ETV Bharat / state

ৰণজিৎ কুমাৰ দাসক উভতি ধৰিছে উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনে

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 9:59 PM IST

Gauhati High Court Bar Association: গুৱাহাটী উচ্চ ন্যায়ালয় আৰু কামৰূপ (মেট্ৰ ') জিলাৰ সকলো আদালত আৰু ন্যায়াধিকৰণক উত্তৰ গুৱাহাটীলৈ স্থানান্তৰণৰ বিৰোধিতা কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনে ।

Gauhati High Court
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ বিবৃতি

গুৱাহাটী, ৭ ফেব্ৰুৱাৰী : অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু কামৰূপ (মেট্ৰ ') জিলাৰ সকলো আদালত আৰু ন্যায়াধিকৰণক উত্তৰ গুৱাহাটীৰ ৰংমহল নামৰ স্থানলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যন । এক বিবৃতিৰ জৰিয়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ সভাপতি মৃণাল কুমাৰ চৌধুৰী আৰু সম্পাদক প্ৰধান গিৰিণ পেগুৱে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰে ।

Gauhati High Court Bar Association

বিবৃতিৰ জৰিয়তে উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ সভাপতি মৃণাল কুমাৰ চৌধুৰী আৰু সম্পাদক প্ৰধান গিৰিণ পেগুৱে কয় যে সংবাদ মাধ্যমৰ বাতৰিৰ জৰিয়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ দৃষ্টিগোচৰ হৈছে যে অসম চৰকাৰৰ আইন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এই কথা সদৰী কৰিছে ।

অসম চৰকাৰে 2024 চনৰ 6 ফেব্ৰুৱাৰীত বিধানসভাত এক বিবৃতি প্ৰকাশ কৰি কয় যে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু কামৰূপ (মেট্ৰ') জিলাৰ সকলো আদালত আৰু ন্যায়াধিকৰণক উত্তৰ গুৱাহাটীৰ ৰংমহল নামৰ স্থানলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে যাতে তাত পৰ্যাপ্ত স্থান, বহাৰ ব্যৱস্থা, আইনজীৱীৰ বাবে পুথিভঁৰাল আৰু বাহনৰ পাৰ্কিঙৰ সুবিধা প্ৰদান কৰিব পাৰি ।

বিবৃতিটো তেওঁলোকে কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছ’চিয়েশ্যনৰ প্ৰতিনিধিসকলক দিয়া আশ্বাসৰ বিপৰীতে আইন মন্ত্ৰীগৰাকীয়ে দিয়া এনে বিবৃতিয়ে আমাক আচৰিত কৰিছে ।’’

তদুপৰি কয়, ‘‘এছ’চিয়েশ্যনে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰিছিল । এনে পদক্ষেপৰ বিৰোধিতা কৰি ধৰ্ণা-বিক্ষোভৰ আশ্ৰয় লৈছিল ।‌ যাৰ বাবে অৱশেষত 30.09.2023 তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ প্ৰতিনিধিসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয় । বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীক সংযোগ কৰা নতুন দলংখন সম্পূৰ্ণ হোৱাৰ পিচত আৰু কাৰ্যকৰী হোৱাৰ পিচত, উচ্চ ন্যায়ালয়ৰ পৰা ৰংমহললৈ যাত্ৰা কৰিবলৈ প্ৰকৃততে কিমান সময় লাগে সেয়া নিৰ্ধাৰণ কৰিবলৈ এক ক্ষেত্ৰ অধ্যয়ন কৰা হ'ব । তাৰ‌‌ পিচত এই অধ্যয়নৰ ভিত্তিত ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব পাৰে ।’’

লগতে কোৱা হৈছিল যে উচ্চ ন্যায়ালয়ে 250 বিঘা ভূমি বিচাৰিছে যিটো ৰংমহল অঞ্চলত অধিগ্ৰহণ কৰাটো সম্ভৱ নহয় । তদুপৰি, কেন্দ্ৰীয় চৰকাৰে ভূমি অধিগ্ৰহণৰ বাবে পুঁজি অনুমোদন কৰিব লাগিব কিয়নো ৰাজ্যখনত পুঁজিৰ অভাৱ আছে আৰু ৰাজ্যখনে এই প্ৰকল্পৰ বাবে কোনো বাজেট নিৰ্ধাৰণ কৰা নাই । বিবৃতিটোত তেওঁলোকে কয় যে উচ্চ ন্যায়ালয় স্থানান্তৰ কৰাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ এনে কোনো সিদ্ধান্তৰ বিষয়ে তেওঁলোকক জনোৱা হোৱা নাই । আইন মন্ত্ৰীগৰাকীয়ে অতি সোনকালে বিধানসভাত এই বিষয়টো স্পষ্ট কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনে দাবী জনায় ।’’

লগতে পঢ়ক: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত ল'লে বিজয় বিষ্ণয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.