ETV Bharat / state

ৰেমল : নুৰে 14 খন বিমান, নুঘূৰে কেইবাখনো ৰে’লৰ চকা - Cyclone Remal

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 8:03 PM IST

Cyclone Remal Updates : ৰেড এলাৰ্ট জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত বিশেষ সৰ্তকতাৰ বাবে কেবাখনো বিমান আৰু ৰে’লৰ যাত্ৰা বাতিল ৷ গুৱাহাটীৰ পৰা কলকাতালৈ যাবলগীয়া চৈধ্যখন বিমানৰ সেৱা বাতিল কৰা হৈছে ৷

Cyclone Remal Updates
কেবাখনো বিমান আৰু ৰে’ল যাত্ৰা বাতিল (ETV BHARAT ENGLISH DESK)

গুৱাহাটী, 27 মে' : বতৰ বিজ্ঞান বিভাগে পশ্চিমবংগ আৰু বাংলাদেশৰ উপকূলত ৰেমল সামুদ্ৰিক ঘূৰ্ণিবতাহৰ বাবে আজি আৰু কাইলৈ ৰেড এলাৰ্ট জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত বিশেষ সৰ্তকতাৰ বাবে কেবাখনো বিমান আৰু ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে ৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ কৰ্তৃপক্ষই সামুদ্ৰিক ঘূৰ্ণিবতাহৰ পৰিপ্ৰেক্ষিতত বৰঝাৰ বিমান বন্দৰৰ পৰা বাতিল কৰিছে কলকাতালৈ যোৱা কেবাখনো বিমানৰ যাত্ৰা ৷

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ কৰ্তৃপক্ষই সদৰী কৰা মতে গুৱাহাটীৰ পৰা কলকাতালৈ যাবলগীয়া চৈধ্যখন বিমানৰ উৰণ বাতিল কৰা হৈছে ৷ ইয়াৰে ইণ্ডিগ’ৰ আঠখন, এলায়েঞ্চ এয়াৰৰ চাৰিখন, এয়াৰ ইণ্ডিয়াৰ এখন আৰু স্পাইছজেটৰ এখন বিমানৰ যাত্ৰা বাতিল কৰা হৈছে ৷ ইফালে উত্তৰ পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই সদৰী কৰা মতে, সোমবাৰ আৰু মঙলবাৰৰ বাবে শিলিগুৰি-ধুবুৰী ইণ্টাৰচিটি এক্সপ্ৰেছ, ট্ৰেইন নং. 15777/78 ইণ্টাৰচিটি এক্সপ্ৰেছ, ট্ৰেইন নং. 15767/68 ইণ্টাৰচিটি এক্সপ্ৰেছ, ট্ৰেইন নং. 15703 নিউ জলপাইগুৰি -বঙাইগাঁও ইণ্টাৰচিটি এক্সপ্ৰেছ, ট্ৰেইন নং 15615/16 (গুৱাহাটী-শিলচৰ-গুৱাহাটী) এক্সপ্ৰেছ, ট্ৰেইন নং. 15664/63 শিলচৰ-আগৰতলা ইণ্টাৰচিটি এক্সপ্ৰেছ, ট্ৰেইন নং. 05682 শিলচৰ যাত্ৰীবাহী, ট্ৰেইন নং. 05659 শিলচৰ যাত্ৰীবাহী, ট্ৰেইন নং. 05683 (মাইশান-শিলচৰ) যাত্ৰীবাহী ৰে 'ল, ট্ৰেইন নং. 05688 (শিলচৰ-দুল্লাবচেৰা) যাত্ৰীবাহী ৰে’লৰ চলাচল বাতিল কৰিছে ৷

লগতে ট্ৰেইন নং. 05638 (শিলচৰ-নাহৰলগুন) এক্সপ্ৰেছ, ট্ৰেইন নং. 05637 (নাহৰলগুন-শিলচৰ) এক্সপ্ৰেছ, ট্ৰেইন নং. 15704 (বঙাইগাঁও-নিউ জলপাইগুৰি) এক্সপ্ৰেছৰ যাত্ৰা বাতিল কৰা হৈছে ৷ আকৌ ট্ৰেইন নং. 05421/22 (মালদা টাউন-বালুৰঘাট-মালদা টাউন) এক্সপ্ৰেছ, ট্ৰেইন নং. 15464/63 ইণ্টাৰচিটি এক্সপ্ৰেছ, ট্ৰেইন নং. 15467 ইণ্টাৰচিটি এক্সপ্ৰেছ, ট্ৰেইন নং. 15723/24 ইণ্টাৰচিটি এক্সপ্ৰেছ, ট্ৰেইন নং. 07520 ডেমু যাত্ৰা বাতিল কৰা‌ হৈছে ৷

লগতে পঢ়ক : অসমৰ দিশে আহি আছে ৰেমল, ৰাজ্যত জাৰি ৰেড এলাৰ্ট - Red Alert In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.