ETV Bharat / state

কপিলী নদীৰ বাঢ়নী পানীয়ে ছিগিলে কামপুৰৰ পটিয়াপামত মথাউৰি

কামপুৰত কপিলী নদীৰ তাণ্ডৱ, পটিয়াপামৰ মথাউৰি ছিঙি জলমগ্ন কেইবাখনো গাঁও । আতংকিত গঞা ।

Flood breaching embankment at Kampur in Nagaon
কপিলীৰ বাঢ়নী পানীয়ে ছিঙিলে কামপুৰৰ মথাউৰি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 1, 2025 at 1:40 PM IST

4 Min Read
Choose ETV Bharat

নগাঁও: খানদং বান্ধৰ চাৰিখনকৈ গেট খুলি দিয়া আৰু বিগত কেইদিন ধৰি হৈ থকা নেৰেনেপেৰা বৰষুণৰ ফলত বৃদ্ধি পোৱা কপিলী নৈৰ জলস্তৰ শনিবাৰৰ পৰাই অতিক্ৰম কৰিছে বিপদসীমা । কপিলী নৈৰ বাঢ়নী পানীয়ে অৱশেষত শনিবাৰে মাজনিশা কামপুৰৰ পটিয়াপামৰ এটা গুৰুত্বপূৰ্ণ মথাউৰি ছিঙি প্লাৱিত কৰে কামপুৰৰ কেইবাখনো ৰাজহ গাঁও । নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ কামপুৰৰ পটিয়াপামত নিশা কপিলী নদীৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়াত এতিয়া আতংকিত হৈ পৰিছে বৃহত্তৰ কমপুৰ অঞ্চলৰ গঞা ।

নিশা কপিলী নদীৰ বাঢ়নী পানীয়ে পটিয়াপামৰ মথাউৰি ছিঙি নিয়াৰ ফলত কপিলী নদীৰ বাঢ়নী পানী হুৰাহুৰে গাঁওবোৰত সোমাবলৈ আৰম্ভ কৰিছে । পটিয়াপামৰ কেইবাখনো গাঁৱত পানী সোমোৱাৰ ফলত স্থানীয় ৰাইজৰ ঘৰ-বাৰী, কৃষি নষ্ট হোৱাৰ আশংকা কৰিছে । কপিলীৰ বাঢ়নী পানীয়ে গাঁওবাসীৰ মাজত আতংকৰো সৃষ্টি কৰিছে । কেৱল এয়াই নহয়, কপিলীৰ বাঢ়নী পানীয়ে পটিয়াপামৰ মথাউৰি ছিঙি পেলোৱাৰ পাছতেই এতিয়া বৃহত্তৰ কামপুৰ অঞ্চলৰ বহু পৰিয়ালেই নিৰাপদ স্থানলৈ স্থানান্তৰিত হোৱাৰো চিন্তা চৰ্চা আৰম্ভ কৰিছে । অৱশ্যে এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে তেনে কোনো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই ।

কপিলীৰ বাঢ়নী পানীয়ে ছিঙিলে কামপুৰৰ মথাউৰি (ETV Bharat Assam)

খানদং জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখনকৈ গেট খুলি দিয়াৰ পাছত কপিলী নদীৰ জলস্তৰ দ্ৰুতগতিত বৃদ্ধি পাইছে । উত্তৰ-পূৰ্বাঞ্চলৰ বৈদ্যুতিক শক্তি নিগমৰ অধীনত থকা এই প্ৰকল্পৰ বান্ধৰ পৰা নিৰ্গত পানীয়ে নদীৰ প্ৰৱাহক তীব্ৰ কৰি তুলিছে । ইয়াৰ লগতে অবিৰাম বৰষুণৰ ফলত কপিলী নদীৰ পানীৰ স্তৰ বৃদ্ধি পাইছে, যাৰ পৰিণতিত পটিয়াপামৰ মথাউৰি ছিঙি যোৱাৰ দৰে ঘটনা সংঘটিত হৈছে ।

কপিলী নদীৰ বাঢ়নী পানীয়ে নিশা পটিয়াপামৰ মথাউৰি ছিঙি পেলোৱাৰ ফলত কামপুৰৰ কেইবাখনো গাঁও প্লাৱিত কৰাৰ উপৰিও কামপুৰ যমুনামুখ লোকনিৰ্মাণ বিভাগৰ পথৰ ওপৰেদিও বাগৰিবলৈ ধৰিছে বাঢ়নী পানী । লোকনিৰ্মাণ বিভাগৰ পথটিৰ ওপৰেদি হুৰাহুৰে পানী সোমোৱাৰ ফলত এই গুৰুত্বপূৰ্ণ পথৰে যাতায়ত ব্যাহত হৈ পৰে ।

কপিলী নদীৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰাৰ উপৰিও এটা গুৰুত্বপূৰ্ণ মথাউৰি ছিঙি নিয়াৰ ফলত অঞ্চলটোৰ গঞা ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে । পটিয়াপামৰ মথাউৰি ছিগি যোৱাৰ পাছত বাঢ়নী পানীয়ে গাঁওবোৰত প্ৰৱেশ কৰাৰ ফলত ৰাইজে ঘৰ-বাৰী হেৰুৱাৰ ভয়ত আতংকিত হৈ পৰিছে । পূৰ্বৰ বানৰ বিভীষিকাৰ স্মৃতি এতিয়াও সতেজ হৈ থকা কমপুৰ অঞ্চলৰ লোকে জলসম্পদ বিভাগৰ পৰা তৎকালীন সহায়ৰ দাবী জনাইছে ।

স্থানীয় ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসম চৰকাৰৰ জলসম্পদ বিভাগ আৰু স্থানীয় বিধায়কৰ পৰা তৎকালীন ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে । পূৰ্বৰ বানৰ সময়তো মথাউৰি মেৰামতিৰ কামত বিশেষ কোনো গুৰুত্ব নিদিয়াৰ লগতে জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিয়াক লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰাজু বৰাই ।

বৰাই ক্ষোভ উজাৰি কয়,“জলসম্পদ বিভাগৰ সময়োচিত ব্যৱস্থাৰ অভাৱত বান বিপৰ্যয়ৰ মাত্ৰা বৃদ্ধি পাইছে । জেঠ মাহৰ প্ৰথমটো বাৰিষাতেই কপিলীৰ বাঢ়নী পানীয়ে ছিঙি নিয়া পটিয়াপামৰ মথাউৰিৰ লগতে ৰাজ্যৰ প্ৰতিটো ভগ্ন মথাউৰি মেৰামতি নকৰিলে ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব । কেৱল অসমৰ সম্পদ লুট কৰিব জনা চৰকাৰে অসমৰ সমস্যা সমাধান কৰিব নোৱাৰে ।”

মথাউৰিৰ তৎকালীন মেৰামতি, বানৰ পৰা সুৰক্ষাৰ বাবে শক্তিশালী বান্ধ নিৰ্মাণ আৰু জলমগ্ন গাঁওবাসীৰ বাবে ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰাজু বৰাই । পটিয়াপামৰ মথাউৰি মেৰামতিৰ নামত চৰকাৰে আবন্টন দিয়া ধনেৰে ঠিকাদাৰে অনিয়ম সংঘটিত কৰাৰ ফলতেই বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়াৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে । কামপুৰৰ কপিলী নৈৰ বাঢ়নী পানীয়ে পটিয়াপামৰ মথাউৰি ছিগি নিয়াৰ পাছত এতিয়া ভয়াৱহ বান পৰিস্থিতিৰ শংকাত কটাইছে কামপুৰবাসীয়ে ।

লগতে পঢ়ক: জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান: পশু-পক্ষীৰ বিলৈ আৰম্ভ - ASSAM FLOOD 2025

হঠাৎ আহিল বান: এবুকু পানীত নামি পূৰঠ নোহোৱা ধানকে কাটিলে কৃষকে - ASSAM FLOOD 2025