ETV Bharat / state

প্ৰসিদ্ধ বৌদ্ধ ধৰ্মগুৰু ডঃ শাসনবংশ মহাথেৰ ভান্তেৰ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 9:05 PM IST

Updated : Feb 5, 2024, 10:19 PM IST

Poy Leng in Charaideo : ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন উত্তৰ-পূব ভাৰতৰ প্ৰসিদ্ধ ধৰ্মগুৰু, শিক্ষাবিদ, ধৰ্মৰত্ন ডঃ শাসনবংশ মহাথেৰ ভান্তেৰ । অসম চৰকাৰৰ হৈ উপস্থিত থাকে দুগৰাকীকৈ মন্ত্ৰী ।

প্ৰসিদ্ধ বৌদ্ধ ধৰ্মগুৰু ডঃ শাসনবংশ মহাথেৰ ভান্তেৰ শেষকৃত্য সম্পন্ন

চৰাইদেউত ডঃ শাসনবংশ মহাথেৰ ভান্তেৰ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন

মৰাণ, ৫ ফেব্ৰুৱাৰী : সোমবাৰে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হয় উত্তৰ-পূব ভাৰতৰ প্ৰসিদ্ধ ধৰ্মগুৰু, শিক্ষাবিদ, ধৰ্মৰত্ন ডঃ শাসনবংশ মহাথেৰ ভান্তেৰ । চৰাইদেউৰ চলাপথাৰত আয়োজিত পয় লেং উৎসৱত আনুষ্ঠানিকভাৱে শেষকৃত্য সম্পন্ন কৰা হয় উত্তৰ-পূব ভাৰতৰ প্ৰসিদ্ধ ধৰ্মগুৰু, শিক্ষাবিদ, ধৰ্মৰত্ন ডঃ শাসনবংশ মহাথেৰ ভান্তেৰ ।

এই অনুষ্ঠানত অসম চৰকাৰৰ হৈ উপস্থিত থাকে মন্ত্ৰী বিমল বড়া, যোগেন মহনৰ লগতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । আনহাতে, পয় লেঙত উপস্থিত হৈ ৰথ টানে মন্ত্ৰী বিমল বড়া, যোগেন মহন আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২৪ আগষ্টত পৰিনিৰ্বাণ ঘটা ডঃ শাসনবংশ মহাথেৰ ভান্তেক শ্ৰদ্ধা নিবেদন কৰিবলৈ চৰাইদেউ চলাপথাৰ শ্যামগাঁৱত শনিবাৰৰ পৰা আৰম্ভ হয় 'পয় লেং' উৎসৱ ।

উত্তৰ-পূব ভাৰতৰ প্ৰসিদ্ধ ধৰ্মগুৰু তথা আনন্দৰাম বৰুৱা বঁটাপ্ৰাপক, পালিভাষা, বৌদ্ধ-ধৰ্মৰ পণ্ডিতপ্ৰৱৰ, সাহিত্যিক, শিক্ষাবিদ, ধৰ্মৰত্ন ডঃ শাসনবংশ মহাথেৰ ভান্তেৰ পৰিনিৰ্বাণপ্ৰাপ্তি উপলক্ষে অন্তিম পবিত্রময় পালনীয় 'পয় লেং' (ৰথোৎসৱ) অনুষ্ঠানটি শনিবাৰৰ পৰা আৰম্ভ হয় । বিশেষ পদ্ধতিৰে সংৰক্ষিত ভান্তেৰ নশ্বৰ দেহ বিশেষ অনুষ্ঠানৰ জৰিয়তে আৰম্ভণিৰ দিনা সু-সজ্জিত ৰথত তোলাৰ পাছত সোমবাৰে ৰাজ্যিক মৰ্যাদাৰে সৎকাৰ কৰা হয় ।

বৌদ্ধ ধৰ্মীয় নীতি অনুসৰি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত 'পয় লেং' অনুষ্ঠানত ভাৰতৰ বিভিন্ন প্ৰান্তৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ লগতে থাইলেণ্ড, লাওচ, ভিয়েটনাম আদিৰ লোকেও অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে প্ৰসিদ্ধ ধৰ্মগুৰুগৰাকীৰ অন্তিম বিদায়ত এক আৱেগিক আৰু শোকাকুল পৰিৱেশে বিৰাজ কৰে । তেওঁৰ গুণমুগ্ধ তথা শিষ্যসকলে অশ্ৰুসিক্ত নয়নেৰে তেওঁক অন্তিম বিদায় জনায় ।

লগতে পঢ়ক :আজিৰে পৰা চেলাপাছেৰে পুনৰ যান-বাহনৰ চলাচল আৰম্ভ

Last Updated : Feb 5, 2024, 10:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.