ETV Bharat / state

উৎকোচ লোৱাৰ অভিযোগ: ক’ত পলাল বন বিষয়া মৃণালকান্তি নাথ ?

Rani Forest Range: এগৰাকী বন বিষয়া পলাতক হৈ আছে ৷ মৃণালকান্তি নাথ নামৰ বিষয়াগৰাকীয়ে টকা খাই পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

Rani Forest Range
ৰাণী বনাঞ্চলিক কাৰ্যালয়
author img

By ETV Bharat Assamese Team

Published : February 11, 2024 at 9:53 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 11 ফেব্ৰুৱাৰী: পলাতক অৱস্থাত আছে এগৰাকী বন বিষয়া । পূৱ কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ ডেপুটি ৰেঞ্জাৰ মৃণালকান্তি নাথ বৰ্তমান হৈ আছে পলাতক । উল্লেখ্য যে কেইদিনমান পূৰ্বে AS ২৫ AC ৯৫৮৮ নম্বৰৰ এখন মহিন্দ্ৰা পিক আপ ভানত চোৰাংকৈ কঢ়িয়াই নিছিল কাঠৰ কুন্দা ৷

কাঠৰ কুন্দাভৰ্তি বাহনখন ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ দলে জব্দ কৰিবলৈ সক্ষম হৈছিল । বনকৰ্মীৰ দলটোৱে গাড়ীখন কাৰ্যালয়লৈ লৈ আহে যদিও নিশাই বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত ডেপুটি ৰেঞ্জাৰ মৃণালকান্তি নাথে অতি গোপনে গাড়ীখন মোকলাই দিয়াৰ অভিযোগ উত্থাপিত হয় ।

একাংশ চোৰাং বেপাৰীৰ সৈতে গোপন মিতিৰালিৰে দীৰ্ঘদিন ধৰি নাথে ধন সংগ্ৰহ কৰি আহিছিল বুলিও অভিযোগ আছে । উল্লেখ্য যে ৰাণী বনাঞ্চলিক কাৰ্যালয়ত প্ৰায় দুমাহ ধৰি ৰেঞ্জাৰ নথকাত ডেপুটি ৰেঞ্জাৰ মৃণালকান্তি নাথেই উঠি ৰজা বহি ৰজা হৈ কাৰ্যনিৰ্বাহ কৰি আছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

পৰৱৰ্তী সময়ত বনকৰ্মীয়ে বন বিভাগৰ শীৰ্ষ বিষয়াক বিষয়টো আৱগত কৰাত ডি এফ অ’ ৰোহিণী শইকীয়াই তদন্ত ঘোষণা কৰে । তদন্তকাৰী দল ৰাণী গৈ পোৱাৰ পূৰ্বেই ঘোচখোৰ বিষয়া নাথে কাৰ্যালয়ৰ পৰা পলায়ন কৰি বৰাকৰ নিজ ঘৰলৈ যায়‌ । অৱশ্যে তেওঁৰ বিৰুদ্ধে থকা অভিযোগ সন্দৰ্ভত ফোনযোগে জানিবলৈ বিচৰাত ছুটী লোৱা বুলিহে জানিবলৈ দিয়ে যদিও চোৰাং গাড়ীখন ধনৰ বিনিময়ত মুকলি কৰি দিয়াৰ অভিযোগ সন্দৰ্ভত কোনো মন্তব্য নকৰিলে ।

আনহাতে, পূৱ কামৰূপ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া অৰ্থাৎ ডি এফ অ’ ৰোহিণী শইকীয়াৰ সৈতে যোগাযোগ কৰা বিষয়টো সন্দৰ্ভত তদন্ত ঘোষণা কৰা হৈছে যদিও নাথে ছুটীৰ আবেদন দাখিল কৰি হঠাতে ঘৰলৈ যোৱাত তদন্ত প্ৰক্ৰিয়া লেহেমীয়া হৈছে বুলি জানিবলৈ দি তেওঁ ঘৰৰ পৰা অহাৰ পিচতেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে । এতিয়া ডেপুটি ৰেঞ্জাৰ মৃণালকান্তি নাথে কেতিয়া কাৰ্যালয়ত উপস্থিত হ’ব সেয়া সময়েহে ক’ব ।

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে গৰকিলে ৫০ বছৰ