ETV Bharat / state

গোলাঘাটত প্ৰায় ৩ কোটি টকাৰ হেৰ'ইন দাহ - HEROIN BURNT IN GOLAGHAT

author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 4:00 PM IST

Updated : Apr 3, 2024, 4:19 PM IST

Heroin burns in Golaghat
গোলাঘাটত প্ৰায় ৩ কোটি টকাৰ হেৰ'ইন দাহ

Heroin burns in Golaghat : ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ অসম আৰক্ষীৰ ৷ গোলাঘাট জিলাৰ বগৰীজেংস্থিত আৰক্ষী নিৱেশৰ খেলপথাৰত প্ৰায় ২ কোটি ৯৩ লাখ ৫২ হাজাৰ ৪০০ টকাৰ হেৰ'ইন জ্বলাই বিনষ্ট কৰে ।

গোলাঘাটত প্ৰায় ৩ কোটি টকাৰ হেৰ'ইন দাহ

গোলাঘাট, ৩ এপ্ৰিল : গোলাঘাট জিলাৰ বগৰীজেংস্থিত আৰক্ষী নিৱেশৰ খেলপথাৰত বুধবাৰে আৰক্ষী অধীক্ষক ৰাজেন সিং, অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ উপস্থিতিত প্ৰায় ২ কোটি ৯৩ লাখ ৫২ হাজাৰ ৪০০ টকাৰ হেৰ'ইন জ্বলাই বিনষ্ট কৰা হয় । জ্বলাই দিয়া হেৰ'ইনখিনিৰ পৰিমাণ ১৪৬৭ দশমিক ৬২ গ্ৰাম বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, যোৱা ফেব্ৰুৱাৰী মাহত গোলাঘাট আৰক্ষীয়ে ৫৩ লাখ ৬৬ হাজাৰ ৮০০ টকাৰ ড্ৰাগছ দাহ কৰে ৷ পৰৱৰ্তী সময়ত গোলাঘাট আৰক্ষীয়ে পুনৰ প্ৰায় ৩ কোটি টকাৰ হেৰ'ইন নষ্ট কৰে ।

আৰক্ষীয়ে জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অভিযান চলাই এই বৃহৎ পৰিমানৰ হেৰ'ইনখিনি জব্দ কৰি NDPS act 1985 অনুসৰি হেৰ’ইনখিনি জ্বলাই বিনষ্ট কৰে । উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে গোলাঘাট আৰক্ষীয়ে প্ৰায় ৩২ লাখ ৯১ হাজাৰ টকা মূল্যৰ ১৬৪ দশমিক ৫৫ গ্ৰাম হেইইন, প্ৰায় ১৭ লাখ ৫৮ হাজাৰ ২০০ টকা মূল্যৰ ৮৭ দশমিক ৯১ গ্ৰাম মৰফিন, প্ৰায় ৩ লাখ ১৭ হাজাৰ ৬০০ টকা মূল্যৰ গাঞ্জা জ্বলাই বিনষ্ট কৰিছিল ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তিনি বছৰৰ পূৰ্বে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি এই স্থানতে কেইবা কোটি টকাৰ ড্ৰাগছ নিজ হাতেৰে দাহন কৰিছিল আৰু ড্ৰাগছ ব্যৱসায়ীসকলক সকীয়নি প্ৰদান কৰিছিল ।

গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সমগ্ৰ জিলাখনৰ লগতে কাষৰীয়া ৰাজ্য নাগালেণ্ড, আৰু মণিপুৰত পৰা অসম নাগালেণ্ড সীমান্তৰ মেৰাপানী কাৰ্বি আংলং জিলাৰে মাজেদি ড্ৰাগছ সৰহবৰাকাৰীয়ে বিভিন্ন কৌশল অৱলম্বন নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

আৰক্ষীয়ে এই অবৈধ ড্ৰাগছ সৰহবৰাকাৰীৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযান চলাই গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ কৰে যদিও পুনৰ জেইলৰ পৰা ওলাই আহি নিচাযুক্ত সামগ্ৰী সৰবৰাহত জড়িত হৈ পৰে অপৰাধী । ইতিমধ্যে গোলাঘাটত এই মাৰাত্মক নিচাযুক্ত ড্ৰাগছ অতিমাত্ৰা সেৱন কৰি এজন আৰক্ষী জোৱান আৰু এজন যুৱক মৃত্যুমুখত পাৰিছে ।

লগতে পঢ়ক: গোৱালপাৰাৰ শিমলীতোলাত যৌতুক নিদিয়া বাবেই পত্নী-শাহুৱেকক নিৰ্মম প্ৰহাৰ - Woman assaulted in Assam

Last Updated :Apr 3, 2024, 4:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.