ETV Bharat / state

বঙাইগাঁও শোধনাগাৰত ফুলৰ মেলা

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 9:46 PM IST

Flower Exhibition: শনিবাৰৰ পৰা তিনিদিনীয়াকৈ বঙাইগাঁও শোধনাগাৰত আৰম্ভ ১৪ সংখ্যক পুষ্প প্ৰদৰ্শনী মেলাৰ । চাৰিও দিশে ফুল আৰু ফুল । ৰত্নপীঠ উদ্যান ভৰিছে ভিন্ন ৰঙী বিন্ন প্ৰজাতিৰ ফুলেৰে । ১০, ১১ আৰু ১২ ফেব্ৰুৱাৰীত তিনি দিনীয়াকৈ চলিব এই ফুলৰ মেলা ।

Flower Exhibition Fair at Bongaigaon Refinery
বঙাইগাঁও শোধনাগাৰত পুষ্প প্ৰদৰ্শনী মেলা
বঙাইগাঁও শোধনাগাৰত পুষ্প প্ৰদৰ্শনী মেলা

চিৰাং,১১ ফেব্ৰুৱাৰী: শনিবাৰৰ পৰা তিনি দিনীয়াকৈ চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ উপনগৰীত আৰম্ভ হৈছে ১৪ সংখ্যক পুষ্প প্ৰদৰ্শনী । শনিবাৰে সন্ধিয়া ৫:৩০ বজাত বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী পৰিচালন সঞ্চালক নয়ন কুমাৰ বৰুৱাই ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এই ১৪ সংখ্যক পুষ্প প্ৰদৰ্শনী মেলাৰ ।

শোধনাগাৰ উপনগৰীৰ ৰত্নপীঠ উদ্যানত প্ৰতি বছৰৰ দৰে এইবেলিও পুষ্প প্ৰদৰ্শনী মেলাৰ আয়োজন কৰিছে বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই । পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত ফুলৰ ভূমিকা আছে যাৰ বাবে শোধনাগাৰ কৰ্তৃপক্ষই প্ৰতিবছৰেই এইদৰে পুষ্প প্ৰদৰ্শনীৰ আয়োজন কৰি আহিছে । এবাৰৰ পুষ্প প্ৰদৰ্শনীত শোধনাগাৰ উপনগৰীৰ শতাধিক মহিলাই পুষ্প প্ৰদৰ্শনী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।

যাৰ বাবে ৰত্নপীঠ উদ্যানত এতিয়া চাৰিও দিশে কেৱল ফুল আৰু ফুল । প্ৰতিটো প্ৰজাতিৰ বিভিন্ন প্ৰকাৰৰ ফুল । কেৱল গোলাপ ফুলেই আছে দহ প্ৰকাৰৰ একেদৰে নাৰ্জী, ডালিয়াকে আদি কৰি শতাধিক প্ৰকাৰৰ ফুল । এক কথাত ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ ৰত্নপীঠ উদ্যান । শনিবাৰে মুকলি কৰা পুষ্প প্ৰদৰ্শনীত দেওবাৰে বিভিন্ন প্ৰতিযোগিতা আৰু বটা বিতৰণী সভা অনুষ্ঠিত হয় আৰু লগতে দৰ্শকৰ বাবে মুকলি কৰা হয় পুষ্প প্ৰদৰ্শনী ।

১১ আৰু ১২ ফেব্ৰুৱাৰীত বাহিৰৰ দৰ্শকে পুষ্প প্ৰদৰ্শনী মেলা উপভোগ কৰিব পাৰিব । পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাত ফুলৰ কি ভূমিকা সেয়া যাতে ৰাইজৰ মাজত বিয়পি পৰে সেই উদ্দেশ্যে সকলো দৰ্শকৰ বাবে মুকলি কৰা হয় এই প্ৰদৰ্শনী । যাতে ফুলৰ প্ৰতি ৰাইজৰ আকৰ্ষণ বৃদ্ধি পায় আৰু সকলোৱে ফুলৰ বাগিচা পাতিবলৈ লয় । শোধনাগাৰৰ কাৰ্যবাহী পৰিচালন সঞ্চালক নয়ন কুমাৰ বৰুৱাই কয় "আমি কেৱল তেল উৎপাদন নকৰো সেউজ পৰিৱেশৰ প্ৰতিও গুৰুত্ব দিওঁ । পুষ্প প্ৰদৰ্শনী মেলাৰ উদ্বোধনী অনুষ্ঠানত শোধনাগাৰৰ কেবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক: মেৰাপানীত তামোল-পাণেৰে নিজৰ ভুলৰ ক্ষমা বিচাৰিলে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.