ETV Bharat / state

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰ হাৰত জিলিকিল কেইবাখনো শিক্ষানুষ্ঠান - Assam HS Result 2024

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 10:05 PM IST

AHSEC Assam 12th Result : আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বেচৰকাৰী শিক্ষানুষ্ঠানৰ সমান্তৰালকৈ একাংশ চৰকাৰী শিক্ষানুষ্ঠানেও এশ শতাংশ উত্তীৰ্ণেৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ বিদ্যালয়সমূহত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷

ASSAM HS RESULT DECLARED
ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল (ETV BHARAT ASSAM)
একাংশ শিক্ষানুষ্ঠানত এশ শতাংশ উত্তীৰ্ণৰ হাৰ (ETV BHARAT ASSAM)

নিউজ ডেস্ক 9 মে’ : বহু প্ৰত্যাশাৰ অন্তত আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত নলবাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠানৰ সমান্তৰালকৈ একাংশ চৰকাৰী শিক্ষানুষ্ঠানেও এশ শতাংশ উত্তীৰ্ণেৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ এশ শতাংশ উত্তীৰ্ণৰ হাৰেৰে জিলিকিল পশ্চিম নলবাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় ৷ ইয়াকে লৈ বিদ্যালয়খনত সৃষ্টি হয় এক উৎসৱ মুখৰ পৰিৱেশ ৷

বিদ্যালয়খনৰ মুঠ 68 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ আজি ঘোষিত ফলাফলত আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ একেৰাহে দ্বিতীয়বাৰলৈ বিদ্যালয়খনৰ এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাত এতিয়া অঞ্চলটোৰ লগতে শিক্ষানুষ্ঠানখনত আনন্দৰ পৰিৱেশে বিৰাজ কৰে ৷

ইফালে আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পিচত ওদালগুৰিৰ টংলা পায়নিয়াৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত এক উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হয় ৷ এই পৰীক্ষাত বিদ্যালয়খনৰ ছাত্ৰী হিয়া কাশ্যপে আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰি দুটা বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈও সক্ষম হৈছে ৷ উল্লেখ্য যে বিগত বৰ্ষৰ দৰে বিদ্যালয় খনে এশ শতাংশ উত্তীৰ্ণৰে বৃহত্তৰ টংলা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

আনহাতে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শিলঘাট অশোকাষ্টমী মেলা সমিতিয়ে প্ৰতিষ্ঠা কৰা বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ চকুত লগা ফলাফল ৷ আৰ্থিকভাৱে পিচপৰা ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান দিয়াৰ লক্ষ্যৰে শিলঘাট অশোকাষ্টমী মেলা কমিটীয়ে 2015 বৰ্ষত প্ৰতিষ্ঠা কৰিছিল কন্যকাশ্ৰম কনিষ্ঠ মহাবিদ্যালয় ৷ এইবাৰ বিদ্যালয়খনৰ 30 জন ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উৰ্ত্তীণ হৈছে ৷ ইয়াৰে প্ৰথম বিভাগত 10 জন, দ্বিতীয় বিভাগত 18 জন আৰু তৃতীয় বিভাগত 2জন উত্তীৰ্ণ হৈছে ৷ উল্লেখযোগ্য যে, বিদ্যালয়খনৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ নাইবা নূন্যতম মাচুলেৰে পঢ়াৰ সুবিধা লাভ কৰি আহিছে ৷

লগতে পঢ়ক : 100% উত্তীৰ্ণৰ হাৰ : উৎফুল্লিত নলবাৰীৰ অসম ভেলী একাডেমী জুনিয়ৰ কলেজ - Assam HS Result 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.