ETV Bharat / state

পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত ধুবুৰীত কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 9:53 PM IST

Govt Employees Protest
নতুন পেন্সন নীতি বাতিল কৰাৰ দাবী

Demanding OPS : নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত ধুবুৰীত কৰ্ম বিৰতিৰে প্ৰতিবাদ কৰ্মচাৰী সন্থাৰ ৷ ধুবুৰী জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় চৌহদত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

ধুবুৰীত কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

ধুবুৰী, 20 জানুৱাৰী : নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত ধুবুৰীত কৰ্ম বিৰতিৰে প্ৰতিবাদ কৰ্মচাৰী সন্থাৰ ৷ সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত আজি সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত দিনজোৰা কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘটেৰে ধুবুৰীৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ শতাধিক কৰ্মচাৰীয়ে নিজৰ নিজৰ কাৰ্যালয় এৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় ৷

ধুবুৰী জিলা প্ৰশাসনিক আৰু ন্যায়িক কৰ্মচাৰী সন্থাৰ সহযোগত, ধুবুৰী জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ উদ্যোগত ধুবুৰী জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় চৌহদত কৰ্মচাৰী সকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই কৰ্ম বিৰতিৰ ফলত অচল হৈ পৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে আন চৰকাৰী কাৰ্যালয় ৷

উল্লেখ্য যে, অসম চৰকাৰৰ শিক্ষক-কৰ্মচাৰী সকলৰ অৱসৰী জীৱনৰ সুৰক্ষা বিচাৰি সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ উদ্যোগত পুৰণি পেন্সন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত দীর্ঘ দিনে প্ৰতিবাদ কৰি আহিছে ৷ কিন্তু ইয়াৰ পিছতো চৰকাৰে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ৷ সেয়ে আজি পুনৰ কৰ্মচাৰী সকলে দিনজোৰা কৰ্ম বিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদ সাব্যস্ত কৰি জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে এন পি এছ কৰ্মচাৰী সন্থাই ৷ তেওঁলোকৰ দাবী পূৰণ নকৰিলে অনাগত দিনত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী চলাই নিয়াৰ হুংকাৰ দিয়ে এন পি এছ কৰ্মচাৰী সন্থাই ৷

লগতে পঢ়ক : লখিমপুৰত এন পি এছ কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি-অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.