ETV Bharat / state

অসমত এতিয়া অশান্তিৰ পৰিৱেশ নাই: গণৰাজ্য দিৱসৰ ভাষণত ৰাজ্যপাল কাটাৰীয়াৰ মন্তব্য

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 12:54 PM IST

Republic day : গণৰাজ্য দিৱসৰ ভাষণত অসমৰ সামগ্ৰিক পৰিৱেশক লৈ ৰাজ্যবাসীৰ মাজলৈ যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিলে ৰাজ্যপালে ৷

governor gulab chand kataria speaks about assam on republic day speech
৭৫ সংখ্যক গণৰাজ্য দিৱস

গুৱাহাটী, ২৬ জানুৱাৰী : সমগ্ৰ দেশৰ লগতে শুকুৰবাৰে অসমতো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস । ৰাজ্য চৰকাৰে গুৱাহাটীৰ খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱসৰ অনুষ্ঠান আয়োজন কৰিছে । উক্ত অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই ।

অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই কয় যে অসমত এতিয়া অশান্তিৰ পৰিৱেশ নাই । অসমত এতিয়া শান্তি প্ৰতিষ্ঠা হৈছে । দীৰ্ঘদিনীয়া আলফা সমস্যাৰ সমাধান হৈছে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু আলফাৰ লগত লোৱা শান্তি চুক্তিৰ জৰিয়তে । এয়া অসমবাসীৰ বাবে ঐতিহাসিক ঘটনা ।

ইপিনে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু ডিমাচা সংগঠনৰ লগত হোৱা ডিমাচা চুক্তিয়ে অসমত ডিমাচাসকলৰ সমস্যাৰ স্থায়ী সমাধানত সহায় কৰিছে । তেওঁ কয় যে অসমৰ চুবুৰীয়া ৰাজ্যৰ লগত হোৱা সীমা সমস্যা সমাধানে নতুন বিকাশৰ ছবি নিৰ্মাণ কৰিছে । অৰুণাচল প্ৰদেশৰ লগত অসমৰ সীমা সমস্যা সমাধান হৈছে ।‌ মিজোৰামৰ লগত অসমৰ সীমা সমস্যাৰ আলোচনা ইতিবাচক দিশত আগবাঢ়ি আছে ।

তেওঁ কয়, ‘‘শান্তি প্ৰতিষ্ঠাৰ ফলত বিকাশ সম্ভৱ হয় ।‌ অসমতো এতিয়া শান্তি প্ৰতিষ্ঠাৰ দ্বাৰা বিকাশ আৰম্ভ হৈছে ।’ তেওঁ ভাষণত অসম চৰকাৰৰ উন্নয়নমূলক কামৰ বাখ্যা কৰি কয় যে অসমত আৰ্থিক, সামাজিক দিশত উন্নয়ন হৈছে । অসমত কেন্দ্ৰীয় চৰকাৰৰ ৩৫০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ কাম চলি আছে ।

অসম চৰকাৰে দুৰ্নীতি, অবৈধ ব্যৱসায়, ড্ৰাগছ আদিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গহণ কৰি আহিছে । অসমত বাল্য বিবাহ ৰোধৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ।‌ বিগত বছৰত অসমত বাল্য বিবাহৰ বিৰুদ্ধে ৮০০০ অধিক গোচৰ ৰুজু কৰি ৪০০০ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

তেওঁ কয় যে অসম চৰকাৰে গুৱাহাটীক প্ৰদূষণ মুক্ত কৰাৰ বাবে গুৱাহাটীত আৰম্ভ কৰা চি এন জি আৰু ইলেকট্ৰিকেল বাছৰ চলাচলে ৰাইজৰ সঁহাৰি লাভ কৰিছে । তেওঁ কয়, ‘‘আশা কৰো যে গুৱাহাটী ২০২৫ চনৰ‌ ভিতৰত দেশৰ ভিতৰত প্ৰদূষণমুক্ত মহানগৰী হিচাপে গঢ়ি উঠিব’’ । ভাষণত তেওঁ ২০২৪ চনৰ পদ্মশ্ৰী সন্মান পোৱা তিনিগৰাকী অসমীয়াক শুভেচ্ছা জনায় ।

উল্লেখ্য যে, অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল ৷ মন কৰিবলীয়া যে, আলফা (স্বাধীন) আৰু এন এছ চি এনে ইতিমধ্যে গণৰাজ্য দিৱসৰ কাৰ্যসূচী বৰ্জনৰ আহ্বান জনোৱাৰ লগতে ২৫ জানুৱাৰীৰ মাজনিশা ১২ বজাৰ পৰা ২৬ জানুৱাৰীৰ সন্ধিয়া ৬ বজালৈ সৰ্বাত্মক বন্ধৰ আহ্বান জনাইছে । এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছিল ।

খেলপথাৰৰ চৌদিশে নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছিল । খেলপথাৰখনৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া এলেকাবোৰত ড্ৰোণ উৰণ নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা হৈছিল ।

লগতে পঢ়ক : উলহ মালহেৰে জোনাইত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.