ETV Bharat / state

গোৱালপাৰাত বন বিভাগৰ বৃহৎ উচ্ছেদ অভিযান

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 8:43 PM IST

Eviction in Goalpara
গোৱালপাৰাত বন বিভাগৰ বৃহৎ উচ্ছেদ অভিযান

Forest department eviction: লক্ষীপুৰ আঞ্চলিক বনাঞ্চলৰ অধীনস্থ কুমাৰখালি সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ অভিযান । ৬০ হেক্টৰ ভূমিত চলিছে এই উচ্ছেদ । বেদখল কৰি থকা প্ৰায় ১,৪৬১ টা পৰিয়ালক কৰা হ'ব উচ্ছেদ ।

গোৱালপাৰাত বন বিভাগৰ বৃহৎ উচ্ছেদ অভিযান

গোৱালপাৰা,২০ জানুৱাৰী : বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে অসম চৰকাৰ । এইবাৰ বেদখলকাৰীৰ বিৰুদ্ধে গোৱালপাৰা জিলাত বৃহৎ উচ্ছেদ অভিযান চলালে বন বিভাগে । লক্ষীপুৰত শনিবাৰৰ পৰা বনবিভাগে প্ৰায় ৬০ হেক্টৰ চৰকাৰী ভূমিত উচ্ছেদ আৰম্ভ কৰিছে । বন বিভাগে জনোৱা মতে সেই স্থানৰ পৰা প্ৰায় ১,৪৬১ টা পৰিয়ালক উচ্ছেদ কৰা হ'ব । ইয়াৰ লগে লগে অঞ্চলটোৰ উচ্ছেদিত লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে গোৱালপাৰা জিলাৰ পঞ্চৰত্নৰ উচ্ছেদ অভিযানৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে লক্ষীপুৰত শনিবাৰৰ পৰা আৰম্ভ হৈছে এই বৃহৎ উচ্ছেদ অভিযান । জিলাখনৰ লক্ষীপুৰ আঞ্চলিক বনাঞ্চলৰ অধীনস্থ কুমাৰখালি সংৰক্ষিত বনাঞ্চলত চলিছে বন বিভাগৰ এই অভিযান । জানিব পৰা মতে বনবিভাগে উচ্ছেদ চলোৱা কুমাৰখালিত উচ্ছেদিত লোকসকলে বহু বছৰ ধৰি বসবাস কৰি আহিছে । কিন্তু তেওঁলোকে বন বিভাগৰ মাটি দখল কৰি থকাৰ বাবে পুৱাই কটকটীয়া নিৰপত্তা বেষ্টনীৰ মাজত বন বিভাগে জিলা প্ৰশাসনৰ সহযোগত ১০ খনকৈ বুলড'জাৰেৰে এফালৰ পৰা উচ্ছেদ চলাই যায় । বহু পকী ঘৰ এফালৰ পৰা ভাঙি দিয়া হয় ।

কিন্তু হাড়-কঁপোৱা শীতৰ মাজত বন বিভাগৰ এই উচ্ছেদক লৈ অসন্তুষ্ট হৈছে বিভিন্ন সংগঠন তথা উচ্ছেদিত লোকসকল । চকুৰ সন্মুখতে আপোন ঘৰখনত বন বিভাগৰ উচ্ছেদ চলা দেখি কান্দোনত ভাগি পৰিছে একাংশ লোক । প্ৰচণ্ড শীতৰ মাজত তেওঁলোকে নিশা ক'ত কটাব তাৰ কথা চিন্তা কৰিও উদ্বিগ্ন হৈ পৰিছে লোকসকলে । ইফালে বন বিভাগে জনোৱা মতে এই উচ্ছেদ দেওবাৰেও অব্যাহত থাকিব । সম্পূৰ্ণ বেদখলীকৃত ভূমি খালী নোহোৱালৈ উচ্ছেদ অভিযান অব্যাহত ৰাখিব বন বিভাগে ।

লগতে পঢ়ক :লখিমপুৰত দুৰ্বৃত্তই ফালিলে পোষ্টাৰ, এজাহাৰ দাখিল জিলা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.