ETV Bharat / state

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত ল'লে বিজয় বিষ্ণয়ে

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 11:00 PM IST

Gauhati HC chief justice : সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ বিজয় বিষ্ণয়ৰ ৷ ৰাজভৱনত মুখ্য ন্যায়াধীশ গৰাকীক শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই ৷

Gauhati HC chief justice
বিজয় বিষ্ণয়ৰ শপত গ্ৰহণ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ বিজয় বিষ্ণয়ৰ

গুৱাহাটী, 5 ফেব্ৰুৱাৰী : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ বিজয় বিষ্ণয়ৰ ৷ সোমবাৰে ৰাজ ভৱনত বিজয় বিষ্ণয়ে মুখ্য ন্যায়াধীশ হিচাবে শপত গ্ৰহণ কৰে ৷ মুখ্য ন্যায়াধীশ গৰাকীক শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই ৷

ৰাজভৱনত অনুষ্ঠিত এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়া, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাক উচ্চতম ন্যায়ালয়লৈ পদোন্নীত কৰাৰ পিছৰেপৰা এই পদ খালী হৈ আছিল ৷ ২ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ন্যয়াধীশ বিজয় বিষ্ণয়ক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে ৷

উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া বিজয় বিষ্ণয় ৰাজস্থানৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল ৷ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে প্ৰাৰ্থী বিষ্ণয়ক সকলো দিশ পৰ্যালোচনা কৰি ন্যায়াধীশ ৰূপে নিযুক্তিত অনুমোদন জনাইছিল ৷

ইফালে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ন্যায়াধীশ বিষ্ণয়ে পূৰ্বে ৰাজস্থান উচ্চ ন্যায়ালয় আৰু যোধপুৰৰ কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণত দেৱানী, অপৰাধমূলক, সাংবিধানিক, সেৱা আৰু নিৰ্বাচনী গোচৰত বিশেষজ্ঞতাৰে আইন চৰ্চা কৰিছিল ৷ তেওঁক নিযুক্তিৰ পৰামৰ্শ দিয়াৰ আনুষ্ঠানিক প্ৰস্তাৱ কলেজিয়ামে দিছিল, য’ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ বি আৰ গাভাই আছিল ৷

লগতে পঢ়ক : বহুবিবাহ নিষিদ্ধ আইন সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.