ETV Bharat / state

কাজিৰঙাত বছৰৰ প্ৰথমটো গঁড় হত্যা, উদ্ধাৰ খৰ্গহীন মৃতদেহ

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 8:15 PM IST

Rhino poaching : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত উদ্ধাৰ খৰ্গহীন গঁড়ৰ মৃতদেহ ৷ চোৰাং চিকাৰীয়ে গুলীয়াই হত্যা কৰে প্ৰাপ্তবয়স্ক মাইকী গঁড়জনী ৷

Rhino killed
খৰ্গহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ

কাজিৰঙাত পুনৰ গঁড় হত্যা

কাজিৰঙা, 22 জানুৱাৰী : সমগ্ৰ দেশৰ লগতে অসমো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ ব্যস্ত থকাৰ মাজতে কাজিৰঙাত উদ্ধাৰ হৈছে গঁড়ৰ মৃতদেহ ৷ লক্ষণীয়ভাৱে আজি উদ্ধাৰ হোৱা মৃত গঁড়জনীৰ দেহত নাছিল খৰ্গ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ তথাকথিত কটকটীয়া নিৰাপত্তা বেষ্টনী ওফৰাই হত্যা কৰা হ’ল প্ৰাপ্তবয়স্ক মাইকী গঁড়জনী ৷ কাজিৰঙাৰ সুৰক্ষাৰ বাবে আৰক্ষী-বন বিভাগে নিত্য নতুন পৰিকল্পনা কৰি থকাৰ মাজতে চোৰাং চিকাৰীয়ে গুলীয়াই গঁড় হত্যা কৰি খৰ্গ কাটি উধাও হ’বলৈ সক্ষম হয় ৷

কাজিৰঙাৰ বন বিভাগৰ সূত্ৰই জনোৱা অনুসৰি, দেওবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ মাকলুং বন শিবিৰ এলেকাত চোৰাং চিকাৰীয়ে গুলীয়াই হত্যা কৰে প্ৰাপ্তবয়স্ক মাইকী গঁড়জনী ৷ তাৰ পাছতেই চোকা অস্ত্ৰৰে মৃত গঁড়জনীৰ খৰ্গটো কাটি উধাও হয় চোৰাং চিকাৰীৰ দল ৷ ইফালে আজি পুৱা তহলদাৰী বনকৰ্মীয়ে উদ্ধাৰ কৰে মৃত খৰ্গহীন গঁড়ৰ দেহটো ৷ উল্লেখ্য যে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বছৰৰ প্ৰথমটো মাহতেই যেন চোৰাং চিকাৰীয়ে প্ৰত্যাহ্বান জনালে সদা সষ্টম বন বিভাগক ৷

বছৰটোৰ প্ৰথমটো গঁড় হত্যাৰ ঘটনাই স্বাভাৱিকতে প্ৰকৃতিপ্ৰেমী সকলক মনোকষ্ট দিছে ৷ আনহাতে আজি পুৱা 8 মান বজাত মৃত খৰ্গহীন গঁড়ৰ দেহ উদ্ধাৰ হোৱাৰ পাচতেই ঘটনাস্থলীলৈ ৰাওনা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক ড৹ সোণালী ঘোষ ৷ ঘটনাস্থলীৰ লগতে সামগ্ৰিক এলেকাটোত অভিযান চলোৱাৰ লগতে গঁড় হত্যাত জড়িত লোকক বিচাৰি উলিয়াবলৈ তদন্ত অব্যাহত ৰাখিছে বন বিভাগে ৷

শেহতীয়াকৈ বহু বনকৰ্মীক কাজিৰঙাৰ সুৰক্ষাৰ দায়িত্বত মকৰল কৰা হৈছে ৷ তদুপৰি আৰক্ষীৰ লোকেও ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ দায়িত্বত ব্ৰতী হৈছে ৷ চৰকাৰী পক্ষৰ এই সমস্ত নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত গুলীয়াই গঁড় হত্যা কৰি খৰ্গ কাটি চোৰাং চিকাৰী কেনেকৈ উধাও হ’বলৈ সক্ষম হৈছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷ তথ্য অনুসৰি, পূৰ্বতে খৰ্গৰ চোৰাং বেপাৰত বিভিন্ন বনকৰ্মী জড়িত থকাৰ নজিৰ আছে ৷ তেনেস্থলত এইবাৰৰ গঁড় হত্যাৰ বিষয়টোতো কোনোবা জড়িত থাকিব পাৰে নেকি বুলি বিভিন্ন মহলত সন্দেহৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : ৰামক বাদ দি ৰাৱণৰ কথা উল্লেখ কৰা উচিত নহয় : কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.