ETV Bharat / state

হঠাৎ আহিল বান: এবুকু পানীত নামি পূৰঠ নোহোৱা ধানকে কাটিলে কৃষকে

মাজুলীত কৃষকে মূৰে-কপালে হাত দিছে । হঠাৎ অহা পানীয়ে বুৰাই পেলাইছে মাজুলীৰ বিভিন্ন অঞ্চল ।

Flood in Majuli
এবুকু পানীত নামি ধান কাটিছে কৃষকে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 31, 2025 at 5:51 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী: যোৱা ৩-৪ দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ হোৱা দেখা গৈছে । ইয়াৰ মাজতে নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিছে । যাৰ বাবে লখিমপুৰৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে । কেৱল লখিমপুৰেই নহয়, নীপকোৱে এৰি দিয়া ৰঙানদীৰ পানী প্ৰৱেশ কৰিছে মাজুলীৰ বিভিন্ন প্ৰান্তত । হঠাৎ অহা পানীয়ে বুৰাই পেলাইছে মাজুলীৰ বিভিন্ন অঞ্চল ।

একেদৰে পুৱতি নিশাৰ পৰাই বাঢ়ি অহা লুইত আৰু সোৱণশিৰি নদীৰ পানীয়েও বুৰাই পেলাইছে বিৰিণাবাৰী অঞ্চলৰ অন্তৰ্গত থেকেলানি বিলৰ পাৰৰ বৃহৎ কৃষিভূমি । পানীত বুৰ গৈছে প্ৰায় ২০ বিঘা বৰো ধানৰ খেতি । যাৰ বাবে কৃষকসকলৰ মাজত হাহাকাৰ লাগিছে । কিয়নো এতিয়াও অপৈনত অৱস্থাতে আছে ধানবোৰ । সেয়ে ততাতৈয়াকৈ পানীত নামিল কৃষকসকল । এবুকু পানীত নামি কৃষকসকলে বহু কষ্টৰে কৰা অপৈনত ধানবোৰ কাটিবলৈ আৰম্ভ কৰে । অৱশ্যে সকলো ধান কাটি পেলোৱাটো তেওঁলোকৰ বাবে সম্ভৱ নহয় । এনে পৰিস্থিতিত ভৱিষ্যতৰ কথা চিন্তা কৰি মূৰে কপালে হাত দিছে দুৰ্ভগীয়া কৃষকসকলে ।

মাজুলীত বাঢ়নি পানীয়ে বুৰাইছে ধাননি পথাৰ (ETV Bharat)

এগৰাকী কৃষকে ক'লে, "কালিলৈ ইয়াত পানী নাছিল, আজি পুৱাৰ ভাগৰ পৰাই পানীয়ে বুৰাই পেলাইছে আমাৰ কৃষিভূমি । বাঢ়নি পানীয়ে আমাৰ বৰো ধানবোৰ নষ্ট কৰি দিলে । গতিকে চৰকাৰে আমাৰ কথা, আমাৰ পৰিয়ালৰ কথা চিন্তা কৰি আমাক সহায়ৰ হাত আগবঢ়াওক ।"

এগৰাকী কৃষকে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়, "গাঁৱৰ ৰাস্তাকেইটা পকী কৰিলেই বা গাঁৱৰ ঘৰকেইটা পকী কৰিলেই চৰকাৰৰ দায়িত্ব শেষ নহয় । বাৰিষাৰ আগত ক'ত নদী আছে, ক'ত বিল আছে চাব লাগে, যাতে বাৰিষাৰ পানীয়ে ৰাইজৰ অনিষ্ট কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব পাৰি ।" অঞ্চলটোত বান্ধ নথকাৰ বাবে বছৰি এনেদৰে বানে কৃষকৰ ফচল নষ্ট কৰে বুলিও ক্ষোভ প্ৰকাশ কৰে কৃষকসকলে ।

লগতে পঢ়ক :ক্ৰমাৎ জটিল হৈছে বান পৰিস্থিতি: তিনিখন জিলা বানৰ কবলত - ASSAM FLOOD SITUATION