ETV Bharat / state

জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান: পশু-পক্ষীৰ বিলৈ আৰম্ভ - ASSAM FLOOD 2025

বছৰৰ প্ৰথমটো বানতেই কাজিৰঙাত হাহাকাৰ । ঘাইপথেৰে বাগৰিছে পানী ।

Flood in Kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানী (Kaziranga National Park)
author img

By ETV Bharat Assamese Team

Published : May 31, 2025 at 8:24 PM IST

2 Min Read

কাজিৰঙা: বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণত জলমগ্ন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সমীপৱৰ্তী অঞ্চল ৷ বৰষুণৰ ফলত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বুৰ গৈছে কাজিৰঙাৰ বিভিন্ন অঞ্চল ৷ কাজিৰঙাৰ বগৰীজুৰিত প্ৰকৃতিৰ বিধ্বংসী ৰূপত আতংকিত হৈছে স্থানীয় ৰাইজ ৷

জলমগ্ন হৈ পৰা কাজিৰঙাত আনকি ঘাইপথেৰেও বাগৰিছে পানী ৷ প্ৰৱল বৃষ্টিপাতত উপচি পাৰ বাগৰিছে কহঁৰা নৈ ৷ ইপিনে, পানী ওফন্দি উঠাৰ ফলত কাজিৰঙাৰ কৃত্ৰিম বানে জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক ৷ কঁহৰা নৈৰ কাষৰীয়া নেপালী গাঁৱৰ লোকসকলৰ জনজীৱন ব্যাহত হৈছে ৷ নৈখনৰ এনে দশাৰ বিভিন্ন কাৰণ ব্যাখ্যা কৰিছে স্থানীয় ৰাইজে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানী (ETV Bharat Assam)

এই সন্দৰ্ভত ক্ষোভ ব্যক্ত কৰি এগৰাকী ভুক্তভুগীয়ে কয়, "অপৰিকল্পিতভাৱে য’তে ত’তে নিৰ্মাণ কৰা ৰিজ'ৰ্টসমূহ আৰু নলা-নৰ্দমাৰ সঠিক ব্যৱস্থা নকৰাৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ অবিজ্ঞানসন্মতভাৱে কিছু বছৰৰ পূৰ্বে কঁহৰা নৈত নিৰ্মাণ কৰা শ্লুইছ গেটৰ বাবেও এনে অৱস্থাৰ সৃষ্টি হৈছে ৷ শ্লুইছ গেটৰ তলছোৱা ভাঙি দিলেই বান সমস্যাৰ সমাধান হয় যদিও চৰকাৰীভাৱে গুৰুত্ব প্ৰদান কৰা নাই বিষয়টো সন্দৰ্ভত ৷"

আনহাতে, ঘাইপথৰ কাষৰ নলাসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ বাবে ঘাইপথতো কৃত্ৰিম বানৰ সৃষ্টি হয় ৷ এনে পৰিস্থিতিত শুকুৰবাৰে নিশা যান-বাহনৰ চলাচলতো অসুবিধাৰ সৃষ্টি হৈছে ৷ আনকি কঁহৰাত কৃত্ৰিম বানৰ প্ৰকোপত দি ক’ৰ্ট য়াৰ্ড ৰিজ'ৰ্টৰ পকীবেৰ উটুৱাই নিয়ে পানীৰ ঢলে ৷ আন এগৰাকী স্থানীয় লোকে কয়, “সময় থাকোতেই যদি কাজিৰঙাত পৰিকল্পিতভাৱে সঠিক ব্যৱস্থা লোৱা নহয় ভৱিষ্য়তে গুৱাহাটী মহানগৰীতকৈও ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক ৷ কৃত্ৰিম বানে ভাবুকি কঢ়িয়াই আনিব কাজিৰঙাৰ জনকূল আৰু বন্যজীৱকূললৈ ৷”

Kaziranga National Park
কাজিৰঙাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল প্ৰকাণ্ড গছ (ETV Bharat Assam)

ঘাইপথত বাগৰিল গছ :

ইপিনে, শনিবাৰে আবেলি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে প্ৰকাণ্ড গছ ৷ ফলত দীৰ্ঘসময় ধৰি ব‍্যাহত হৈ পৰে উজনি-নামনিৰ যাতায়াত ব‍্যৱস্থা ৷ পৰৱৰ্তী সময়ত প্ৰশাসনে পথটো মুকলি কৰিবলৈ সক্ষম হয় ৷ অৱশ্য়ে ৰাষ্ট্ৰীয় ঘাইপথেদি অহা-যোৱা কৰা কোনো লোক আহত বা যান-বাহন ক্ষতিগ্ৰস্ত নহ’ল ।

লগতে পঢ়ক:হঠাৎ আহিল বান: এবুকু পানীত নামি পূৰঠ নোহোৱা ধানকে কাটিলে কৃষকে - ASSAM FLOOD 2025

নীপকোৱে এৰিলে পানী: লখিমপুৰত দোকোলটঁকা বান, জলপ্ৰলয়ত দুজনৰ মৃত্যু - ASSAM FLOOD 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.