ETV Bharat / state

জেলিয়াংৰং হেৰেককা এছ’চিয়েশ্যনৰ সোণালী জয়ন্তীৰ সামৰণি

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 7:58 PM IST

Zeliangrong Heraka Association
সোণালী জয়ন্তীৰ অন্ত

Zeliangrong Heraka Association: উত্তৰ-পূব জেলিয়াংৰং হেৰেককা এছ’চিয়েশ্যনৰ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা সোণালী জয়ন্তী অনুষ্ঠানৰ বুধবাৰে অন্ত পৰে ।

সোণালী জয়ন্তীৰ অন্ত

হাফলং, 7 ফেব্ৰুৱাৰী: 5 ফেব্ৰুৱাৰীত অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাচাওৰ সদৰ চহৰ হাফলং লোদিৰাম গাঁৱত উত্তৰ-পূব জেলিয়াংৰং হেৰেককা এছ’চিয়েশ্যনৰ সোণালী জয়ন্তী অনুষ্ঠান আৰম্ভ হৈছিল ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ আজি আছিল শেষৰটো দিন ।

উত্তৰ-পূব জেলিয়াংৰং হেৰেককা এছ’চিয়েশ্যনৰ তিনিদিনীয়া অনুষ্ঠানৰ প্ৰথম দিনা উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা আছিল ৷ কিন্তু বিধানসভাৰ বাজেট অধিৱেশনৰ বাবে তেওঁ উপস্থিত হ’ব পৰা নাছিল । যাৰ বাবে উদ্বোধনী অনুষ্ঠানত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা উপস্থিত থাকে । দেবলাল গাৰ্লোচাৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে এখন বাৰ্তা প্ৰেৰণ কৰি আশ্বাস প্ৰদান কৰে যে জেলিয়াংৰং হেৰেককা এছ’চিয়েশ্যনক সকলো ধৰণৰ সাহায্য আগবঢ়োৱা হ’ব আগন্তুক দিনত ।

ইপিনে জেলিয়াংৰং হেৰেককা এছ’চিয়েশ্যনৰ সোণালী জয়ন্তীৰ দ্বিতীয় দিনা মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া । আজি অন্তিমটো দিনত সোণালী জয়ন্তী অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে ৰাজ্যৰ শক্তি তথা ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচা ।

উত্তৰ-পূব জেলিয়াংৰং হেৰেককা এছ’চিয়েশ্যনৰ সোণালী জয়ন্তীৰ অন্তিম দিনত হাফলং লোদিৰাম গাঁৱৰ পৰা স্বাধীনতা সংগ্ৰামী ৰাণী গাইদিনলিউ আৰু হাইপু যাদুনাঙৰ প্ৰতিকৃতি লৈ এক বৃহৎ শোভাযাত্ৰা কৰা হয় ৷ সমগ্ৰ হাফলং চহৰ পৰিক্ৰমা কৰে এই শোভাযাত্ৰাই । এই শোভাযাত্ৰাত জেলিয়াংৰং হেৰেককা এছ’চিয়েশ্যনৰ পুৰুষ মহিলাই নিজৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি ভাগ লয় । এই শোভাযাত্ৰাত ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই জেলিয়াংৰং জনগোষ্ঠীৰ সাজপাৰ পৰিধান কৰি ভাগ লয় । তিনিদিনীয়াকৈ অনুষ্ঠিত জেলিয়াংৰং হেৰেককা এছ’চিয়েশ্যনৰ সোণালী জয়ন্তী অনুষ্ঠানত নাগালেণ্ড, মণিপুৰ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ সংখ্যক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : পৰ্যটকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ডিমা হাছাওৰ হাফলং হ্ৰদৰ ওপৰত নিৰ্মাণ কৰা হৈছে Amphitheatre

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.