ETV Bharat / state

গোলাঘাট আৰক্ষীয়ে নবী মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰিছে এজন প্ৰৱঞ্চকক

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 8:42 PM IST

Golaghat news: অসমত ব্যৱসায় আৰম্ভ কৰিবলৈ কেঁচামালৰ বাবে বাহিৰা ৰাজ্যৰ ব্যৱসায়ীৰ সৈতে যোগাযোগ কৰিম বুলি ভাবিছে নেকি ? যদি ভাবিছে এই বাতৰিটো নিশ্চয়কৈ পঢ়িব-

golaghat police arrest a businessman from navi mumbai who tries to cheat on a man from golaghat
গ্ৰেপ্তাৰ এজন প্ৰৱঞ্চক

গ্ৰেপ্তাৰ এজন প্ৰৱঞ্চক

গোলাঘাট, 2 ফেব্ৰুৱাৰী : বৰ্হিৰাজ্যৰ পৰা মূল্যবান সামগ্ৰী ক্ৰয় কৰাৰ আগত এশবাৰ ভাবক । কাৰণ নিমিষতে নাইকিয়া হৈ যাব পাৰে লাখে লাখে টকা । তেনে এক ঘটনা সংঘটিত হৈছে গোলাঘাটত ।

গোলাঘাট নগৰৰ নিবাসী দাদুল ভট্ট নামৰ এজন লোকে SIVANI STEVIA INDUSTRY এটা খোলাৰ বাবে নবী মুম্বাইৰ বেলাপুৰৰ AYURNOVA নামৰ এটা কোম্পানীৰ সৈতে মেচিনেৰী সামগ্ৰী ক্ৰয় কৰাৰ বাবে যোগাযোগ কৰিছিল । উক্ত মেচিনেৰীৰ বাবে সৰ্বমুঠ প্ৰায় 1.5 কোটি টকাৰ সামগ্ৰী ক্ৰয়ৰ বাবে দাদুল ভট্টই প্ৰথমে ৭৫ লাখ টকা উক্ত কোম্পানীটোৰ স্বত্বাধিকাৰী সদানন্দ দীক্ষিতক প্ৰদান কৰে ।

৭৫ লাখ টকা পোৱাৰ পাচতে কেৱল মাত্ৰ ১৫ লাখ টকাৰ সামগ্ৰী যোগান ধৰি দাদুল ভট্টৰ সৈতে যোগাযোগ বন্ধ কৰি দিয়ে লোকজনে । বহুবাৰ দাদুল ভট্টই তেওঁক যোগাযোগ কৰিবৰ বাবে বাৰে বাৰে চেষ্টা কৰিলে যদিও কোনো ধৰণৰ সুফল নাপালে । তাৰ পাচত উপায়বিহীন হৈ দাদুল ভট্টই গোলাঘাট আদালতত AYURNOVA কোম্পানীটোৰ স্বত্বাধিকাৰী সদানন্দ দীক্ষিতৰ লগতে পুত্ৰ সঞ্জীৱ দীক্ষিতৰ বিৰুদ্ধে ২০২৩ চনৰ শেষৰ ফালে এটা গোচৰ ৰুজু কৰে ।

উক্ত গোচৰৰ ভিত্তিতে গোলাঘাট আৰক্ষীৰ এটা দলে নবী মুম্বাইৰ বেলাপুৰত থকা উক্ত কোম্পানীটোৰ স্বত্বাধিকাৰী সদানন্দ দীক্ষিতক গ্ৰেপ্তাৰ কৰি শুকুৰবাৰে গোলাঘাট আদালতত হাজিৰ কৰায় । অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সহজ সৰল লোকসকলক এনেদৰে বৰ্হিৰাজ্যৰ একাংশ লোকে ঠক প্ৰৱঞ্চনাৰে লুট-পাত কৰি অহা কাৰ্যক দাদুল ভট্টই সমালোচনা কৰাৰ লগতে এনে লোকৰ পৰা সাৱধান হ’বলৈ আহ্বান জনায় ৷ ইয়াৰ লগতে গোলাঘাট আৰক্ষীৰ এই পদক্ষেপক তেওঁ উচ্চ প্ৰসংশা কৰে ।

লগতে পঢ়ক : বিজেপি নেত্ৰী জুনু গগৈয়ে খাইছে কণমানিহঁতৰ বাবে আৱণ্টিত টকা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.