এহেজাৰ বছৰ পুৰণি অসমীয়া গহনালৈ জি আই টেগ, আনন্দিত স্বৰ্ণশিল্পী
অৰ্থশাস্ত্ৰত উল্লেখিত প্ৰায় এহেজাৰ বছৰ পুৰণি অসমীয়া গহনাই লাভ কৰিলে ভৌগোলিক সূচাংকৰ পৰিচয় । উৎফুল্লিত হৈ পৰিছে ইয়াৰ লগত জড়িত শিল্পীসকল ।

Published : April 3, 2025 at 8:53 PM IST
বৰপেটা: বুধবাৰে অসমীয়া গহনাই লাভ কৰে ভৌগোলিক সূচাংকৰ পৰিচয় । ইয়াৰ পিছতেই উৎফুল্লিত হৈ পৰিছে অসমীয়া গহনা বনোৱা শিল্পৰৰ লগত জড়িত শিল্পীসকল । কিয়নো অৰ্থশাস্ত্ৰত উল্লেখ থকা অনুসৰি কমেও এহেজাৰ বছৰ পুৰণি অসমীয়া গহনা শিল্পই আত্মপৰিচয় লাভ কৰিবলৈ সক্ষম হ'ল । এই স্বীকৃতিয়ে অসমীয়া গহনাৰ নামত চলি অহা নকল সামগ্ৰীৰ বজাৰখনতো প্ৰভাব পেলাব বুলি শিল্পীসকলে গভীৰভাৱে আশা কৰিছে । সমান্তৰালভাৱে অসমীয়া গহনাৰ প্ৰচাৰ আৰু প্ৰসাৰতো এই স্বীকৃতিয়ে সহায় কৰিব ।
অসমীয়া গহনাই জি আই টেগ লাভ কৰা প্ৰক্ৰিয়াটোৰ লগত জড়িত বৰপেটাৰ যুৱ স্বৰ্ণশিল্পী অলকেশ দাসে কয়,"এই স্বীকৃতিৰ বাবে আমি অত্যন্ত আনন্দিত হৈছোঁ । বিগত ২০১৫ চনৰ পৰাই আমি এই স্বীকৃতি লাভৰ বাবে চেষ্টা অব্যাহত ৰাখিছিলোঁ । অৱশেষত লাভ কৰা এই স্বীকৃতিৰ ফলত অসমীয়া গহনাই এক সুৰক্ষা কৱচ পাবলৈ সক্ষম হ'ল । কাৰণ অসমীয়া গহনা বুলি অসমৰ বাহিৰত ক'পাৰত প্ৰস্তুত কৰা কম মূল্যৰ নকল বহু অলংকাৰ এতিয়া বজাৰত পোৱা যায় । সেইবোৰে প্ৰকৃত অসমীয়া গহনাৰ বজাৰখনৰ ক্ষতিসাধন কৰিছে । অসমীয়া গহনা কেৱল সোণ আৰু ৰূপৰ পৰাহে তৈয়াৰ কৰা হয় ।"
তদুপৰি তেওঁ কয়,"এই স্বীকৃতিয়ে অসমীয়া গহনাৰ প্ৰসাৰ আৰু প্ৰচাৰতো অন্যতম ভূমিকা গ্ৰহণ কৰিব । বিশেষকৈ অসমৰ বাহিৰত অসমীয়া গহনাৰ এখন বজাৰ সৃষ্টিৰ বাবে তেওলোকে যি প্ৰচেষ্টা দীৰ্ঘদিনৰ পৰা চলাই আহিছে তাত এই স্বীকৃতিয়ে যথেষ্ট সহায় কৰিব ।"

যুৱ উদ্যোগীজনে লগতে কয়,"অসমীয়া গহনা উদ্যোগটোত বহু যুৱ উদ্যোগীয়ে জড়িত হ'ব বিচাৰে, কিন্তু নকল অসমীয়া গহনাই বজাৰত ক্ৰমে প্ৰভাৱ বিস্তাৰ কৰাবলৈ ধৰাত তেওঁলোক আগবঢ়ি আহিবলৈ সাহস গোটাব পৰা নাই । এনেক্ষেত্ৰত জি আই টেগ লাভ কৰাত তেওঁলোকো আগবাঢ়ি আহিবলৈ সক্ষম হ'ব ।"

উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনতে বৰপেটাত অসমীয়া গহনাৰ কুটীৰ উদ্যোগে পোখা মেলিছিল । তেতিয়াৰে পৰা এই উদ্যোগটো বৰপেটাত বিশেষভাৱে চলি আহিছে । সম্পূৰ্ণৰূপে হস্তনিৰ্মিত অসমীয়া গহনাৰ কুটীৰ উদ্যোগটোত তৈয়াৰ কৰি অহা বিবিধ গহনাৰ ভিতৰত আছে কেৰু, থুৰীয়া, ঢোল, জোনবিৰি, ঢোলবিৰি, গামখাৰু, কেচেলুৰীয়া হাৰ, থোকাসোণা, লোকাপাৰো, পোৱালমণি, জুৰি পেঁপা, জাপি, জেঠিপটি আদি ।

বৰপেটাৰ উদ্যোগটোত পূৰ্বে পাঁচশৰো অধিক লোক জড়িত আছিল । বৰ্তমান সেই সংখ্যা যথেষ্ট হ্ৰাস পাইছে । এতিয়া পুনৰ উদ্যোগটোৱে অধিক গতি লাভ কৰিব বুলি অলকেশ দাসে আশা প্ৰকাশ কৰে ।

