লখিমপুৰ : বিগত প্ৰায় ৩-৪ দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । লখিমপুৰ জিলাত বান পৰিস্থিতিত ভয়াৱহ হৈ পৰিছে । নীপকোৱে এৰি দিয়া ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত জলৰাশিয়ে মহাপ্ৰলয়ৰ সৃষ্টি কৰিছে । শুকুৰবাৰে জলবিদ্যুৎ প্ৰকল্পৰ এক আৰু দুই নং গে'ট খুলি দিয়াৰ পাছতে নিশা ৪ খন গে'টেৰে পানী এৰি দিয়া হয় ।
পৰিণতিত লখিমপুৰত বিশেষ কৈ নৈপৰীয়া অঞ্চলসমূহত সাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । বান পৰিস্থিতিত জিলাখনত দুগৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ইফালে বাট-পথ, ঘৰ-বাৰী পানীত ডুব গৈছে । বহুলোকৰ ঘৰৰ ভিতৰতো এবুকু পৰ্যন্ত পানী । বানত উটি গৈছে পশুধন আৰু বিভিন্ন সা-সম্পত্তি । অনাহাৰে, অনিদ্ৰাই নিশা কটাইছে গাঁওবাসীয়ে ।
ইফালে হঠাৎ অহা বানৰ পিছতে বহুলোকে নিশা সহায়ৰ বাবে চিঞৰ-বাখৰ কৰে যদিও প্ৰশাসন আগবাঢ়ি নাহিল ! পুৱাৰে পৰা এছ ডি আৰ এফ তথা প্ৰশাসনৰ দলে উদ্ধাৰ অভিযানত নামে যদিও বিশাল এলেকাত এই অভিযান পৰ্যাপ্ত হোৱা নাই ।
জলবন্দী শ শ পৰিয়াল, দুজনৰ মৃত্যু
নীপকোৱে ৰঙানদী প্ৰকল্পৰ পানী মুকলি কৰাৰ লগে লগে লখিমপুৰত এক ভয়ংকৰ জলপ্ৰলয় হোৱাৰ আশংকা প্ৰকাশ কৰি এক প্ৰতিবেদন প্ৰচাৰিত হৈছিল ই টিভি ভাৰতত । নিশালৈ সেই আশংকাই সত্য প্ৰমাণিত হ'ল । লগে লগে লখিমপুৰত জলপ্ৰলয়ৰ সৃষ্টি হয় । ৰঙানদীৰ পাৰৰ পাচনৈ এলেকাৰ ভালেখিনি গাঁৱৰ সহস্রাধিক পৰিয়ালৰ ঘৰ-বাৰী পানীত ডুব যায় । বাঢ়নি পানীৰ সোঁতত পাচনৈ এলেকাৰ মূল পথটো প্ৰায় ১০০ মিটাৰ ছিগি যায় ।

এলেকাটোৰ বহু লোকৰ ঘৰো পানীত উটি যায় । সা-সম্পত্তি নষ্ট হোৱাৰ লগতে বহু পশুধনৰো মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । কিন্তু তাতকৈও দুখৰ খবৰটো হ'ল যে এনে পৰিস্থিতিত এগৰাকী লোকৰ মৃত্যু হয় । বানত আৱদ্ধ হৈ ন ভগনীয়াত বীৰেণ পাৱে নামৰ লোকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

ইফালে আমতলা নগৰ গাঁও এলেকাত ৰঙানদীৰ বানে এটা ৰিং বান্ধৰ প্ৰায় ২০০ মিটাৰ ছিগি লৈ যায় । ৰিং বান্ধ ছিগি সোমোৱা পানীয়ে মাজৰ চাপৰি, নেপালী গাঁও, আমতলাকে ধৰি প্ৰায় ৫ খন গাঁও বুৰাই পেলাইছে । পুৱাই বান্ধটো ছিগি এক বিস্তীৰ্ণ অঞ্চলত ৰঙানদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে ।

আনহাতে যোৰহাট ডাম্বুকিয়ালত এজন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । লোকজন ৫৫ বছৰীয়া ৰাজ কুমাৰ টাইড বুলি জানিব পৰা গৈছে । ঘৰৰ চাৰিওফালে পানী জমা হোৱাৰ ফলত ঘৰৰ পৰা ওলাব পৰা নাছিল লোকজন ।
পৰ্যাপ্ত হোৱা নাই উদ্ধাৰ অভিযান
এছ ডি আৰ এফৰ দলে কেইখনমান নাও লৈ পুৱাৰ পৰা জলবন্দী লোকক উদ্ধাৰ কৰিছে যদিও সেয়া পৰ্যাপ্ত হোৱা নাই । জলবন্দী শ শ লোকক কেইখনমান নাৱেৰে উদ্ধাৰ কৰাটো সম্ভৱ নহয় বুলি ৰাইজে অভিযোগ কৰিছে । কিছু অঞ্চলত ৰাইজে কলৰ ভুৰ সাজি আৱদ্ধ লোকক উদ্ধাৰৰ প্ৰয়াস কৰিছে ।

ইফালে কেৱল পাচনৈ অঞ্চলেই নহয় । পহুমৰাৰ বিস্তীৰ্ণ অঞ্চলতো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । আটিচুক এলেকাৰ লগতে অন্য এটা স্থানৰ দুটাকৈ পথ ৰঙানদীৰ বানে ছিগি পেলাইছে । পহুমৰা কিমিন সংযোগী মূল পথৰ ওপৰৰে পানী বাগৰিছে । যাৰ বাবে অৰুণাচলৰ সৈতে যাতায়াত সম্পূর্ণ ব্যাহত হৈ পৰে ।

মাজগাঁও গেন্ধালী আদি এলেকাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতো ৰঙানদীৰ পানীৰ কোবাল সোঁত দেখা গৈছে । খলিহামাৰী মাজগাঁৱকে ধৰি বিশাল অঞ্চলৰ ৪০ খনৰো অধিক গাঁও বানৰ কবলত পৰিছে । চৌদিশে কেৱল হাহাকাৰ পৰিৱেশ । বহুলোকে ঘৰ এৰি সুৰক্ষিত স্থানত আশ্ৰয় লৈছে । একেদৰে খাদ্য আৰু খোৱাপানীৰ নাটনি হোৱা বুলিও জানিব পৰা গৈছে ।

"চৰকাৰে এনকাউণ্টাৰ কৰিলেও কৰক, ৰঙানদীৰ ডেম ভাঙি দিম"
বানপীড়িত ৰাইজে অভিযোগ কৰিছে লখিমপুৰৰ এনে ভয়াৱহ পৰিস্থিতিৰ মূলতে হ'ল নীপকো । নীপকোক কম কমকৈ ৰঙানদী প্ৰকল্পৰ পানী খুলিবলৈ সকলোৱে দাবী জনাই আহিছে যদিও নীপকোৱে কোনো গুৰুত্ব দিয়া নাই । প্ৰকল্পৰ পৰা একেলগে যথেষ্ট পৰিমাণৰ পানী এৰি দিয়াৰ ফলতে এনে মহাপ্ৰলয়ৰ সৃষ্টি হয় । এই সন্দৰ্ভত অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সম্পাদক অনুপম শইকীয়াই কয়, "নীপকোৱে ৰঙানদীৰ পাৰৰ ৰাইজক মাৰিব খুজিছে । কমকৈ পানী খুলিবলৈ ক'লেও নীপকোৱে শুনা নাই । চৰকাৰে আমাক এনকাউণ্টাৰ কৰিলেও কৰিব । আমি নীপকোৰ ডেম ভাঙি দিম ।"

নৈপৰীয়া পাচনৈৰ লগতে পহুমৰাত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইয়াৰ উপৰিও নগৰৰ নামনিৰ দিশে পানী গাঁও, আমতলা আদিতো প্ৰায় ২৫ খন গাঁও বানৰ কবলত পৰিছে ।
যোৰহাট ডাম্বুকিয়ালৰ প্ৰায় ৩০ খনৰো অধিক গাঁও বানৰ কবলত পৰিছে । চৌদিশে কেৱল হাহাকাৰ পৰিস্থিতি । বানপীড়িত ৰাইজে জীৱন, সম্পত্তি ৰক্ষাৰ যুঁজত নামিবলগীয়া হৈছে । এনে ভয়াৱহ পৰিস্থিতিৰ নেপথ্যৰ শক্তি নীপকোক সকলোৱে গৰিহণা দিছে । সমান্তৰালকৈ নীপকোক নিয়ন্ত্রণ কৰিব নোৱাৰা চৰকাৰকো তীব্ৰ সমালোচনা কৰিছে ।