ETV Bharat / state

ৰঙালী বিহুৰ প্ৰাকক্ষণত সুখবৰ; অসমীয়া গহনালৈ জি আই টেগ - GI TAG

বহুদিনীয়া সংগ্ৰামৰ এটি ফচল ৷ অসমীয়া গহণাই লাভ কৰিলে জি আই টেগ ৷ সামাজিক মাধ্যমত মুখ্য়মন্ত্ৰীৰ অভিনন্দন ৷

GI TAG
অসমীয়া গহণালৈ জি আই টেগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 2, 2025 at 10:32 PM IST

Updated : April 3, 2025 at 10:34 AM IST

2 Min Read

হায়দৰাবাদ: ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ প্ৰাকক্ষণত অসমবাসীৰ বাবে এটি সুখবৰ ৷ অসমীয়া গহনালৈ জিঅ'গ্রাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে প্ৰদান কৰিছে জি আই টেগ ৷ এই সুখবৰ সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে ৷

বহিঃৰাজ্যৰ পৰা আমদানিকৃত অসমীয়া গহনা আৰু নকল গহনাৰ পয়োভৰ ৰোধৰ ক্ষেত্ৰত এই সিদ্ধান্তই এতিয়াৰে পৰা পালন কৰিব গুৰুত্বপূৰ্ণ ভূমিকা ৷ অসমীয়া গহনাক জি আই(GI TAG) প্ৰদানৰ ক্ষেত্ৰত ৰাজ্যৰ কেইবাগৰাকীও থলুৱা গহনা ব্যৱসায়ীয়ে দীৰ্ঘদিনৰে পৰা সংগ্ৰাম অব্যাহত ৰাখিছিল ৷ অৱশেষত তেওঁলোকৰ সংগ্ৰামে ফল পালে ৷

এই খবৰ সামাজিক মাধ্যমত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয়, ‘‘অসমলৈ এক সুখৰ বতৰা কঢ়িয়াই আনিছে অসমীয়া গহনাই । আমাৰ ঐতিহ্য-সংস্কৃতিৰ সৈতে অংগাংগীভাৱে জড়িত অসমীয়া গহনাক প্রদান কৰা হৈছে ভৌগোলিক সূচাংক অর্থাৎ জি আই টেগৰ স্বীকৃতি । মোৰ আজিও মনত আছে ২০১৮-১৯ বর্ষৰ বাজেট উত্থাপনত আমাৰ শিল্পীসকলৰ সুৰক্ষা আৰু স্বীকৃতিৰ প্রতি লক্ষ্য ৰাখি ইয়াৰ বাবে আমি প্রস্তাৱ গ্রহণ কৰিছিলো । আমাৰ এই প্রস্তাৱে আজি ন্যায্যতা পোৱাত সুখী অনুভৱ কৰিছো’’ ।

‘‘অসমীয়া গহনা উদ্যোগৰ সৈতে জড়িত আটাইলৈ তথা অসমবাসীলৈ এই গৌৰৱময় মুহূর্তত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো’’ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় ।

আনহাতে, এই খবৰত উৎসাহিত হৈ অসমীয়া গহণাৰ বিশিষ্ট ব্যৱসায়ী উৎপল বণিয়াই এনেদৰে কয়, ‘‘অৱশেষত অসমীয়া গহনায়ে লাভ কৰিলে ভৌগালিক সূচাংক অর্থাৎ জি আই টেগৰ স্বীকৃতি । ১২ বছৰৰ অবিৰতভাৱে কৰি অহা প্রচেষ্টাত আজি বহুত সুখী অনুভৱ কৰিছো ।’’

লগতে পঢ়ক: জি আই টেগ লাভ কৰা জুডিমা কেনেকৈ তৈয়াৰ কৰা হয় ?

Last Updated : April 3, 2025 at 10:34 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.