যৰ ব্যৱসায়ী : কি কয় ব্যৱসায়ী-জি এছ টি কৰ্মীয়ে - GST in Assam

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 8:56 PM IST

GST in Assam: জি এছ টিৰ নামত ৰাজ্যৰ ব্যৱসীয়াসকলক হাৰাশাস্তি ৷ পাঁচ বছৰৰ সুদৰ লগতে অতিৰিক্ত পেনাল্টি জাপি দিয়াত হাহাকাৰ পৰিস্থিতি এইসকল ব্যৱসায়ীৰ ৷ টেক্স আদায় দিয়াৰ পিচতো কৰ আইন ৭৪ ৰ অধীনত ভুৱা সজোৱা হৈছে এইসকল ব্যৱসায়ীক । এই সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক প্ৰতিবেদন ৷

GST in Assam
ইটিভি ভাৰতৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সাক্ষাৎকাৰ (ETV BHARAT ASSAM)

তেজপুৰ, ২৫ মে': উত্তৰ অসমৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ তেজপুৰত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক জি এছ টিৰ ভূতে খেদিছে ৷ কাৰণ ইয়াৰ নামত চৰকাৰৰ মাধমাৰ পৰিছে ব্যৱসায়ীসকলৰ ওপৰত ৷ জি এছ টি অৰ্থাৎ গুডছ এণ্ড ছাৰ্ভিচ টেক্সৰ নাম শুনিলেই এতিয়া সাত জাঁপ মাৰিছে মধ্যবিত্ত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ স্বত্বাধিকাৰীয়ে । এইসকল ব্যৱসায়ীৰ ওপৰত পাঁচ বছৰৰ সুদৰ লগতে অতিৰিক্ত পেনাল্টি জাপি দিয়াত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে ৷ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ এই অৱস্থা কেৱল অসমতহে হৈছে আৰু হায়দৰাবাদৰ পৰা আমদানিকৃত এক চফ্‌টৱেৰ ব্যৱহাৰৰ পাচতে এই সমস্যাৰ উদ্ভৱ হোৱাৰো অভিযোগ উঠিছে ৷

তেজপুৰ চহৰৰ ব্যৱসায়ীসকলে কয় যে, সমগ্ৰ দেশতে ২০১৭ চনৰ ১ জুলাইৰ পৰা জিএছটি বলৱৎ কৰা হৈছিল ৷ এই জি এছ টি আদায়ৰ বাবে এক পৰ্টেলৰ ব্যৱস্থা নিৰ্ধাৰণ কৰা হৈছিল আৰু এই পৰ্টেল আৰম্ভণিৰ পৰা এই পৰ্যন্ত কেইবাবাৰো উন্নীত কৰা হৈছে ৷ কিন্তু ফল নিদিলে ৷ পৰিণতিত ব্যৱসায়ীৰ মূৰত ৰাম টাঙোন পৰিছে ।

জি এছ টি সম্পৰ্কে কি কয় ব্যৱসায়ীয়ে :

তেজপুৰ চহৰৰ এজন ব্যৱসায়ী ৰতন পালে ই টিভি ভাৰতক কয় যে বিগত ক’ভিড মহামাৰীৰ সময়ত বহুসংখ্যক ব্যৱসায়ীয়ে জি এছ টি দাখিল কৰা পলম হৈছিল আৰু পৰৱৰ্তী সময়ত ইয়াক অতিৰিক্ত হিচাবে দাখিল কৰিছিল ৷ কিন্তু এই অতিৰিক্ত দাখিল কৰাৰ পিচতো উক্ত মাচুলৰ লগত পেনাল্টি লগাই এতিয়া যোৱা পাঁচ বছৰৰ সুদৰ লগতে চক্ৰবৃদ্ধি সুদতকৈ বেছি দাখিল কৰিবলৈ জাননী জাৰি কৰিছে বিভাগীয় কৰ্তৃপক্ষই ।

আনহাতে যিসকল জি এছ টি প্ৰেক্টিছনাৰ তেওঁলোকে কয় যে কেন্দ্ৰীয় জি এছ টিৰ তৰফৰ পৰা প্রতিখন জাননীত তাৰ প্ৰত্যুত্তৰ দিবলৈ পত্ৰ প্ৰেৰণ কৰে আৰু নিৰ্দিষ্ট সময় দিয়া হয় ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে ৰাজ্যিক জি এছ টিৰ তৰফৰ পৰা এনেধৰণৰ কোনো নিৰ্দেশ জাৰি নকৰি একেলগে ধন আদায় কৰিবলৈ নিৰ্দেশ জাৰি কৰে বুলি তেওঁ মন্তব্য কৰে । তেওঁ কয় যে সকলো টেক্সৰ বাবে ৰিভাইছ কৰাৰ সুবিধা আছে ৷ কিন্তু একমাত্ৰ ৰাজ্যিক জি এছ টিত সেই সুবিধা নাই আৰু ব্যৱসায়ীকসকলক টেক্স আদায় দিয়াৰ পিচতো কৰ আইন ৭৪ ৰ অধীনত ভুৱা সজাইছে বুলি কয় জি এছ টি কৰ্মী নিৰ্মল চেট্টাৰ্জীয়ে ।

আনহাতে কৰৰ কাম কৰাসকলে কয় যে এই বিষয়ে টেকটিফিকেচন দিয়াৰ বিষয়ে ক’লেও মাত্ৰ পুনৰ আপীল কৰিবলৈ জোৰ কৰে ।

জি এছ টি আসোঁৱাহৰ কাৰণ :

প্ৰকৃততে, জি এছ টি আৰু ইয়াৰ বাবে আৰম্ভ কৰা পৰ্টেল সন্দৰ্ভত ৰাজ্যৰ অধিকাংশ ব্যৱসায়ীয়েই অনভিজ্ঞ হোৱাৰ উপৰি ব্যৱসায়ীসকলক তেওঁলোকৰ জি এছ টি নম্বৰৰ বিপৰীতে আদায় দিয়া কৰৰ নিয়ম নীতি সন্দৰ্ভতো কোনো প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হোৱা নাছিল ৷ তদুপৰি এই নতুন ব্যৱস্থা আৰম্ভ কৰাৰ সময়তে চৰকাৰীভাৱে প্ৰথম তিনিটা বছৰত প্ৰক্ৰিয়াটোত কিছু শিথিল কৰাৰ নিৰ্দেশ দিয়া হৈছিল যিহেতু সমগ্ৰ ব্যৱস্থাটোৱেই আছিল সম্পূৰ্ণ নতুন ৷

এনে পৰিস্থিতিৰ বিপৰীতে ৰাজ্যৰ ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়িক নথিপত্ৰ তথা আদায় দিবলগীয়া কৰ যোৱা সময়ছোৱাত আদায় দিছিল যদিও সম্প্ৰতি জি এছ টি পৰ্টেলৰ দ্বাৰা সেই কৰ আদায় প্ৰক্ৰিয়াত আসোঁৱাহ থাকি যোৱাৰ অজুহাতত ব্যৱসায়ীসকলৰ ওপৰত পাঁচ বছৰৰ জৰিমনাসহ এক বৃহৎ অংকৰ ধন আদায়ৰ নিৰ্দেশ দিয়া হৈছে ৷ এনে অৱস্থাত যিসকল ব্যৱসায়ীয়ে প্ৰকৃততে একলাখ টকাৰ কৰ আদায় দিব লাগে তেওঁ এতিয়া পৰিশোধ কৰিব লাগিব পাঁচ লাখ টকা ৷ উল্লেখ্য যে, পৰ্টেলৰ জৰিয়তে জি এছ টি আদায় দিয়াৰ বাবে হোৱা বিসংগতিৰ বাবেই এনে হোৱা বুলি প্ৰকাশ কৰি সম্প্ৰতি চৰকাৰী নিৰ্দেশত বিপদত পৰা ব্যৱসায়ীয়ে কয় যে পৰ্টেলৰ কাৰিকৰী সমস্যাৰ বাবেই ইমান দিনে জি এছ টি আদায় দি অহা সত্বেও বিপদত পৰিবলগীয়া হৈছে ব্যৱসায়ী সকল ৷ চৰকাৰে প্ৰথম অৱস্থাত বিষয়টো সন্দৰ্ভত প্ৰথম তিনিবছৰ শিথিলতা প্ৰদৰ্শন কৰিব বুলি কোৱা সত্বেও এতিয়া পাঁচবছৰৰ কৰৰ লগতে জৰিমনাসহ ব্যৱসায়ীসকলক জি এছ টি আদায় দিবলৈ দিয়া নিৰ্দেশে বহু ব্যৱসায়ীয়ে ব্যৱসায় বন্ধ কৰিবলৈ বাধ্য হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

জি এছ টিত কৰ ফাঁকি দিয়া হয় নেকি ?

ইয়াত কোনোধৰণৰ কৰ ফাঁকিৰ ঘটনা সংঘটিত হোৱা নাই, এটা জটিল আৰু নতুন কৰ আদায় ব্যৱস্থা আৰম্ভ কৰাৰ লগতে ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰাটো অতি জৰুৰী আছিল যদিও সেয়া কৰা নহ’ল আৰু সেয়ে জিএছটি আদায় দি থকা সত্বেও ইয়াত কাৰিকৰীভাবে হোৱা বেমেজালিৰ পৰিণতিৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে একমাত্ৰ ব্যৱসায়ীসকল ৷ "এক দেশ এক কৰ" নীতিৰ জৰিয়তে এই পদ্ধতি সৰল কৰি ব্যৱসায়ীসকলৰ ওপৰত ইচ্ছানুসৰি জৰিমনা জাপি দিয়া এই ব্যৱস্থাৰ বিপৰীতে বিক্ৰীকৰ বিভাগে কোনোধৰণৰ সহানুভূতি প্ৰদৰ্শন নকৰাৰ বাবে বিভাগটোৱে ব্যৱসায়ীসকলৰ সমস্যাক সম্পূৰ্ণ আওকাণ কৰি সমগ্ৰ ব্যৱস্থাটো একপক্ষীয় হোৱাৰ অভিযোগ উত্থাপন কৰিছে এইসকল লোকে ৷ কেৱল অসমত জি এছ টিক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা এনে পৰিস্থিতিয়ে ৰাজ্যৰ ব্যৱসায়িক ক্ষেত্ৰত বৃহৎ সমস্যাৰ সৃষ্টি কৰিছে বুলিও তেওঁলোকে মন্তব্য কৰে ৷ উল্লেখ্য যে, ব্যৱসায়ীসকলে বিষয়টোক লৈ চৰকাৰৰ পৰা সহযোগিতাৰ আহ্বান কৰি আহিছে যদিও চৰকাৰে এই পৰ্যন্ত বিষয়টোৰ প্ৰতি গুৰুত্ব প্ৰদৰ্শন নকৰাৰ কথা ব্যক্ত কৰে তেওঁলোকে ৷

লগতে পঢ়ক: ৰাজহ লাগে: পৰীক্ষাৰ্থীৰ মূৰত কৰৰ বোজা জাপি ৰাজকোষ টনকিয়াল কৰাৰ ফন্দি চৰকাৰৰ - APSC 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.