ETV Bharat / state

বিশিষ্ট ক্ৰীড়া সংগঠক এম.আলি আহমেদক জি.ডি.এছ.এ বঁটা-২০২৪ প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 9:22 PM IST

GDSA Award 2024 : বিশিষ্ট ক্ৰীড়া সংগঠক এম.আলি আহমেদক জি.ডি.এছ.এ বঁটা-2024 প্ৰদান ৷ গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় ৷

Golaghat District Sports Association
গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বঁটা প্ৰদান অনুষ্ঠান

এম.আলি আহমেদক জি.ডি.এছ.এ বঁটা-২০২৪ প্ৰদান

গোলাঘাট, 18 ফেব্ৰুৱাৰী : প্ৰাক্তন খেলুৱৈ, বিশিষ্ট ক্ৰীড়া সংগঠক এম.আলি আহমেদক গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ জি.ডি.এছ.এ বঁটা-2024 প্ৰদান ৷ গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণ আৰু বিকাশৰ অৰ্থে আগবঢ়োৱা সেৱামূলক অৱদানৰ বাবে গোলাঘাট জিলা ক্ৰীড়া সন্থাই এম.আলি আহমেদক এই বঁটা প্ৰদান কৰে ৷ এই বঁটাত আছে গামোচা, চেলেং, সঁফুৰা, সম্বৰ্ধনা পত্ৰ, ট্ৰফী আৰু 50 হাজাৰ টকাৰ চেক ৷

জিলা ক্ৰীড়া সন্থাৰ সহকাৰী সম্পাদক অজয় ভৰালীয়ে আঁত ধৰা অনুষ্ঠানত জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ অজিত বৰুৱা, সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈ, উপ-সভাপতি ক্ৰমে দীনেশ গগৈ, ড৹ নৃপেন বৰুৱা, পৰিক্ষীত দত্ত, যতীন বৰা আদি উপস্থিত থাকি বঁটা প্ৰাপক এম.আলি আহমেদক সম্বৰ্ধনা জনায় ৷ লগতে জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া, খেলুৱৈ, গুণমুগ্ধ আদিয়েও অনুষ্ঠানত এম.আলি আহমেদক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে ৷

অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৈয়ে ৷ গোলাঘাট জিলা ক্ৰীড়া সন্থাই 2016 চনৰ পৰা জি.বি.এছ.এ বঁটা প্ৰৱৰ্তন কৰি কৃতি খেলুৱৈ আৰু ক্ৰীড়া সংগঠকক প্ৰদান কৰি আহিছে ৷ উল্লেখ্য যে 1946 চনত শিৱসাগৰত জন্ম গ্ৰহণ কৰা এম. আলি আহমেদে স্কুল আৰু কলেজীয়া শিক্ষা শিৱসাগৰত গ্ৰহণ কৰাৰ পাছত কাৰিকৰী শিক্ষা গ্ৰহণ কৰে ৷ ইয়াৰ পাছতে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ চাকৰিত যোগদান কৰি অসমৰ বিভিন্ন প্ৰান্তত সেৱা আগবঢ়ায় গোলাঘাটত নিগাজীকৈ থাকিবলৈ লয় ৷ পৰৱৰ্তী সময়ত গোলাঘাটত সহকাৰী কাৰ্যবাহী অভিযন্তা হিচাবে অৱসৰ গ্ৰহণ কৰে তেওঁ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

চাকৰি জীৱনৰ মাজতে ফুটবল, এথলেটিকছ, মুখ্যত টেবুল টেনিছৰ ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়াইছে এম. আলি আহমেদে ৷ ইয়াৰ উপৰিও জিলাখনৰ চাহ বাগিচা অঞ্চলত ফুটবল খেলৰ প্ৰসাৰৰ বাবে বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰিছিল তেওঁ ৷ গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ টেবুল টেনিছ বিভাগৰ সম্পাদক, অসম টেবুল টেনিছ সন্থাৰ উপ-সভাপতি অসম, এথলেটিকছ অফিচিয়েলৰ পথ অলংকৃত কৰি দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল তেওঁ ৷ ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত এম আলিৰ ক্ৰীড়া সম্পৰ্কীয় লিখনিসমূহৰ জৰিয়তে ৰাজ্যৰ খেলুৱৈ সকলে বিশেষভাৱে উপকৃত হৈছে ৷

লগতে পঢ়ক : ইংলেণ্ডৰ বিৰুদ্ধে ৪৩৪ ৰাণৰ ব্যৱধানত ভাৰতৰ জয়; যশস্বীৰ দ্বিশতক, জাদেজাৰ দখলত 5 উইকেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.