ETV Bharat / state

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সোণালী জয়ন্তী উদ্বোধনী অনুষ্ঠানৰ সামৰণি

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 10:53 PM IST

Golden Jubilee of Tinsukia District Journalists Association
তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সোণালী জয়ন্তী

Tinsukia Journalists Association: কাকপথাৰত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সোণালী জয়ন্তীত ইন্দ্ৰজিৎ গগৈক "ৰমাকান্ত দত্ত সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটা" প্ৰদান ৷

তিনিচুকীয়া, ১৮ মাৰ্চ: তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সোণালী জয়ন্তী উদ্বোধনী অনুষ্ঠান আৰু কাকপথাৰ প্ৰেছ ক্লাবৰ মধ্যকালীন অধিবেশনৰ আজি সামৰণি পৰে । কাকপথাৰস্থিত পৰাগ ভূঞা সমন্বয় ক্ষেতত বিভিন্ন কাৰ্যসূচীৰে আয়োজিত মধ্যকালীন অধিবেশনৰ সোমবাৰে সামৰণি পৰে । আজি পুৱা ৫০ খন পতাকা উত্তোলনৰে জিলা সাংবাদিক সন্থাৰ সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচীৰ পাতনি মেলা হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

জিলা সাংবাদিক সন্থাৰ সভাপতি ড৹ ঋষি দাসে মূল পতাকা উত্তোলন কৰাৰ লগতে অন্য ৪৯ খন পতাকা উত্তোলন কৰে জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি, উপ-সভাপতি আৰু জাতীয়-জনগোষ্ঠীয় দল সংগঠনৰ নেতৃবৃন্দ তথা বিশিষ্ট ব্যক্তিসকলে । কাকপথাৰ প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি বিজয় দত্তই । কাকপথাৰ ৰাজহুৱা খেল পথাৰ প্ৰাংগনত পৰাগ ভূঞা সোঁৱৰণী সমন্বয় ক্ষেত্ৰত আয়োজন কৰা সোণালী জয়ন্তী উদ্বোধনী অনুষ্ঠানত স্মৃতি তৰ্পণ মুকলি কৰে অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই ।

জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণা জ্যোতি নেওগে আঁতধৰা কাৰ্যসূচীত তিনিচুকীয়া জিলাখনৰ প্ৰয়াত সাংবাদিকসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য়ক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় । "ৰমাকান্ত দত্ত সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটা" প্ৰদান অনুষ্ঠান জিলা সাংবাদিক সন্থাৰ সভাপতি ড৹ ঋষি দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হয় । এই বছৰ "ৰমাকান্ত দত্ত সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটা "কাকপথাৰৰ যুৱ সাংবাদিক ইন্দ্ৰজিৎ গগৈক প্ৰদান কৰা হয় ।

এই সভাখনত মুখ্য অতিথি ৰূপে অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মা, বিশিষ্ট অতিথি ৰূপে তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ ৰাজীৱ বৰদলৈ উপস্থিত থাকি বক্তব্য আগবঢ়ায় । সভাখনত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি অৰ্জুন বৰুৱা, অমুল্য খাটনীয়াৰ, প্ৰাক্তন উপ -সভাপতি ধীৰেন ডেকা, কমল তালুকদাৰ আদি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বিয়লি পুনৰ ন-পুৰণি সাংবাদিক সতীৰ্থ সন্মিলন অনুষ্ঠিত হয় । ৰাণাজ্যোতি নেওগ, মিন্টু তালুকদাৰৰ পৰিচালনাত অনুষ্ঠিত এই অনুষ্ঠানটোত সাংবাদিক সকলে গীত, কবিতা, নাটকৰ সংলাপেৰে জীপাল কৰি তোলে ।

লগতে পঢ়ক:ৰাংঢালিৰ সৈতে বিহু নচাত ব্যস্ত ক্লাওৰিয়া-লিটা-আয়েস্কা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.