হাফলং: জুডিমা হৈছে অসমৰ ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত চাউলৰ এধৰণৰ পানীয় ৷ যাক কোৱা হয় ৰাইচ বিয়েৰ । ইয়াৰ সাংস্কৃতিক তাৎপৰ্য আৰু অনন্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াৰ বাবে স্বীকৃতিপ্ৰাপ্ত । এই অঞ্চলৰ পৰা ভৌগোলিক সূচক জি আই টেগ লাভ কৰা প্ৰথম পানীয় বা ৰাইচ বিয়াৰ হৈছে জুডিমা ।
ডিমাছা জনগোষ্ঠীৰ সামাজিক ৰীতিনীতিৰ লগতে যুক্ত হৈ আছে জুডিমা । বিভিন্ন অনুষ্ঠানত ব্যৱহাৰ হয় বৰা চাউলৰ দ্বাৰা প্ৰস্তুত কৰা এই পানীয় বা ৰাইচ বিয়েৰ ।
- জুডিমাৰ উৎপত্তি আৰু তাৎপৰ্য:
জুডিমা অসমৰ খিলঞ্জীয়া জনগোষ্ঠী ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত চাউলৰ এক ধৰণৰ বিশেষ পানীয় আৰু তেওঁলোকৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈছে এই জুডিমা । জুডিমা আঠাযুক্ত বৰা চাউলৰ পৰা তৈয়াৰ কৰা হয়, যিটো ভাপত দি পৰম্পৰাগত বনৌষধিৰ সৈতে মিহলি কৰা হয়, য'ত ডিমা হাছাও জিলাৰ স্থানীয় 'থেম্ব্ৰা' নামৰ বন্য বনৌষধিও অন্তৰ্ভুক্ত কৰা হয় ।

২০২১ চনত জুডিমা উত্তৰ-পূব ভাৰতৰ পৰা ভৌগোলিক সূচক জি আই টেগ লাভ কৰা প্ৰথম পানীয় ৰাইচ বিয়েৰ হিচাপে স্বীকৃতি লাভ কৰে । যাৰ ফলত জুডিমাৰ অনন্য উৎপত্তি আৰু ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক গুৰুত্বৰ ইংগিত দিয়ে । জন্ম, মৃত্যু বিবাহৰ পৰা আৰম্ভ কৰি বিভিন্ন উৎসৱ, উদযাপন আদি অনুষ্ঠানত ডিমাছা লোকে জুডিমা ব্যৱহাৰ কৰে ।
জুডিমা নামৰ বিশেষ এই পানীয়, যাক কোৱা হয় ৰাইচ বিয়েৰ ৷ প্ৰধানকৈ ডিমাছা জনগোষ্ঠীৰ মহিলাসকলে তৈয়াৰ কৰে আৰু এই প্ৰক্ৰিয়াটো প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি থাকে । যাৰ ফলত সম্প্ৰদায়টোৰ পৰিচয়ৰ সৈতে জুডিমাৰ সম্পৰ্ক শক্তিশালী হয় ।
'থেম্ব্ৰা'ৰ ব্যৱহাৰ জুডিমাৰ এক সুকীয়া বৈশিষ্ট্য, ইয়াৰ অনন্য সোৱাদ আৰু সুগন্ধ অৰিহণা যোগায় । ডিমাছা জনগোষ্ঠীৰ মহিলাসকলে কি দৰে এই জুডিমা প্ৰস্তুত কৰে এই সন্দৰ্ভত অঞ্জতা পৰ্বচাই কয়, "জুডিমা প্ৰস্তুত কৰাৰ প্ৰথম প্ৰক্ৰিয়া হৈছে পানী গৰম কৰা ইয়াৰ পিচতে গৰম পানীত বৰা চাউল ঢালি ভাপত দিয়া হয় । ইয়াৰ পিচতে চাউল সম্পূৰ্ণভাৱে ভাপত পকি যোৱাৰ পিচতে এখন পলিথিনত ঢালি ঠাণ্ডা কৰি খোঁমাও নামৰ এটা সামগ্ৰী মিহলি কৰিব লাগে ৷ দুই তিনি দিন ৰাখি দিয়া হয় ইয়াৰ পিচতে ফার্মিন হোৱাৰ পিচতে মাটিৰ পাত্ৰ বা বাকেটত ১৫ দিনৰ পৰা ৩০ দিনলৈ বন্ধ ৰাখি দিব লাগে ।"

তেওঁ লগতে কয়, "যিমান পুৰণি হ'ব জুডিমা সিমানেই সোৱাদ হয় । ডিমাছা জনগোষ্ঠীৰ জন্ম-মৃত্যুৰ পৰা আৰম্ভ কৰি বিবাহ-শ্ৰাদ্ধ ডিমাছা পূজা বিভিন্ন সামাজিক আচাৰ-অনুষ্ঠান আদিকে ধৰি ডিমাছা জনগোষ্ঠীৰ বিহু বুছুডিমাত ব্যৱহাৰ কৰা হয় । যাৰ বাবে জুডিমা হৈছে ডিমাছা জনগোষ্ঠীৰ এক অবিচ্ছেদ্য অংগ ।"
অঞ্জতা পৰ্বচাই কয়, "ডিমা হাছাও জিলাত জুডিমা মহোৎসৱ আৰম্ভ হোৱাৰ পিচতে জুডিমা ভৌগোলিক সূচক জি আই টেগ লাভ কৰে ।" তেওঁ জানিবলৈ দিয়ে উত্তৰ-পূবৰ বিভিন্ন উপজাতি জনগোষ্টীয়ে ৰাইচ বিয়াৰ তৈয়াৰ কৰে যদিও উত্তৰ পূবত প্ৰথম ডিমাছা জনগোষ্ঠীৰ তৈয়াৰ একমাত্ৰ জুডিমা ভৌগোলিক সূচক জি আই টেগ লাভ কৰে যি ডিমাছা জনগোষ্ঠীৰ বাবে এক ডাঙৰ বিষয় বুলি অঞ্জতা পৰ্বচাই কয় ।